ধূলা সত্ৰৰ কল দলিওৱা উৎসৱ ব’হাগৰ সাত বিহুৰ দিনা পালন কৰা এক লোক-পৰম্পৰা৷ কামৰূপ জিলাৰ হাজোৰ ওচৰৰে ৰামদিয়াৰ এখন উল্লেখযোগ্য সত্ৰ “ধূলাৰ সত্ৰ’’৷ আহোম ৰজা প্ৰতাপসিংহৰ দিনত “বৰুৱা’’ খিতাপধাৰী ৰামজীৱন নামে এজন লোকে ৰামদিয়াৰ ধূলাপাৰাত “ধূলাৰ সত্ৰ’’ প্ৰতিষ্ঠা কৰে৷ ব্ৰহ্মপুত্ৰ বালি-পলস পৰি অঞ্চলটো ধূলাময় আছিল বাবেই ঠাইখনক ধূলাপাৰা বুলি জনা গৈছিল আৰু পিছলৈ সত্ৰ স্থাপন কৰাত ইয়াক “ধূলাৰ সত্ৰ’’ বোলা হৈছিল৷
ব’হাগৰ ৫ তাৰিখত সত্ৰৰ বিগ্ৰহ উলিয়াই নৱ-বস্ত্ৰ, আ-অলংকাৰেৰে সুশোভিত কৰি নৃত্য-গীত নাম-কীৰ্তনেৰে গোঁসাইক ৰামদিয়াৰ ভঠেলি খোলালৈ নিয়া হয়৷ তাৰ পৰা গোঁসাইক শোভাযাত্ৰা কৰি ওভোতাই আনি সত্ৰৰ নামঘৰত সুমুৱাওতে ভকতসকল দুটা ফৈদত বিভক্ত হৈ বাক-বিতণ্ডা কৰে৷ ভকতসকলৰ এটা ভাগ লক্ষ্মীৰ ফলীয়া আৰু আনটো ভাগ কৃষ্ণৰ ফলীয়া৷ লক্ষ্মীক নোকোৱাকৈ মনে মনে ঘুনুচাৰ ঘৰলৈ গৈ উভতি অহা বুলি লক্ষ্মীৰ নিৰ্দেশত ভক্তসকলে কৃষ্ণ ভক্তলৈ আঠিয়া কল দলিয়াই খেদাখেদি কৰি কৃষ্ণক প্ৰৱেশত বাধা দিয়ে৷ তাৰপিছত কৃষ্ণই জৰিমনা দি গৃহত প্ৰৱেশ কৰে৷ বৰপেটাৰ দৌল উৎসৱৰ “বাঁহ ভঙা’’ আৰু বৰদোৱাৰ দৌল উৎসৱৰ “দুৱাৰ ধৰা’’ প্ৰথাৰ লগত এই উৎসৱৰ মিল দেখা যায়৷১
তথ্যসূত্ৰ
- ↑ মজুমদাৰ, তিলকচন্দ্ৰ. (২০২০). ৰামদিয়া ( মহাপুৰুষ শ্ৰীশ্ৰীমাধবদেৱৰ কামৰূপ ৰাজ্যৰ শেষ লীলাভূমি). উপমা দেৱী মজুমদাৰ. পৃ. ৪৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধূলাৰ কল দলিওৱা উৎসৱ” প্ৰবন্ধৰ সংশোধন ৩৫১৫২২ (২৯ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।