অৱতৰণ দিৱস সন্ত ৰামপাল মহাৰাজৰ শিষ্যৰ দ্বাৰা পালন কৰা এক উৎসৱ। এই উৎসৱ সন্ত ৰামপালৰ জন্ম দিনত প্ৰত্যেক বছৰে ৮ ছেপ্টেম্বৰৰ দিনা পালন কৰা হয়। এই উৎসৱৰ উপলক্ষে সকলো সতলোক আশ্ৰমত তিনি দিনীয়া বিশাল ভোজৰ আয়োজন কৰা হয় য'ত কোটি কোটি ভকত জড়িত থাকে।
ইতিহাস
১৯৭১ চনৰ ৭ ছেপ্টেম্বৰৰ দিনা জয় গুৰুদেৱৰ তুলসী দাসে ভবিষ্যবাণী কৰিছিল যে যিজন অৱতাৰৰ আমি অপেক্ষা কৰি আছিলোঁ সেইজন আজি ২০ বছৰীয়া হ'ল। ১৯৫১ চনৰ ৮ ছেপ্টেম্বৰত জন্ম লোৱা সন্ত ৰামপালৰ সেইদিনা ২০ বছৰ হৈছিল। সন্ত ৰামপাল মহাৰাজৰ অনুগামীসকলে তেওঁকে অৱতাৰ বুলি মানি লৈ তেওঁৰ জন্মদিন অৱতৰণ দিৱস হিচাপে পালন কৰে।
কাৰ্যক্ৰম
ভাৰত সহিতে অন্য অনেক দেশত সন্ত ৰামপাল মহাৰাজৰ সতলোক আশ্ৰম নামেৰে অনেক আশ্ৰম আছে য'ত তিনি দিনলৈকে এই উৎসৱ পালন কৰা হয়। ভাৰতীয় ৰাজ্য হাৰিয়ানাত ৰোহতক, ভিৱানী আৰু কুৰুক্ষেত্ৰ, মধ্যপ্ৰদেশত ইন্দোৰ, উত্তৰ প্ৰদেশত শামলী, ৰাজস্থানত সোজত, পাঞ্জাৱত ধুৰী আৰু খমানো, দিল্লীত মুণ্ডকা সহিতে ভাৰতৰ অনেক আশ্ৰমত বিশাল ভোজনৰ আয়োজন কৰা হয়।
গৰীব দাসজীৰ বাণীৰ অখণ্ড পাঠ তিনি দিনলৈকে চলি থাকে। ইয়ালৈ অহা ভক্তসকলৰ বাবে বিনামূলীয়া ভোজনৰ ব্যৱস্থা কৰা হয়। ইয়াৰোপৰি ঘৰলৈ উভতি যোৱাৰ সময়ত ৰাস্তাত খোৱাৰ বাবে ভোজনো দিয়া হয়।
ইয়াত যৌতুক বিহীন বিবাহৰ আয়োজনো কৰা হয়, য'ত হাজাৰ হাজাৰ দম্পতীয়ে পৰমাত্মাক সাক্ষী মানি ১৭ মিনিটত ৰমৈণী ৰীতিৰে আড়ম্বৰ ৰহিত বিবাহ কৰে। উৎসৱৰ দিনা ৰক্তদান আৰু দেহদান শিবিৰৰো আয়োজন হয়। ইয়াত অহা ভকতসকলে উলাহ উদ্দীপনাৰে আগ ভাগ লয়। ইয়াত হাজাৰ হাজাৰ ইউনিট ৰক্তদান হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৱতৰণ দিৱস” প্ৰবন্ধৰ সংশোধন ৩৩২৪৯১ (৫ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।