আন্তঃৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, হায়দৰাবাদ (International Institute of Information Technology, Hyderabad,IIIT-Hyderabad বা IIIT-H)) হৈছে ভাৰতৰ হাইদৰাবাদত অৱস্থিত অ-লাভজনক ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (N-PPP) (বেচৰকাৰী) প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠিত এখন স্বীকৃত (deemed) বিশ্ববিদ্যালয়। এই আৰ্হিৰ অধীনত স্থাপিত আৰু স্বীকৃতিপ্ৰাপ্ত আইআইআইটি-হায়দৰাবাদ হৈছে ভাৰতৰ প্ৰথমখন শৈক্ষিক প্ৰতিষ্ঠান। ভাৰতৰ সকলো আই আই আই টিৰ ভিতৰত ইয়াক আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে গণ্য কৰা হয়, আৰু এই আৰ্হিটোকেই সমগ্ৰ দেশৰ আন কেইবাখনো আই আই আই টি স্থাপনৰ আৰ্হি হিচাপে আগবঢ়োৱা হৈছে।১২
এই প্ৰতিষ্ঠানটোৱে অলিম্পিয়াডৰ প্ৰধান প্ৰশিক্ষণ কাৰ্যসূচীসমূহক সমৰ্থন কৰাৰ বাবেও পৰিচিত আৰু ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড ইন কৃত্ৰিম বুদ্ধিমত্তা (আই অ’ এ আই)ৰ দিশৰ পথসমূহৰ বাবে, আৰু ভাৰতীয় প্ৰাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে দায়বদ্ধ।৩.
ইতিহাস
৯৯৮ চনত তেলেংগানা চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু নাছকমে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব ডিমড ইউনিভাৰ্চিটি মডেলৰ অধীনত আই আই আই টি-হায়দৰাবাদ প্ৰতিষ্ঠা কৰে,৪ৰাজ্য চৰকাৰে মাটি আৰু ভৱনসমূহৰ বাবে অনুদান যোগান ধৰে।৫ আই আই আই টি-হায়দৰাবাদৰ বিশেষ বিষয়া আৰু ৰাজ্য চৰকাৰৰ আই টিৰ সচিব হিচাপে অজয় প্ৰকাশ সাৱনীয়ে এই ধাৰণাটোৰ জন্ম দিছিল৷ তেওঁ প্ৰতিষ্ঠানটোৰ প্ৰাৰম্ভিক উন্নয়নৰ তদাৰক কৰিছিল।৬৭ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি বাৰাণসীৰ প্ৰাক্তন সঞ্চালক ৰাজীৱ সংগলে শৈক্ষিক পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল আৰু ২০১৩ চনৰ ১০ এপ্ৰিললৈকে প্ৰতিষ্ঠানটোৰ প্ৰথম সঞ্চালক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।৮
একে আৰ্হিৰ অধীনত ২০খন ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ ভেটি হিচাপে ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান হায়দৰাবাদ প্ৰতিষ্ঠা কৰা হৈছিল৷ ২০০১ চনত ইয়াৰ নাম সলনি কৰি আন্তঃৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান হায়দৰাবাদ কৰা হৈছিল, যেতিয়া ই গণ্য বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছিল।৯
২০২৩ চনৰ ২ ছেপ্টেম্বৰত এই প্ৰতিষ্ঠানে ৰূপালী জয়ন্তী উদযাপন কৰে। মূল উদযাপনসমূহ ১ ছেপ্টেম্বৰৰ পৰা ৩ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হয়৷ বিভিন্ন অনুষ্ঠানৰ লগতে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডুৰ সৈতে বিশেষ আড্ডাৰ আয়োজন কৰা হয়৷ ইয়াৰোপৰি প্ৰতিষ্ঠানটোৰ ইতিহাসৰ সৈতে জড়িত সন্মানীয় লোকসকলক সন্মান জনোৱা হয়।১০
তথ্যসূত্ৰ
- ↑ Sohni, Ruchi Rai. (2 September 2023). New Chairman appointed as IIIT-H celebrates Silver Jubilee. Telangana Today
- ↑ Today, Telangana. (2023-09-02). New Chairman appointed as IIIT-H celebrates Silver Jubilee. Telangana Today
- ↑ inaio.in/
- ↑ At a Glance. www.iiit.ac.in. IIIT Hyderabad
- ↑ (February 2018). NAAC report
- ↑ Field, Tom. (27 December 2000). The Learning Channel. ITworld
- ↑ Interview with Rajeev Sangal
- ↑ Brief Bio=Data of Director of the Indian Institute of Technology (BHU). IIT BHU
- ↑ Operational Model
- ↑ Mustafa, Gulam. (2023-08-22). Naidu to take part in Hyd IIIT Silver Jubilee celebrations tomorrow. www.thehansindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তঃৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, হায়দৰাবাদ” প্ৰবন্ধৰ সংশোধন ৬০৬৮৪৮ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।