আচাপ্পম (achappam); ‘আচ’ অৰ্থাৎ সাঁচ আৰু মালয়ালম ভাষা ভাষাত ‘আপ্পাম’ অৰ্থাৎ আটাৰে তৈয়াৰ কৰা খাদ্য) বা আচু মুৰুক্কু (achu murukku; তামিল ভাষা ভাষাত ‘murukku’ অৰ্থাৎ মচমচীয়া জলপান) হৈছে চাউলৰ গুড়ি, নাৰিকলৰ গাখীৰ, চেনি আৰু কণীৰে তৈয়াৰ কৰা এবিধ সামান্য মিঠা, গভীৰ তেলত ভজা গোলাপ আকৃতিৰ কুকিজ। ই মূলতঃ কেৰালা আৰু দক্ষিণ ভাৰতৰ অন্যান্য অঞ্চলত পোৱা যায়।১২ আচাপ্পম কেৰালাৰ এক পৰম্পৰাগত আৰু স্বকীয় জলপান, যিটো ডাচসকলৰ প্ৰভাৱৰ ফলত ইয়াৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। পৰৱৰ্তী সময়ত ই দক্ষিণ-পূব এছিয়াৰ বিভিন্ন অঞ্চললৈও বিস্তৃত হয়।৩৪৫ ইয়াৰ বিভিন্ন স্থানীয় নাম আছে, যেনে কুইহ লয়ং (পিতল), একুৱান (ছাঁচ), কেপ (মোহৰ),বুংগা ৰজ (গোলাপ ফুল), বুংগা দুৰিয়ান (দুৰিয়ান ফুল), গোয়াং (shake), কেম্বাং লয়ং, ডক জক (জল লেটুচ) আদি। গোলাপ কুকিজ ফুলৰ আকৃতিৰ, সামান্য মিঠা আৰু মচমচীয়া হয়। দক্ষিণ ভাৰতৰ বিভিন্ন চাহৰ দোকান আৰু জলপানৰ দোকানত এই জলপান সহজেই পোৱা যায়।
প্ৰস্তুত প্ৰণালী
আচাপ্পম তৈয়াৰ কৰিবলৈ নক্সাযুক্ত লোহাৰ সাঁচ বা মল্ড ব্যৱহাৰ কৰা হয়, যাৰ জৰিয়তে ইয়াক স্বকীয় আকাৰ, আকৃতি আৰু পৃষ্ঠৰ নক্সা দিয়া হয়।৬ প্ৰথমে লোহাৰ সাঁচটো তেলত অতি উচ্চ উষ্ণতাত গৰম কৰা হয়। তাৰ পিছত ইয়াক মিশ্ৰণখিনিত ডুবাই পুনৰ গৰম তেলত ডুবাই দিয়া হয়, ফলত লোহাৰ সাঁচটোৰ চাৰিওফালে এটা মচমচীয়া আৱৰণ সৃষ্টি হয়। কুকিজটো সাঁচৰপৰা পৃথক হৈ অহাৰ পাছত সাঁচটো তেলৰপৰা উলিয়াই লোৱা হয়।২
আচাপ্পমৰ মিশ্ৰণখিনি চাউলৰ গুড়ি, কণী, চেনি আৰু নাৰিকলৰ গাখীৰৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা হয়।৫৭
আচাপ্পম সাধাৰণভাৱেও খাব পাৰি আৰু ইয়াত তিল, জিৰা আৰু ইলাচি আদি মচলা দি সুগন্ধিযুক্ত কৰিও প্ৰস্তুত কৰা হয়।২৫
সম্পৰ্কীয় খাদ্য
আচাপ্পম বিভিন্ন দেশীয় ৰন্ধনপ্ৰণালীৰ সৈতে মিল থকা দেখা যায়,এই গোলাপৰ আকৃতিৰ ভজা কুকিজৰ এটা পৰিয়ালৰ অন্তৰ্গত। ইয়াৰ ঘনিষ্ঠ সমগোত্ৰীয় খাদ্যসমূহৰ ভিতৰত শ্ৰীলংকাৰ কোকিছ (Kokis) যি ডাচ প্ৰভাৱৰ সৈতে জড়িত বুলি ধৰা হয়। ইৰানৰ নান-এ-পাঞ্জেৰেই (Nan-e panjerei), অন্ধ্ৰপ্ৰদেশৰ গুলাবী পুভুলু (Gulabi puvvulu) আৰু স্কেণ্ডিনেভিয়াৰ ৰোজেট (Rosette) উল্লেখযোগ্য। ৮
খ্ৰীষ্টমাছ
কেৰালাত আচাপ্পম বৰদিনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। খ্ৰীষ্টান পৰিয়ালসমূহে বৰদিনৰ সময়ত কালকাল আৰু কুঝালাপ্পম আদিৰ সৈতে আচাপ্পমকো উৎসৱৰ জলপান হিচাপে প্ৰস্তুত কৰে। ৯২১
তথ্যসূত্ৰ
- ↑ Gopalakrishnan, Swathi. (24 December 2018). Delivering Noël: Indians celebr-eat their Christmas, and how!. The Statesman
- ↑ Rajkumar, Shanthini. (31 December 2015). Of rose cookies and kalkals. The Hindu
- ↑ Menon, A. Sreedhara. (1979). Social and cultural history of Kerala. Sterling
- ↑ Choondal, Chummar. (1988). Christian Folklore. Kerala Folklore Academy
- ↑ Abraham, Tanya. (2020). Eating With History. Niyogi Books. ISBN 9789389136265
- ↑ Engelhardt, Elizabeth S. D.; Smith, Lora E. (2019). The Food We Eat, the Stories We Tell: Contemporary Appalachian Tables. Ohio University Press. ISBN 978-0-8214-4687-4
- ↑ Bhathena, Tanaz. (2019). The Beauty of the Moment. Farrar, Straus and Giroux (BYR). ISBN 9780374308483
- ↑ (25 April 2020). Is it really Kerala's achappam?. Onmanorama. Malayala Manorama
- ↑ (December 2021). A quick, crunchy Xmas recipe from Kerala: Achappam or deep-fried rose cookies. Gulf News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আচাপ্পম” প্ৰবন্ধৰ সংশোধন ৬৩২১৯৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।