অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নীলাকুইল

নীলাকুইল (Neelakuyil; অনুবাদ:দ্য ব্লু কয়েল) হৈছে ১৯৫৪ চনত পি. ভাস্কৰন আৰু ৰামু কাৰিয়েতে যুটীয়াভাৱে পৰিচালনা কৰা এখন মালয়ালম ভাষাৰ ভাৰতীয় চিনেমা। উৰুবে লিখা এটা গল্পৰ আধাৰত এই নব্য-বাস্তৱবাদী মেল’ড্ৰামাখন নিৰ্মিত হৈছিল। উৰুব আৰু পি. ভাস্কৰনে যুটীয়াভাৱে ইয়াৰ চিত্ৰনাট্য লিখিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৪২৪ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নীলাকুইল (Neelakuyil; অনুবাদ:দ্য ব্লু কয়েল) হৈছে ১৯৫৪ চনত পি. ভাস্কৰন আৰু ৰামু কাৰিয়েতে যুটীয়াভাৱে পৰিচালনা কৰা এখন মালয়ালম ভাষাৰ ভাৰতীয় চিনেমা। উৰুবে লিখা এটা গল্পৰ আধাৰত এই নব্য-বাস্তৱবাদী মেল’ড্ৰামাখন নিৰ্মিত হৈছিল। উৰুব আৰু পি. ভাস্কৰনে যুটীয়াভাৱে ইয়াৰ চিত্ৰনাট্য লিখিছিল। সত্যেনেশন নাডাৰ, মিচ কুমাৰী, পি. ভাস্কৰন, প্ৰেমা মেনন, মাষ্টাৰ বিপিন, মানৱালন জোছেফ আৰু আবিন ভিচিয়ে চিনেমাখনত অভিনয় কৰিছে। উচ্চবৰ্ণৰ এগৰাকী শিক্ষক শ্ৰীধৰন নাইৰৰ প্ৰেমত পৰা নীলি নামৰ দলিত কৃষক ছোৱালীজনীক কেন্দ্ৰ কৰি চলচ্চিত্ৰখনৰ প্লট ৰচনা কৰা হৈছে।

উৰুব আছিল এগৰাকী নামজ্বলা লেখক। সতীৰ্থসকলৰ উৎসাহত তেওঁ আৰু পি. ভাস্কৰনে মিলি নীলাকুইলৰ কাহিনী ৰচনা কৰিছিল। পি. ভাস্কৰনে যেতিয়া এখন চিনেমা নিৰ্মাণৰ সিদ্ধান্ত লৈছিল, তেওঁ সামাজিক বিষয়ক লৈ এখন ছবি নিৰ্মাণৰ ইচ্ছা কৰিছিল। তেওঁ এই চিনেমাখনৰ ড্ৰাফট লিখি শেষ কৰাৰ লগে লগে টি. কে. পাৰিকুট্টীয়ে গ্ৰীণ চিগনেল দিয়ে। যিহেতু সত্যেন আৰু ভাস্কৰন ঘনিষ্ঠ বন্ধু আছিল, সেয়েহে সত্যেনক শ্ৰীধৰণ নায়াৰৰ চৰিত্ৰত অভিনয়ৰ বাবে কোৱা হৈছিল। সত্যেনৰ বাবে এই চিনেমাখন আছিল এক মাইলৰ খুঁটি; নীলাকুইলত অভিনয়ৰ যোগেদি তেওঁ কেৰালাত এগৰাকী সফল আৰু জনপ্ৰিয় তাৰকা ৰূপে প্ৰতিষ্ঠিত হৈছিল। এ ভিনচেণ্টে চিনেমেট’গ্ৰাফী কৰা চিনেমাখনৰ সংগীতৰ কাম কৰিছিল কে ৰাঘৱনে।১

১৯৫৪ চনৰ ২২ অক্টোবৰত মুক্তি লাভ কৰা চিনেমাখনে সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল। ব্যৱসায়িকৰূপে এক বৃহৎ সফলতা লাভ কৰাৰ লগতে নীলাকুইল সেই সময়ৰ সৰ্বাধিক উপাৰ্জন কৰা মালয়ালম ভাষাৰ চিনেমা ৰূপে পৰিগণিত হৈছিল। চলচ্চিত্ৰখনত অভিনয় কৰা তুলনামূলক ভাৱে অচিনাকী অভিনেতা-অভিনেত্ৰীসকলৰ বাবে এয়া আছিল এক বিৰল কৃতিত্ব। অস্পৃশ্যতা, সামন্তবাদ আৰু নাৰীৰ প্ৰতি হোৱা অন্যায়ৰ দৰে সামাজিক সমস্যাৰ বিৰুদ্ধে ব্যৱহৃত কঠোৰ সংলাপৰ বাবে নীলাকুইলৰ চিত্ৰনাট্যই প্ৰশংসা লাভ কৰিছিল। আঞ্চলিক উপভাষাত কথা কোৱা অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়েও সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। নিয়মীয়া নেৰেটিভৰ পৰা বিচ্ছিন্ন হোৱাৰ বাবে চিনেমাখনৰ নেৰেটিভকো প্ৰশংসা কৰা হৈছিল।১ এই ছবিখনে দ্বিতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰৰ বাবে সৰ্বভাৰতীয় প্ৰমাণপত্ৰ লাভ কৰে আৰু এই বঁটা লাভ কৰা প্ৰথমখন দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ ৰূপে পৰিগণিত হয়।২

অভিনয়ত

  • সত্যেনেশন নাডাৰ - শ্ৰীধৰন নায়াৰৰ ৰূপত (নীলিৰ সন্তানৰ পিতৃ)
  • মিচ কুমাৰী - নীলিৰ ৰূপত
  • প্ৰেমা মেনন - নলিনীৰ ৰূপত (শ্ৰীধৰন নায়াৰৰ পত্নী)
  • পি. ভাস্কৰন - শংকৰন নায়াৰৰ ৰূপত (নীলিৰ সত্নানৰ দত্তক পিতৃ)
  • মানৱালন জোছেফ - নানু নায়াৰৰ ৰূপত

চাউণ্ডট্ৰেক

নীলাকুইল চিনেমাখনত কে. ৰাঘৱন আৰু পি. ভাস্কৰনৰ ৯টা গীত আছে, যাক মালয়ালম চলচ্চিত্ৰ সংগীতৰ ইতিহাসত মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে। নীলাকুইলৰ আগতে মালয়ালম ছবিৰ চাউণ্ডট্ৰেকত কেৱল হিন্দী ভাষা আৰু তামিল গীত আছিল। ৰাঘৱনে মালয়ালী লোকসংগীতক চাউণ্ডট্ৰেকত অন্তৰ্ভুক্ত কৰি চিনেমাত সংযোগ কৰিছে।৩ ইয়াত ব্যৱহৃত সংগীতৰ ধাৰাসমূহৰ ভিতৰত আছিল মাপিলাপ্পাট্টু (ইছলামিক সংগীত), কয়িথুপাট্টু (এক প্ৰকাৰ শস্য চপোৱাৰ গীত), পৰম্পৰাগত প্ৰাৰ্থনা আৰু ৰোমাণ্টিক মেলডি; যিসমূহ কেৰেলাৰ লোক পৰম্পৰাৰ পৰাই উদ্ভৱ হৈছিল। গীতসমূহৰ নৃত্য পৰিচালনা কৰিছিল গুৰু গোপালকৃষ্ণন কোডুংগালুৰে।

গীতগায়ক
Ellarum Chollanu, Ellarum Chollanuয়ানাম্মা ডেভিড
Kayalarikaathu Vala Erinjappolকে. ৰাঘৱন
Unarunaroo Unnikannaসান্তা পি. নায়াৰ
Kadalasu Vanchi Eriকড়িকড পুষ্পা
Maanennum Vilikkillaমেহবুব
Kuyiline Thediয়ানাম্মা ডেভিড
Engane Nee Marakkum Kuyileকড়িকড আব্দুল কাদেৰ

মুক্তি

চিনেমাখন ১৯৫৪ চনৰ ২২ অক্টোবৰত মুক্তি পাইছিল।৪চিনেমাখন আছিল সফল হিট চিনেমাসমূহৰ মাজৰ এখন। চিনেমাখন চাবলৈ কেইবা সপ্তাহলৈ চিনেমাহলবোৰ দৰ্শকেৰে পূৰ্ণ হৈ আছিল।

নীলাকুইলে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।৫

১৯৫৪ চনৰ ৭ নৱেম্বৰত মথৰুভূমিৰ সমালোচকে লিখিছিল, চিনেমাখনৰ সফলতাৰ কৃতিত্ব উৰুবে পোৱা উচিত, যি ইয়াৰ গল্প, চিত্ৰনাট্য আৰু সংলাপ লিখিছে। সাধাৰণ মানুহৰ সৈতে ভালদৰে সংযোগ স্থাপন কৰা চৰিত্ৰ সৃষ্টিত তেওঁ সফল হৈছিল। যদিও কাহিনীৰ ৰৈখিক অগ্ৰগতিত ইয়াৰে কিছু চৰিত্ৰৰ কোনো অৱদান নাই, তথাপিও বাস্তৱিক চিত্ৰণৰ বাবে এই চৰিত্ৰসমূহে একঘেয়ামিৰ সৃষ্টি কৰা নাই। লগতে লিখিছে; জীৱন্ত, সজীৱ সংলাপবোৰে ছবিখনত প্ৰাণ সঞ্চাৰ কৰিছে। প্ৰচুৰ পৰিমাণে ব্যৱহৃত আউটডৰ শ্বটবোৰে এয়া অনুভৱ কৰোৱাত সফল হৈছে যে কাহিনীটো কেৰালাত সংঘটিত হৈছে। নায়াৰ কৰণভাৰৰ উচিকুডুমা, নামবুদিৰিৰ পান-বক্স, নায়াৰৰ ঘৰত তুলসী গছৰ কাষত প্ৰথাগতভাৱে জ্বলোৱা পৰম্পৰাগত সন্ধিয়াৰ চাকি, গাঁৱৰ ৰেষ্টুৰেণ্ট, মাৰাৰ আৰু তেওঁৰ ড্ৰাম, মাপ্পিলাৰ মাছ ধৰা জাল - এই সকলোবোৰে ছবিখনৰ কেৰালাশৈলী অধিক প্ৰকট কৰিছে। তেওঁ শেষত লিখিছে যদিও মইথুৰ চৰিত্ৰটো চিনেমাখনৰ নেৰেটিভৰ সৈতে খাপ নাখায়, তথাপিও এই চৰিত্ৰটো বালকৃষ্ণ মেননে উৎকৃষ্ট অভিনয় কৰিছে।৬ চলচ্চিত্ৰ ইতিহাসবিদ জেনছন জোচেফে কৈছে; দুখীয়া আৰু নিপীড়িত লোকৰ বিষয়সমূহক মেলোড্ৰামাটিক ৰূপত দেখুৱাটোৱেই যদি ভাৰতীয় চিনেমাত সামাজিক যথাৰ্থবাদ, তেন্তে নীলাকুইল এই ধাৰাত নিখুঁতভাৱে খাপ খাই পৰিছে।৭

পুৰস্কাৰ

  • ২য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৯৫৪ - শ্ৰেষ্ঠ চিনেমা ৰূপে অল ইণ্ডিয়া চাৰ্টিফিকেট অৱ মেৰিট।২
  • ১৯৫৪ - মালয়ালয়ম ভাষাৰ শ্ৰেষ্ঠ চিনেমা ৰূপে ৰাষ্ট্ৰপতিৰ ৰূপৰ পুৰস্কাৰ

স্বীকৃতি

২০১২ চনত জেনি ৰভিনে লিখিছিল; নীলাকুইলৰ আগৰ মালয়ালম ভাষা চলচ্চিত্ৰ সমূহ মূলতঃ তামিল চলচ্চিত্ৰৰ দৰেই আছিল, নতুবা ক’ব পাৰি সেইসমূহক আছিল তামিল চলচ্চিত্ৰৰ দুৰ্ব্বল অনুকৰণ। নীলাকুইলেই হ’ল প্ৰথম চিনেমা যি অনুকৰণৰ এই গণ্ডী ভাঙি মালয়ালম চিনেমাক এক নতুন পৰিচয় দিলে।৮ দ্য টাইমচ্‌ অৱ ইণ্ডিয়াই এই চিনেমাখনক বিশুদ্ধ মালয়ালম চিনেমা ৰূপে অভিহিত কৰিছে।৯ নীলাকুইলে শ্ৰেষ্ঠ চলচ্চিত্ৰ ৰূপে অল ইণ্ডিয়া চাৰ্টিফিকেট অৱ মেৰিট প্ৰমাণপত্ৰ লাভ কৰাৰ লগতে মালয়ালম ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰি প্ৰথমখন ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিপ্ৰাপ্ত মালয়ালম চিনেমা হিচাপে পৰিগণিত হয়। দ্য হিন্দুৰ বি বিজয়কুমাৰে লিখিছে, নীলাকুইল আছিল মালয়ালম চিনেমা ইতিহাসত এক ল্যাণ্ডমাৰ্ক; যি মালয়ালম চিনেমাৰ বাবে এক নতুন পথ প্ৰশস্ত কৰিছিল। ই কেৰালাৰ সংস্কৃতিৰ সৈতে কোনো মিল নথকা হিন্দী চিনেমাৰ অবলম্বনত ছবি নিৰ্মাণৰ প্ৰথা ভাঙি মালয়ালম চিনেমাৰ ইতিহাসত এক নতুন দিগন্তৰ সৃষ্টি কৰিছিল।৫১দ্য হিন্দুৰ ৰেন্দৰ গায়ে লিখিছে; ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰপতিৰ ৰূপৰ পুৰস্কাৰ লাভ কৰি চিনেমাখনে ভাৰতীয় চিনেমাৰ মেপত মালয়ালম চিনেমাৰ স্থান সুচিহ্নিত কৰে।১০

তথ্যসূত্ৰ

  1. ↑ B. Vijayakumar. (25 October 2008). Neelakuyil 1954. The Hindu
  2. ↑ 2nd National Film Awards. Directorate of Film Festivals
  3. ↑ C. Jayakumar. (8 September 2008). Cultural extravaganza. দ্য হিন্দু
  4. ↑ Neelakkuyil (1954). www.malayalachalachithram.com
  5. ↑ "Neelakuyil - The Blue Cuckoo (1954)". Cinemaofmalayalam.net. Undated. Retrieved 2010-12-28
  6. ↑ Mathruboomi Reviews: Neelakuyil
  7. ↑ Jenson Joseph on Neelakuyil: Left-affiliated artists’ interventions in Malayalam cinema
  8. ↑ ടീം, ഉത്തരകാലം എഡിറ്റോറിയല്‍. (2012-12-05). 'എനിക്ക് സമുദായത്തെ മാനിക്കണ്ടേ?': നീലക്കുയിലും പുരോഗമന കേരളവും. Utharakalam
  9. ↑ (4 February 2013). Neelakuyil is considered first authentic film - Times of India. The Times of India
  10. ↑ (2005-01-14). The Hindu: Entertainment / Cinema: A milestone movie

সম্পৰ্কিত শ্ৰেণী

মালয়ালম চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলাকুইল” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৩৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।