অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়, নগাঁও অসমৰ নগাঁও জিলাৰ হয়বৰগাঁৱত অৱস্থিত। ১৯৬৮ চনত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠিত হৈছিল। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এইখনেই প্ৰথম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয।
ইতিহাস
১৯৬৮ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে নগাঁও জিলাৰ হলীবৰগাওঁ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অস্থায়ীভাবে মহাবিদ্যালয় খনৰ ক্লাছ আৰম্ভ হৈছিল। পিছলৈ নগাঁৱৰ বিখ্যাত ব্যৱসায়ী মেঘৰাজ আগৰৱালাদেৱে দান কৰা মাটিত স্থায়ীভাৱে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। ১৯৭২ চনৰ ২৯ নৱেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ যোগেশ মহন্তয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰে। ১৯৭৮ চনত অসম হোমিওপেথিক সন্থায়ে ইয়াক চিনাক্ত কৰাত ই হোমিওপেথি শিক্ষা আগবঢ়োৱা অসমৰ প্ৰথম প্ৰতিষ্ঠান হৈ পৰে। ১৯৮৮ চনৰ ১ জুলাইত এই মহাবিদ্যালয়খন অসম চিকিৎসা সঞ্চালকালয়ৰ অন্তৰ্ভুক্ত হয়। ১৯৬৮ চনৰ পৰা মহাবিদ্যালয় খনে হোমিওপেথিৰ ডিপ্লোমা আগবঢ়াই আহিছিল। ২০০০ চনৰ পৰা হোমিওপেথিৰ স্নাতক ডিগ্ৰী আগবঢ়াব আৰম্ভ কৰে। প্ৰথমে মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আছিল, পিছলৈ ২০১১ চনত এইখন শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হয়।১
শিক্ষা
মহাবিদ্যালয় খনে পাঁচ বছৰ আৰু ছয়মহীয়া হোমিওপেথি পথ্য আৰু শল্য চিকিৎসাৰ স্নাতক ডিগ্ৰী আগবঢ়ায়। ২০১৬ চনত ইয়াৰ নামভৰ্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা সংযুক্ত প্ৰৱেশ পৰীক্ষাৰ দ্বাৰা কৰা হৈছে। ইয়াত প্ৰতি বছৰে ৫০জন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সুবিধা আছে।২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ about us. ahmch.org
- ↑ seat allotment. dmeassam.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়, নগাঁও” প্ৰবন্ধৰ সংশোধন ৩৮৪৬৯২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।