অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বিজ্ঞান লেখকৰ হাতপুথি

বিজ্ঞান লেখকৰ হাতপুথি গ্ৰন্থখনৰ লিখক আৰু সম্পাদক দীনেশ চন্দ্ৰ গোস্বামী৷ গ্ৰন্থখন ২০০৩ চনৰ নৱেম্বৰ মাহত অসম বিজ্ঞান সমিতি যোৰহাট শাখাৰ সহযোগত প্ৰকাশ হৈছে। গ্ৰন্থখন অসমীয়া ভাষা-সাহিত্যৰ শিকাৰুৰ বাবে এখন ব্যৱহাৰিক শিক্ষা বিষয়ক হাতপুথি।

হালনাগাদ: ৪ মে’ ২০২৬ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বিজ্ঞান লেখকৰ হাতপুথি গ্ৰন্থখনৰ লিখক আৰু সম্পাদক দীনেশ চন্দ্ৰ গোস্বামী৷ গ্ৰন্থখন ২০০৩ চনৰ নৱেম্বৰ মাহত অসম বিজ্ঞান সমিতি যোৰহাট শাখাৰ সহযোগত প্ৰকাশ হৈছে।১ গ্ৰন্থখন অসমীয়া ভাষা-সাহিত্যৰ শিকাৰুৰ বাবে এখন ব্যৱহাৰিক শিক্ষা বিষয়ক হাতপুথি। অসমীয়া ভাষাৰ ব্যৱহাৰ, সাহিত্য সৃষ্টিৰ বাবে প্ৰয়োজন হোৱা প্ৰাথমিক ধাৰণা, যতি-চিহ্নৰ ব্যৱহাৰ, লেখা একোটা পৰিষ্কাৰকৈ আৰু বিশুদ্ধভাৱে লিখাৰ কৌশল অনুবাদ, সম্পাদনা ৰীতি, আৰ্হি কাকত নিৰীক্ষণ আদি বিভিন্ন বিষয়বোৰ গ্ৰন্থখনত আলোচনা কৰা হৈছে।২

লেখকৰ পৰিচয়

ড॰ দীনেশ চন্দ্ৰ গোস্বামী অসমৰ এগৰাকী বিজ্ঞানী, সাহিত্যিক, নাট্যকাৰ আৰু ঘাইকৈ জনপ্ৰিয় বিজ্ঞান আৰু কল্পবিজ্ঞান, গল্প-উপন্যাস-অনাতাঁৰ নাটক আদিৰ লিখক। ড॰ গোস্বামীয়ে যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰৰ বিজ্ঞানী আৰু সঞ্চালকৰ উপদেষ্টা হিচাপে অৱসৰ গ্ৰহণ কৰিছে।৩ গোস্বামী ‘শৰাইঘাট অভিধান’ৰ সম্পাদক। তেখেতৰ ছদ্মনাম হৈছে দিগন্ত গোস্বামী। ৪

গ্ৰন্থখনৰ বিৱৰণ

গ্ৰন্থখনত সন্নিৱিষ্ট বিষয়বোৰৰ শিৰোনামবোৰ এনেধৰণৰ- লেখাৰ নিয়ম, বিষয় আৰু প্ৰক্ৰিয়া বিষয়, কি নাম দিম, বিজ্ঞানৰ লেখনীৰ সাজসজ্জা, সমলৰ উৎস, উৎসৰ সন্ধান, লেখাৰ প্ৰক্ৰিয়া,কুঁৱলী কুঁৱলী ভাষা, How to Write Clearly, চৰ্বিতচৰ্বণ, How to Write with Style, সম্পাদনাৰ প্ৰয়োজন, পাণ্ডুলিপি প্ৰস্তুতি, আমাৰ ভাষাটোত আটাইতকৈ বেছিকৈ বানান ভুল হোৱা এশটা শব্দ, যতি-চিহ্নৰ ব্যৱহাৰ How to Punctuate, প্ৰুফ চাওঁতাৰ চিনবোৰ প্ৰুফ চোৱাৰ অভ্যসন, গৃহ ৰীতি, কপি সম্পাদনা, ৰেডিঅ'ৰ বাবে লেখা, টিভিৰ বাবে লেখা, বক্তৃতা দিয়াৰ কলা, সুদক্ষ উপস্থাপনৰ কলা নিক'লাছ বাচ কল্পবিজ্ঞান কাহিনী, উচ্চাৰণ, অনুবাদ লেখকৰ আদৰ্শ আৰু নীতি, অভ্যসন 'আখৰৰ টাইপ আৰু আকাৰ, কাগজৰ আকাৰ আদি। এই শিৰোনামবোৰৰ অন্তৰ্গত প্ৰবন্ধবোৰত আলোকচিত্ৰসহ বিষয়ৰ সহজ-সৰল বৰ্ণনা কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ বিজ্ঞান লেখকৰ হাতপুথি. scientiabooks
  2. ↑ ৰমেশ চন্দ্ৰ গোস্বামী. বিজ্ঞানভিত্তিক অসমীয়া শিশু সাহিত্যৰ বিকাশৰ অন্তৰায়. অন্যযুগ
  3. ↑ অনুবাদ-দীনেশ চন্দ্ৰ গোস্বামী. (১৯৯৯). মহাকাশচাৰী
  4. ↑ বিনয় মোহন শইকীয়া. (২০১৮). দীনেশ চন্দ্ৰ গোস্বামী. বান্ধৱ. পৃ. ৪

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজ্ঞান লেখকৰ হাতপুথি” প্ৰবন্ধৰ সংশোধন ৬০৪৩৫১ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।