অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নীলমপেৰুৰ পদয়নী

নীলমপেৰুৰ পদয়নী (ইংৰাজী: Neelamperoor Padayani) হৈছে ভাৰতৰ কেৰালাৰ আলাপ্পুঝা জিলাৰ নীলমপেৰুৰত অৱস্থিত নীলমপেৰুৰ পল্লী ভগৱতী মন্দিৰত অনুষ্ঠিত হোৱা এক পৰম্পৰাগত পদয়নী উৎসৱ। এই উৎসৱ চিংগম মাহৰ থিৰুভোনাম নক্ষত্ৰৰ পিছৰ পূৰম তিথিত ১৬ দিন ধৰি অনুষ্ঠিত হয়।

হালনাগাদ: ৮ আগষ্ট ২০২৬ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নীলমপেৰুৰ পদয়নী (ইংৰাজী ভাষা: Neelamperoor Padayani) হৈছে ভাৰতৰ কেৰালাৰ আলাপ্পুঝা জিলাৰ নীলমপেৰুৰত অৱস্থিত নীলমপেৰুৰ পল্লী ভগৱতী মন্দিৰত অনুষ্ঠিত হোৱা এক পৰম্পৰাগত পদয়নী উৎসৱ। এই উৎসৱ চিংগম মাহৰ থিৰুভোনাম নক্ষত্ৰৰ পিছৰ পূৰম তিথিত ১৬ দিন ধৰি অনুষ্ঠিত হয়।১

নামৰ উৎপত্তি

পদয়নী শব্দৰ অৰ্থ হৈছে পদাতিক বাহিনীৰ শাৰী বা সৈন্যদল। সামৰিক বাহিনীৰ দৰে মানুহৰ শাৰীবদ্ধ গঠনৰ বাবেই এই উৎসৱটোৰ নাম পদয়নী হৈ পৰে।১

পৌৰাণিক কাহিনী

নীলমপেৰুৰ পদয়নীৰ পৌৰাণিক কাহিনী চেৰামান পেৰুমলৰ আখ্যানৰ সৈতে জড়িত। নীলমপেৰুৰলৈ ৰজা চেৰামান পেৰুমলৰ আগমনৰ পিছৰেপৰা এই উৎসৱৰ সূচনা হৈছিল বুলি বিশ্বাস কৰা হয়।

ইতিহাস

এই উৎসৱৰ ইতিহাস কেইবা শতিকা পুৰণি বুলি বিশ্বাস কৰা হয়। ইয়াত হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্ম উভয়ৰে সংস্কৃতিৰ সংমিশ্ৰণ দেখা পোৱা যায়। চীনা পৰিব্ৰাজক ফাহিয়ানে তেওঁৰ ভ্ৰমণ বৃত্তান্তত উল্লেখ কৰিছিল যে এই উৎসৱটো পাটনাৰ বৌদ্ধ ধৰ্মীসকলৰ এক উৎসৱৰ সৈতে সাদৃশ্যপূৰ্ণ।

ধৰ্মীয় ৰীতি-নীতি

কেৰালাৰ অন্যান্য মন্দিৰসমূহত অনুষ্ঠিত হোৱা পদয়নী প্ৰদৰ্শনতকৈ নীলমপেৰুৰ পদয়নীৰ কিছু পাৰ্থক্য আছে। এই উৎসৱৰ মূল বৈশিষ্ট্য হৈছে বিভিন্ন প্ৰতিমূৰ্তিৰ বিশাল শোভাযাত্ৰা। দেৱীৰ উদ্দেশ্যে উৎসৰ্গিত এই প্ৰতিমূৰ্তিসমূহৰ ভিতৰত ৰাজহাঁহ, হাতী আদি প্ৰাণী আৰু ভীম, ৰাৱণ, যক্ষী আদি দেৱ-দেৱী তথা চৰিত্ৰৰ আকৃতি অন্তৰ্ভুক্ত থাকে। এই সুসজ্জিত প্ৰতিমূৰ্তিসমূহে কেৰালাৰ শিল্পীসকলৰ উৎকৃষ্ট শিল্পকলাৰ পৰিচয় দাঙি ধৰে।

পদয়নী উৎসৱ থিৰুভোনামদিনাৰপৰা আৰম্ভ হৈ ভগৱতী দেৱীৰ জন্মদিন হিচাপে উদযাপিত হোৱা পূৰম তিথিত সামৰণি পৰে। পৰম্পৰাগত ৰীতি অনুসৰি, ভগৱতী মন্দিৰৰ পশ্চিম দিশত থকা চেৰামান পেৰুমলৰ স্মাৰকত প্ৰতীকাত্মক অনুমতি লৈ পদয়নী আৰম্ভ কৰা হয়। ভক্তসকলে নৰিকলৰ পাতেৰে তৈয়াৰী জ্বলন্ত জোঁৰ হাতত লৈ পেৰুমলৰ স্মাৰকৰ দিশে অগ্ৰসৰ হয়। এই ৰীতিটো একেৰাহে চাৰিদিন ধৰি চলে।২

ইয়াৰ পিছৰ দিনকেইটাত কুডাপদয়নী অনুষ্ঠিত হয়, য'ত নাৰিকলৰ পাতৰ ঠাৰিৰে নিৰ্মিত ছত্ৰ বা ছতিত ফুলৰ সজ্জা কৰা হয়। পৰৱৰ্তী চাৰিদিন ধৰি কঁঠালৰ পাতেৰে তৈয়াৰী প্ৰতিমূৰ্তি দেৱীৰ উদ্দেশ্যে অৰ্পণ কৰা হয়। শেষৰ দুটা দিনত কলগছৰ ডিমা (plantain stems) আৰু নৰিকল গছৰ কোমল পাতেৰে তৈয়াৰী ৰাজহাঁহৰ প্ৰতিমূৰ্তি লৈ শোভাযাত্ৰা কৰা হয়, যিবোৰ জবা বা তেনেজাতীয় (ixora) ৰঙা ফুলেৰে সজোৱা হয়। অন্তিম দিনটোৰ মূল আকৰ্ষণ হৈছে ৪৫ ফুট দীঘল এটা বিশাল ৰাজহাঁহৰ প্ৰতিমূৰ্তি।২

ঢোলৰ শব্দ আৰু পৰম্পৰাগত সংগীতৰ তালে তালে জুইৰ সন্মুখত পৰিৱেশন কৰা এক ছন্দময় নৃত্য থোথাকালীও নীলমপেৰুৰ পদয়নীৰ এক অন্যতম গুৰুত্বপূৰ্ণ অংগ।২

প্ৰধান কাৰ্যসূচীসমূহ

  • চুট্টীডাল (Chutteedal)
  • কূডাম্পূজা কালী (Kudampooja kali)
  • অনুজ্ঞাবাঙ্গাল (Anujnavangal)
  • থোথাকালী (Thothakali)
  • থেংগামুৰিক্কাল (Thengamurikkal)
  • কূডানিৰ্থু (Kudanirthu)
  • প্লাভিলাইনিৰ্থু (Plavilanirthu)
  • মকম পদয়নী (Makam Padayani)
  • পূৰম পদয়নী (Pooram Padayani)

তথ্যসূত্ৰ

  1. ↑ Neelamperoor padayani. keralatourism.org. Department of tourism, Government of Kerala
  2. ↑ Rituals of Padayani. www.keralatourism.org. Department of Tourism, Government of Kerala

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ উৎসৱলোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলমপেৰুৰ পদয়নী” প্ৰবন্ধৰ সংশোধন ৬২৫২৫১ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।