১৯৭০ চনৰ মাজভাগৰ পৰা অষ্ট্ৰিয়াত মহিলাৰ আইনী অৱস্থাৰ উন্নতি ঘটিছিল। নাৰীৰ অধিকাৰৰ সন্দৰ্ভত অষ্ট্ৰিয়াত কেৱল সমঅধিকাৰ থকাতকৈ দুয়োটা লিংগৰ সম ব্যৱহাৰৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে। এইদৰে অষ্ট্ৰিয়াৰ মহিলাসকলে তেওঁলোকৰ চৰকাৰে লিংগ-নিৰ্দিষ্ট বোজাৰ বৈষম্যৰ ক্ষতিপূৰণৰ প্ৰচেষ্টাৰ দ্বাৰা লাভৱান হয়। কিন্তু ৰোমান কেথলিক ধৰ্মৰ দ্বাৰা প্ৰভাৱিত পৰম্পৰাগত ভূমিকাৰ ধাৰণা এতিয়াও অষ্ট্ৰিয়াৰ সমাজত প্ৰচলিত।
ভোটাধিকাৰ
১৮৪৮ চনৰ বিপ্লৱৰ সময়ত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণ উন্নত কৰাৰ প্ৰথম প্ৰচেষ্টা উইনাৰ ডেম’ক্ৰেটিচাৰ ফ্ৰাউনভেৰেইনে কৰিছিল যদিও এই সংগঠনটো অল্পকালীন আছিল।
১৮৯৩ চনত Allgemeiner Österreichischer Frauenverein গঠন হোৱাৰ লগে লগে ভোটাধিকাৰৰ বাবে সংগ্ৰাম নতুনকৈ আৰম্ভ হয়।
১৯১৯ চনত হাবছবাৰ্গ ৰাজতন্ত্ৰ ভাঙি যোৱাৰ পিছত মহিলাৰ ভোটাধিকাৰ প্ৰদান কৰা হয়।১
বিবাহ আৰু পাৰিবাৰিক জীৱন
ইউৰোপৰ আন দেশৰ দৰেই পৰম্পৰাগতভাৱে পত্নীৰ ওপৰত স্বামীৰ আইনী কৰ্তৃত্বৰ ওপৰত ভিত্তি কৰি বিবাহ কৰা হৈছিল। ১৯৭০ চনৰ শেষৰ ফালে বিবাহিত মহিলাৰ স্বাধীনতা আইনগতভাৱে বাধাপ্ৰাপ্ত আছিল।২১৯৮৯ চনত অষ্ট্ৰিয়াই বৈবাহিক ধৰ্ষণক অবৈধ কৰি তুলিছিল। ৩ ব্যভিচাৰক অপৰাধমুক্ত কৰি ১৯৯৭ চনত অষ্ট্ৰিয়া শেষৰ পশ্চিমীয়া দেশসমূহৰ ভিতৰত অন্যতম হৈ পৰে। ৪২০০৪ চনত বৈবাহিক ধৰ্ষণ ৰাজ্যিক অপৰাধত পৰিণত হয় অৰ্থাৎ পত্নীৰ অভিযোগৰ অনুপস্থিতিতো ইয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰই গোচৰ চলাব পাৰে, যাৰ পদ্ধতি অচিনাক্ত ধৰ্ষণৰ দৰেই।৫
বিগত বছৰসমূহত নতুন নতুন জীৱনশৈলীৰ উন্মেষ ঘটিছে, আৰু অবিবাহিত সহবাস বৃদ্ধি পাইছে-কিয়নো যুৱসমাজৰ অধিকসংখ্যকেই পৰম্পৰাগত পদ্ধতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ২০০৮ চনৰ ইউৰোপীয় মূল্যবোধৰ অধ্যয়ন (EVS)ত "বিবাহ এটা পুৰণি প্ৰতিষ্ঠান" শীৰ্ষক সিদ্ধান্তটোৰ লগত একমত হোৱা অষ্ট্ৰিয়াৰ উত্তৰদাতাৰ শতকৰা হাৰ আছিল ৩০.৫%,৬ আৰু ২০১২ চনলৈকে ৪১.৫% সন্তানৰ জন্ম বিবাহ-বৰ্হিভূত আছিল। ৭ মুঠ প্ৰজননৰ হাৰ ১.৪৬ শিশু/মহিলা (২০১৫ চনৰ হিচাপত),৮ আনহাতে প্ৰতিস্থাপনৰ হাৰ ২.১।৯
আন্তঃগাঁথনিৰ পৰিৱৰ্তন
১৯৯০ চনৰ আৰম্ভণিতে ভিয়েনাত পথচাৰীৰ যাতায়ত আৰু ৰাজহুৱা পৰিবহণৰ বেছিভাগেই মহিলাৰ দ্বাৰা পৰিচালিত হৈছিল। ইভা কাইলে ১৯৯১ চনত “Who Owns Public Space – Women’s Everyday Life in the City”ৰ আয়োজন কৰিছিল৷ ইয়াৰ ফলত ভিয়েনাৰ নগৰ পৰিকল্পনাৰ পৰিৱৰ্তন ঘটিল। চহৰখনে ৰূপায়ণ কৰা কিছুমান পৰিৱৰ্তনৰ ভিতৰত ফুটপাথ বহল কৰা আৰু কিছুমান বিশেষ অঞ্চলত পথচাৰীৰ বাবে ওভাৰপাছ সংযোজন কৰা আদি অন্তৰ্ভুক্ত।
ভিয়েনাই ফ্ৰাউৱেন-ৱেৰ্ক-ষ্টাড্ট নামৰ প্ৰকল্পটো আৰম্ভ কৰিছিল, যিটো প্ৰকল্প আছিল মহিলা স্থপতিবিদসকলে মহিলাৰ প্ৰয়োজনীয়তা পূৰাবলৈ প্ৰস্তুত কৰা গৃহ নিৰ্মাণৰ কাৰ্যসূচী। এই কমপ্লেক্সসমূহত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ লগতে স্থানীয় সুবিধাসমূহ, যেনে-কিণ্ডাৰগাৰ্টেন আৰু ফাৰ্মাচীৰ সুবিধাও সহজে উপলব্ধ। ভিয়েনাৰ সফলতাৰ পিছত মহিলাসকলক সহায় কৰাৰ ওপৰত অধিক গুৰুত্ব দি একেধৰণৰ প্ৰচেষ্টা চলোৱা হৈছিল।১০
আন্তঃগাঁথনিৰ পৰিৱৰ্তনে পথচাৰীৰ যাতায়ত যথেষ্ট বৃদ্ধি কৰাৰ কাম কৰিছিল। ফলত ৰাজপথবোৰ সম্ভাৱ্য অপৰাধৰ সাক্ষীৰে অধিকভাৱে ভৰি পৰিছিল। ইয়াৰ ফলত ৰাজহুৱা স্থানত সংঘটিত হোৱা সৰু সৰু অপৰাধৰ পৰিমাণ হ্ৰাস পাইছিল।১১
লিণ্ডা মেকড’ৱেলে যুক্তি দিছিল যে এনে প্ৰচেষ্টা বিপৰীতমুখী, আৰু এনে প্ৰচেষ্টাই ভিয়েনাৰ দৰে স্থানত বৰ্তমানৰ শ্ৰেণী সংগ্ৰামসমূহ বঢ়াবলৈহে প্ৰৰোচিত কৰে। মেকড’ৱেলৰ মূল যুক্তি হ’ল এই প্ৰচেষ্টাসমূহে মহিলাৰ অধিকাৰ তথা দৰিদ্ৰতাক সতৰ্কতাৰে অনুধাৱন কৰা নাছিল৷১২
তথ্যসূত্ৰ
- ↑ 85 Jahre allgemeines Frauenwahlrecht in Österreich. Österreichische Nationalbibliothek
- ↑ Contemporary Western European Feminism, by Gisela Kaplan, p. 133
- ↑ Legislation in the member States of the Council of Europe in the field of violence against women. Bizkaia.net
- ↑ Reimann, Anna; Freudenreich, Daniel. (10 September 2004). Debatte über Untreue-Gesetz: Noch 1997 drohte Österreichs Ehebrechern Gefängnis. Der Spiegel
- ↑ The Secretary Generals database on violence against women. Sgdatabase.unwomen.org
- ↑ zacat.gesis.org/webview/index.jsp?study=http%3A% See: Variable Description - Family - Q 45
- ↑ zacat.gesis.org/webview/index.jsp?study=http%3A% See: Variable Description - Family - Q 45
- ↑ Eurostat - Tables, Graphs and Maps Interface (TGM) table. ec.europa.eu
- ↑ CIA - The World Factbook -- Rank Order - Total fertility rate. www.cia.gov
- ↑ How Vienna designed a city for women. Apolitical
- ↑ Whitzman, Carolyn; Andrew, Caroline; Viswanath, Kalpana. (2014-06-10). Partnerships for women's safety in the city: "four legs for a good table". Environment and Urbanization. পৃ. 443–456
- ↑ McDowell, Linda; Perrons, Diane; Fagan, Colette. (March 2005). The Contradictions and Intersections of Class and Gender in a Global City: Placing Working Women's Lives on the Research Agenda. Environment and Planning A: Economy and Space. পৃ. 441–461
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অষ্ট্ৰিয়াৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৫২৪০৩১ (১৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।