নীৰ্জল একাদশী হৈছে এক হিন্দু ধৰ্মীয় উৎসৱ। চান্দ্ৰ কেলেণ্ডাৰ অনুসৰি জ্যেষ্ঠ(মে/জুন) মাহৰ একাদশীত এই উৎসৱ পালন কৰা হয়।১২ এই একাদশীৰ নাম পানীৰ অন্য নাম নীৰ আৰু জলৰ পৰা অহা(নীৰ-জল)। এই একাদশীত পানী বিহীন ভাবে ব্ৰত পালন কৰা হয়।২ ২৪টা একাদশীৰ ভিতৰত এই একাদশীৰ বিশেষত্ব অধিক। ই এক ধৰ্মীয় উৎসৱ। এই একাদশী পালন কৰিলে অধিক ফল লাভ হয় বুলি জনবিশ্বাস প্ৰচলিত আছে।২
জনশ্ৰুতি
এই একাদশীক পাণ্ডৱ একাদশী, ভীম একাদশী, ভীমসেনী একাদশী আদি নামেৰেও জনা যায়।৩ এই একাদশীৰ নাম মহাভাৰত মহাকাব্যৰ চৰিত্ৰ পঞ্চ পাণ্ডৱৰ দ্বিতীয়জন আৰু আটাইতকৈ শক্তিশালী পাণ্ডৱ ভীমৰ নামেৰে নামকৰণ কৰা হৈছে। ব্ৰহ্ম বৈবৰ্ত্ত পুৰাণত এই ব্ৰতৰ আঁৰত থকা কাহিনীটোত বৰ্ণনা কৰা অনুসৰি ভীম আছিল খাদ্যপ্ৰিয়, সঘনে ভোক লগত তেওঁৰ বাবে ২৪টা একাদশীৰ ব্ৰত ৰখাটো সম্ভৱ নাছিল। সেয়ে তেওঁ ঋষি ব্যাস আৰু তেওঁৰ পিতামহক ইয়াৰ উপায় বিচাৰিলে। ঋষি ব্যাসে ভীমক বছৰত এবাৰলৈ সম্পূৰ্ণ উপবাসে থাকি নীৰ্জল একাদশী ব্ৰত পালনৰ বাবে উপদেশ দিয়ে আৰু ইয়াৰ দ্বাৰাই তেওঁ সম্পূৰ্ণ ২৪টা একাদশী ব্ৰতৰ ফল লাভ কৰিব বুলি কয়।২৪
লাভালাভ
মাৰ্কেণ্ডেয় পুৰাণ আৰু বিষ্ণু পুৰাণ মতে একাদশী দিনটো বিষ্ণুৰ এটা ৰূপ। এই ব্ৰত পালনে সকলো পাপ ধুৱাই নিয়ে বুলি বিশ্বাস কৰা হয়।৫ যিজনে এই ব্ৰত পালন কৰিব পাৰিব তেওঁ বিষ্ণুৰ আৰ্শীবাদ লাভ কৰে, সেই অনুসৰি ব্ৰত ৰাখোতাই সুখ-সম্পদৰ লগতে সকলো ধৰণৰ পাপৰ পৰা মুক্তি লাভ কৰে।১ এই ব্ৰত অধিক কঠোৰ। সম্পূৰ্ণ ২৪টা একাদশীৰ ভিতৰত এই একাদশীৰ দিনা বৈষ্ণৱ সকলে এই ব্ৰত নিষ্ঠাৰে পালন কৰে।২
পালন কৰ্তাৰ ইয়াৰদ্বাৰা মোক্ষ প্ৰাপ্তি হয়।৬ সাধাৰণতে মৃত্যু দূত যম দেৱতাই আত্মাটো লৈ যোৱাৰ পিছত আত্মাৰ স্থান নিৰ্ণয় কৰে। সেই অনুসৰি স্বৰ্গ বা নৰকত স্থান দিয়া হয়। যি ব্যক্তিয়ে এই ব্ৰত সঁচা অৰ্থত সম্পন্ন কৰে তেওঁৰ সকলো পাপ খণ্ডন হৈ মৃত্যুৰ পিছত তেওঁ বৈকুণ্ঠ গমন কৰে বুলি বিশ্বাস কৰা হয়।২
তথ্যসূত্ৰ
- ↑ Annual Holidays. (2004). CHAPTER 12: Hinduism In Religious Holidays & Calendars. Retrieved from www.credoreference.com/entry/ogirholidays/annual link|date=September 2026 |bot=InternetArchiveBot |fix-attempted=yes }}, Publisher:Omnigraphics, Inc
- ↑ J. Gordon Melton. (2011). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. ABC-CLIO. পৃ. 647. ISBN 978-1-59884-205-0
- ↑ (2018-05-28). Nirjala Ekadashi Katha 2018 - The Glories of Nirjala Ekadashi Vrat. Ekadashi Svarupa Darsana
- ↑ Glories of Pandava Nirjala Ekadashi by ISKCON
- ↑ Sehgal, Sunil. (1999). Encyclopaedia of Hinduism: C-G, Volume 2. Sarup & Sons. পৃ. 491–2. ISBN 9788176250641
- ↑ James G. Lochtefeld. (2002). The Illustrated Encyclopedia of Hinduism: Volume Two. The Rosen Publishing Group. পৃ. 475. ISBN 978-0-8239-3180-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীৰ্জল একাদশী” প্ৰবন্ধৰ সংশোধন ৬৩৪৭০৬ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।