আইৱানোছ অডাফেন (Aiwanose Odafen)নাইজেৰিয়াৰ এগৰাকী নাৰীবাদী লেখিকা৷ তেওঁ নাইজেৰিয়াৰ লাগোছত জন্মগ্ৰহণ কৰিছিল। ২০২২ চনত তেওঁৰ প্ৰথম উপন্যাস টুম'ৰ' আই বিকম এ ৱমেন আৰু ২০২৪ চনত দ্বিতীয়খন উপন্যাস উই ৱেৰ গাৰ্লছ ৱানছ প্ৰকাশিত হয়।১২নাইজেৰিয়ান তুৰ্কী আন্তঃৰাষ্ট্ৰীয় কলেজত পঢ়ি ২০০৯ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। হাইস্কুলৰ ছাত্ৰী হিচাপে নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক লাভ কৰে। ২০১৩ চনত ক'ভেনেণ্ট বিশ্ববিদ্যালয়ৰ পৰা একাউণ্টিঙত প্ৰথম শ্ৰেণীৰ ডিগ্ৰী লাভ কৰি একাউণ্টিং বিভাগ, স্কুল অৱ বিজনেছ আৰু কলেজ অৱ ডেভেলপমেণ্ট ষ্টুডেণ্টৰ শ্ৰেষ্ঠ স্নাতক ছাত্ৰৰ সন্মান লাভ কৰে।৩
কৰ্মজীৱন
অডাফেন যুক্তৰাজ্যৰ এছ’চিয়েশ্যন অৱ চাৰ্টাৰ্ড চাৰ্টিফাইড একাউণ্টেণ্টছৰ তেওঁ এজন প্ৰমাণিত একাউণ্টেণ্ট। ২০১৫ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰে।৪ স্নাতক হোৱাৰ পিছত তেওঁ বিভিন্ন উদ্যোগত পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।তেওঁৰ চুটিগল্প ফেচছ ২০২০ চনৰ কমনৱেলথ চুটিগল্প বঁটাৰ বাবে লংলিষ্টত তালিকাভুক্ত হৈছিল।৫৬৭৮৯১০
২০২০ চনত তেওঁৰ প্ৰথম উপন্যাস টুম'ৰ' আই বিকম এ ৱমেন'-এ চাইমন এণ্ড শ্বুষ্টাৰ ইউ কেব্ৰিটল পেপাৰৰ সহযোগী কোম্পানী স্ক্ৰিবনাৰ ইউ কেয়ে তিনিখন কিতাপৰ চুক্তিত অধিগ্ৰহণ কৰে।১ ২০২২ চনত প্ৰকাশিত এই উপন্যাসখনে সমগ্ৰ নাইজেৰিয়া আৰু মহাদেশতে স্বীকৃতি লাভ কৰিছিল। ইয়াক ২০২২ চনৰ ব্ৰিটল পেপাৰৰ ১০০ খন উল্লেখযোগ্য আফ্ৰিকান উপন্যাসৰ ভিতৰত অন্যতম,১১ অ'পেনকান্ট্ৰী মেগাজিনৰ ২০২২ চনৰ ৬০ খন উল্লেখযোগ্য কিতাপ১২ আৰু ২০২২ চনৰ আফ্ৰ'ক্ৰিটিকৰ শীৰ্ষ ২৫ খন আফ্ৰিকান উপন্যাসৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হৈছিল।১৩ ই শৈক্ষিক গৱেষণা পত্ৰৰ বিষয় হৈ আহিছে আৰু জাৰ্মানীৰ অট্টো-হান-জিমনেছিয়াম বেন্সবাৰ্গকে ধৰি বিদ্যালয়ত পঢ়োৱা হৈছে।
২০২২ চনত অডাফেনে আফ্ৰিকান মহিলাসকলৰ নাৰীৰ অধিকাৰ আৰু সৱলীকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ দেশৰ কৃতিত্বৰ বিষয়ে গল্প সংকলন আই এম এডোনাত অৰিহণা যোগায়। সংকলনত ২০২০ চনত বিবিচি ৱৰ্ল্ড নিউজৰ কমলা ডুমৰ বঁটা লাভ কৰা ভিক্টোৰিয়া ৰুবাদিৰীকে ধৰি বিভিন্ন ধৰণৰ মহিলাৰ লেখা সন্নিবিষ্ট কৰা হৈছে যিসকলে নিজৰ ক্ষেত্ৰখনৰ অগ্ৰণী ভূমিকা পালন কৰিছে৷ তাৰ ভিতৰত বটছৱানাৰ প্ৰথম টেড ফেলো আৰু এলজিবিটি কৰ্মী কেটলেগো কে কোলানয়ানে-কেছুপিলে আদি৷
তেওঁৰ দ্বিতীয়খন উপন্যাস We Were Girls Once ২০২৪ চনৰ ২৫ এপ্ৰিলত প্ৰকাশ পায়।২ইচেল আলোচনীয়ে ইয়াক "চোকা, অলংকৃত আৰু অক্ষমাশীল" বুলি বৰ্ণনা কৰিছে আৰু উকামাকা অলিছাকৱেই কয় যে "এই ধৰণৰ ম্লান প্ৰতিফলনক আলোড়িত কৰিবলৈ এজন মনোযোগী লেখকৰ নিপুণ মন লাগে"।১৪
তথ্যসূত্ৰ
- ↑ Odafen, Aiwanose. (2023-03-02). Tomorrow I Become a Woman. Scribner. ISBN 978-1-3985-0614-5
- ↑ An interview with Aiwanose Odafen. AFREADA
- ↑ (22 January 2025). Aiwanose Odafen. aiwanose.com
- ↑ Aiwanose Odafen · Saïd Business School. www.sbs.ox.ac.uk
- ↑ Aiwanose Odafen. metatags.io
- ↑ Aiwanose Odafen. Ouida Books
- ↑ Odafen, Aiwanose. (2022-05-06). Conversations tend to change Aiwanose Odafen's mind, not books.. The Republic
- ↑ Curtis Brown. www.curtisbrown.co.uk
- ↑ College, Green Templeton; Parrott, Nick. (2022-04-28). Aiwanose Odafen releases debut novel. Green Templeton College
- ↑ (2023-03-13). Aiwanose Odafen: Documenting Women's Realities, Through Authentic Storytelling - Radr Africa. radrafrica.com
- ↑ 100 Notable African Books of 2022. brittlepaper.com
- ↑ (2022-12-29). African Literature: The 60 Notable Books of 2022. Open Country Mag
- ↑ (2022-12-04). Afrocritik Top 25 African Novels of 2022
- ↑ (2024-02-08). We Were Girls Once · Aiwanose Odafen. Isele Magazine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইৱানোজ অডাফেন” প্ৰবন্ধৰ সংশোধন ৪৮৭২৬৫ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।