অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বিপৰীতাৰ্থক শব্দ

কোনো শব্দৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দকে বিপৰীতাৰ্থক শব্দ বা বিপৰীত শব্দ বোলা হয়। যেনে: ভাল-বেয়া, দিন-ৰাতি আদি।

হালনাগাদ: ২২ মে’ ২০২৫ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৩৫
সংশোধনৰ পৰামৰ্শ

কোনো শব্দৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দকে বিপৰীতাৰ্থক শব্দ বা বিপৰীত শব্দ বোলা হয়।১ যেনে: ভাল-বেয়া, দিন-ৰাতি আদি।

বিপৰীত শব্দৰ উদাহৰণ

  • অণু - বৃহৎ
  • অনুগ্ৰহ - নিগ্ৰহ
  • অভ্যাস - অনভ্যাস
  • অসভ্য - সভ্য
  • অভাৱ - উভৈনদী
  • আদান - প্ৰদান
  • আদি - অন্ত
  • ইহকাল - পৰকাল
  • অনুৰাগ - বিৰাগ
  • আপোন - পৰ
  • কেতিয়া - যেতিয়া
  • আৰম্ভ - শেষ
  • আচামী - ফৰিয়াদী
  • আপদ - নিৰাপদ / সম্পদ
  • আদৰ - অনাদৰ
  • আশা - নিৰাশা
  • ইষ্ট - অনিষ্ট
  • ইচ্ছা - অনিচ্ছা
  • ইহলোক - পৰলোক
  • ইতি - আৰম্ভণি
  • উচ্চ - নীচ
  • উন্নতি - অধোন্নতি,অৱনতি
  • উন্নত - অনুন্নত
  • ওখ - চাপৰ / চুটি
  • ভয় - অভয়,নিৰ্ভয়,সাহ
  • জয় - পৰাজয়
  • জন্ম - মৃত্যু
  • জাৰ - জহ
  • আনন্দ - নিৰানন্দ
  • টান - ঢিলা
  • মিঠা - তিতা
  • ওপৰ - তল
  • যশ - অপযশ
  • বাদী - বিবাদী
  • প্ৰচুৰ - অলপ
  • হৰণ - পূৰণ
  • সোঁ - বাঁও
  • নগদ - বাকী
  • ৰজা - প্ৰজা
  • দীঘল - চুটি / চাপৰ
  • আকাশ - পাতাল
  • পাপ - পুণ্য
  • গাঁও - চহৰ / নগৰ
  • গভীৰ - তৰাং
  • আয়তী - বিধৱা

অধিক বিপৰীত শব্দৰ বাবে চাওক

তথ্যসূত্ৰ

  1. ↑ বিপৰীতাৰ্থক শব্দ. piassam.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ব্যাকৰণব্যাকৰণপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপৰীতাৰ্থক শব্দ” প্ৰবন্ধৰ সংশোধন ৫১১২৪৭ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।