অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আঠমঙলা

আঠমঙলা হৈছে অসমীয়া সংস্কৃতিত বিবাহৰ লগত জড়িত এটা বিশেষ অনুষ্ঠান। সাধাৰণতে বিয়াৰ আঠদিনৰ দিনা দৰাক শহুৰেকৰ ঘৰলৈ খাবলৈ নিমন্ত্ৰণ জনোৱা পৰম্পৰাকে আঠমঙলা বুলি কোৱা হয়।

হালনাগাদ: ১৪ মে’ ২০২১ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আঠমঙলা হৈছে অসমীয়া সংস্কৃতিত বিবাহৰ লগত জড়িত এটা বিশেষ অনুষ্ঠান। সাধাৰণতে বিয়াৰ আঠদিনৰ দিনা দৰাক শহুৰেকৰ ঘৰলৈ খাবলৈ নিমন্ত্ৰণ জনোৱা পৰম্পৰাকে আঠমঙলা বুলি কোৱা হয়।

শব্দৰ উৎস

সংস্কৃত অষ্টমংগল শব্দৰপৰা আঠমঙলা শব্দটো অহা।১

আনুষ্ঠানিকতা

অৱশ্যে বিয়া হোৱা মাহটোৰ সংক্ৰান্তি ৩-৪ দিনত পৰিলে সেই ৩-৪ দিনৰ ভিতৰতে আঠমঙলা অনুষ্ঠান পাতিব লাগে। দৰা, দৰাৰ সখি আৰু অনুজ এজন বা তিনিজন কইনাঘৰলৈ যোৱা নিয়ম। সাধাৰণতে দৰাতকৈ জ্যেষ্ঠজন আঠমঙলালৈ নাযায়। যাব লগা হ'লেও দৰা গৈ পোৱাৰ আগতে তেনেজনে কন্যা ঘৰত খাই-বৈ আহে (অঞ্চল বিশেষে)। দৰা আৰু তেওঁৰ লগত যোৱা কেইজনক কইনাঘৰে পোনতে বিভিন্ন পিঠা-লাড়ু আৰু জলপান খুৱায়। দ্বিতীয়বাৰ আঠখন আঞ্জাৰে ভাত আৰু পায়স খাবলৈ দি তৃতীয়বাৰ লঘু আহাৰ আগবঢ়ায়। কোনো কোনো অঞ্চলত দৰা গৈ পদূলিমুখ পাওঁতে পুনৰ্বাৰ আমন্ত্ৰণ জনাই আনি তৃতীয়বাৰৰ লঘু আহাৰ খাবলৈ দিয়ে। বিয়া নোহোৱা খুলশালী ছোৱালীহঁতে নতুন ভিনদেউক পিঠা-লাডু খুওৱা কালত বিভিন্ন ধৰণৰ নিৰ্দোষ ৰংৰহইচ কৰাটো এটা দস্তুৰ। আঠমঙলাত তিতা-টেঙা দিয়া নিষেধ। সিয়ে শহুৰ-জোঁৱাইৰ সম্পৰ্ক টেঙা-তিতা কৰিব পাৰে বুলি এটি লোকবিশ্বাস আছে।১

আঠমঙলাৰ বিভিন্ন ৰূপ

নামনি অসম নামনি অসমত আঠমঙলাক 'নিয়াতা দিয়া' (সং-নিমন্ত্ৰণ) বা নেওতা খুওৱা বোলা হয়। চাহ জনগোষ্ঠী চাহ জনগোষ্ঠীৰ মাজত বিয়াৰ আঠদিনৰ দিনা দৰা-কইনাই মাকৰ ঘৰলৈ গৈ আঠমঙলা খোৱাৰ নিয়ম। আঠমঙলাৰ সময়ত কিছু মানুহে কইনাক এমাহ বা তিনিমাহ পৰ্যন্ত দৰাৰ পৰা আঁতৰাই ৰাখে। ইয়াক ‘সংগ ছাড়া’ বুলি কোৱা হয়। চাহ জনগোষ্ঠী সমাজত জাতি বিশেষে বিভিন্ন নীতি-নিয়ম পালন কৰা দেখা যায়।২

ইতিহাস

অসমত আঠমঙলা খুওৱাটো এটা পুৰণি প্ৰথা। কমতা ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহৰ পিতৃ হৰিদাসে আঠমঙলা অনুষ্ঠান পতা বুলি জনা যায়।

অসমীয়া সাহিত্যত আঠমঙলা

১৮৯২ চনত প্ৰকাশিত 'The Marriage System of the People of Assam' গ্ৰন্থত হেমচন্দ্ৰ বৰুৱাই আঠমঙলাৰ সবিশেষ উল্লেখ কৰিছে।৩ মিত্ৰদেৱ মহন্তৰ 'কুকুৰীকণাৰ আঠমঙলা' এখনি উল্লেখযোগ্য প্ৰহসন।

তথ্যসূত্ৰ

  1. ↑ ৰাজবংশী, ড॰ পৰমানন্দ ‍(সম্পাদক). অসমৰ সংস্কৃতি-কোষ. অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়. ISBN 9789381485736
  2. ↑ তাঁতী, নিৰুপমা. চাহ জনগোষ্ঠীৰ বিবাহ অনুষ্ঠান
  3. ↑ The Marriage System of the People of Assam. Baruah, Hemchandra

সম্পৰ্কিত শ্ৰেণী

বিবাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঠমঙলা” প্ৰবন্ধৰ সংশোধন ২৭৬৮৭৭ (১৪ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।