আন্তঃৰাজ্যিক ছাত্ৰ জীৱন দৰ্শন (Students' Experience in Inter-state Living) অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এক প্ৰকল্প। উত্তৰ-পূব ভাৰতক অৱশিষ্ট ভাৰতৰ সৈতে একাত্মতা ভাৱেৰে যুক্ত কৰি এই অংশৰ যুৱ প্ৰজন্মক প্ৰকৃত দিকদৰ্শণ আৰু প্ৰশিক্ষণেৰে আগবঢ়াই নিয়াই এই প্ৰকল্পৰ মুখ্য উদ্দেশ্য। ১৯৬৬ চনৰ পৰা আৰম্ভ হোৱা এই প্ৰকল্পই এইবাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে।১
লক্ষ্য
অভিজ্ঞতাৰ মাজেৰে অনুভৱ, অনুভৱক বিশ্বাস হিচাপে লৈ ৰাষ্ট্ৰীয় ঐক্য তথা অখণ্ডতা অটুট ৰখা এই প্ৰকল্পৰ মূল লক্ষ্য।২৩
উদ্দেশ্য
- উত্তৰ-পূবৰ পৰা অন্য প্ৰান্তৰ ব্যৱধান দূৰ কৰা।
- বিবিধতাৰ মাজতো জীৱন ধাৰণৰ প্ৰণালীত সাদৃশ্যতা হৃদয়ঙ্গম কৰা।
- স্পৰ্শকাতৰ এলেকা সমূহ তথা সেই ঠাইসমূহৰ বাসিন্দাসকলৰ প্ৰতি সচেতনতা সৃষ্টি কৰা।
- দেশৰ সকলো প্ৰান্তৰ যুৱসমাজৰ বাবে এখন সাংস্কৃতিক আদান প্ৰদানৰ এখন যৌথ মঞ্চ আগবঢ়োৱা।৪৫
কাৰ্যক্ৰম
ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা
এই প্ৰকল্পৰ মুখ্য কাৰ্যক্ৰম হৈছে ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা। ইয়াৰ অধীনত উত্তৰ-পূবৰ ভিন ভিন ৰাজ্যৰ পৰা এটা ছাত্ৰ দলক বাচি উলিয়াই সমগ্ৰ ভাৰত ভ্ৰমণত লৈ যোৱা হয়। একাত্মতাবোধ তথা আত্মীয়তা আৰু অধিক হ'বলৈ এই ছাত্ৰ ছাত্ৰীসকলক ভ্ৰমণত যোৱা ঠাইত পৰিয়ালত ৰখা হয়। যাৰ জৰিয়তে সেই পৰিয়ালটোৰ লগত আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, কৃষ্টি-সংস্কৃতিৰ আদান-প্ৰদানৰ জৰিয়তে "এক দেশ, এক সংস্কৃতি" এই মূলকথা পুৰ্নাংগ ৰূপ পায়। সেই একেদৰে এই প্ৰকল্পৰ অধীনত ভাৰতৰ অন্য ৰাজ্যৰ পৰাও ছাত্ৰ দল উত্তৰ পূৰ্বাঞ্চললৈ আহে। চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, অৰুণাচলৰ মুখ্যমন্ত্ৰী নবাম টুৰ্কী, গেগং আপং আদি বহুতো স্বনামধন্য লোক ছাত্ৰ অৱস্থাত এই ৰাষ্ট্ৰীয়: একাত্মতা যাত্ৰাৰ অংশীদাৰ হৈছে।৬
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তঃৰাজ্যিক ছাত্ৰ জীৱন দৰ্শন” প্ৰবন্ধৰ সংশোধন ৩৮৪৭৬৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।