অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নীৰমহল

নীৰমহল যাক টুইজিলিকমা নুয়ুং অৰ্থাৎ'জল প্ৰাসাদ' বুলিও জনা যায়। নীৰমহল হৈছে ত্ৰিপুৰা ৰাজ্যৰ এটা প্ৰাক্তন ৰাজকীয় প্ৰাসাদ। এই নীৰমহলটো ১৯৩০ চনত মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে নিৰ্মাণ কৰিছিল।এই মহলটো ভাৰতৰ আটাইতকৈ ডাঙৰ পানীৰ প্ৰাসাদ।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২৫ ৩২৬ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নীৰমহল যাক টুইজিলিকমা নুয়ুং অৰ্থাৎ'জল প্ৰাসাদ' বুলিও জনা যায়। নীৰমহল হৈছে ত্ৰিপুৰা ৰাজ্যৰ এটা প্ৰাক্তন ৰাজকীয় প্ৰাসাদ। এই নীৰমহলটো ১৯৩০ চনত মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে নিৰ্মাণ কৰিছিল।১এই মহলটো ভাৰতৰ আটাইতকৈ ডাঙৰ পানীৰ প্ৰাসাদ। এই প্ৰাসাদটো ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা ৫৩ কিলোমিটাৰ দূৰত মেলাঘৰত ৰুদ্ৰসাগৰ হ্ৰদৰ (টুইজিলিকমা) মাজত অৱস্থিত।২

ইতিহাস

ত্ৰিপুৰাৰ 'হ্ৰদ প্ৰাসাদ' নীৰ-মহল ৰাজপৰিয়ালৰ গ্ৰীষ্মকালীন বাসস্থান হিচাপে নিৰ্মাণ কৰা হৈছিল। বৰ্তমানে বিশ্বৰ দ্বিতীয় দীৰ্ঘতম অৱশিষ্ট ৰাজবংশ বুলি ধাৰণা কৰা মাণিক্য ৰাজবংশৰ মহাৰাজ বীৰ বিক্ৰম কিশোৰ মণিক্য দেব্বাৰ্মাই ১৯২১ চনত এই প্ৰসাদটো নিৰ্মাণ কৰিছিল। ১৯২১ চনত মহাৰাজই ব্ৰিটিছ কোম্পানী মাৰ্টিন আৰু বাৰ্ণছক ৰুদ্ৰাসাগৰ হ্ৰদৰ মাজত এক অনন্য শৈলীত পানীৰ প্ৰাসাদ নিৰ্মাণৰ কমিছন দিয়ে। হ্ৰদৰ প্ৰাসাদটো মহাৰাজৰ নিজৰ বিতং নিৰ্দেশনাত ডিজাইন আৰু নিৰ্মাণ কৰা হৈছিল আৰু হিন্দু আৰু মোগল স্থাপত্য শৈলীৰ মিশ্ৰণ কৰিছিল। মাৰ্বল আৰু বিভিন্ন শিলৰ ব্যাপক ব্যৱহাৰ কৰা হৈছিল প্ৰসাদটোৰ বেলকনি, টাৱাৰ, পেভিলিয়ন আৰু দলঙৰ প্ৰসাৰতাৰ বাবে। দূৰৰ পৰা দেখা পোৱা গম্বুজ আকৃতিৰ মিনাৰবোৰেও নীৰ মহলক এক দূৰ্গৰ দৰে দেখা যায়। কোৱা হয় যে প্ৰাসাদটো নিৰ্মাণ কৰিবলৈ ন বছৰ লাগিছিল।৩

স্থাপত্য

প্ৰসাদৰ এক মনোৰম দৃশ্য।
প্ৰসাদৰ এক মনোৰম দৃশ্য।ছবি: Sanjibroy56 · CC BY-SA 4.0

পানীৰে আগুৰি থকা প্ৰসাদটো ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ৪আৰু পূৱ ভাৰতৰ একমাত্ৰ প্ৰাসাদ। ভাৰতত মাত্ৰ দুটা পানীৰ প্ৰাসাদ আছে, আনটো হৈছে ৰাজস্থানৰ জল মহল। অৱশ্যে, পিছৰটো নীৰমহলতকৈ আকাৰত যথেষ্ট সৰু। প্ৰসাদটো দুটা ভাগত বিভক্ত। প্ৰসাদৰ পশ্চিম দিশটোক অন্দৰ মহল বুলি জনা যায়। এইটো ৰাজপৰিয়ালৰ বাবে তৈয়াৰ কৰা হৈছিল। পূব ফালটো হৈছে এক মুক্ত থিয়েটাৰ য'ত মহাৰাজ আৰু তেওঁলোকৰ ৰাজপৰিয়ালৰ আনন্দৰ বাবে নাটক, থিয়েটাৰ, নৃত্য আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। প্ৰসাদটোত মুঠ ২৪টা কোঠা আছে। নীৰ-মহলৰ ভিতৰত দুটা চিৰি আছে যাৰ দ্বাৰা ৰুদ্ৰসাগৰ হ্ৰদৰ পানীত অৱতৰণ কৰা হয়। মহাৰাজসকলে 'ৰাজঘাট'ৰ পৰা হস্তচালিত নাৱেৰে প্ৰসাদলৈ গৈছিল।

আকৰ্ষণৰ কাৰণ

প্ৰতি বছৰে আগষ্ট মাহত নীৰমহল জল উৎসৱ নামৰ স্থানীয় লোকসকলে এটা উৎসৱ পালন কৰে। উৎসৱটো ৩ দিন ধৰি চলি থাকে আৰু সন্ধিয়া বহুতো ৰঙীন সাংস্কৃতিক অনুষ্ঠান আৰু অনুষ্ঠান অনুষ্ঠিত হয়। নীৰমহল পানী উৎসৱৰ অন্যতম আকৰ্ষণ হ'ল হ্ৰদত সংঘটিত হোৱা নাও দৌৰ। ৫প্ৰতিযোগিতাখনত বিভিন্ন ধৰণৰ নাৱে অংশগ্ৰহণ কৰে। ইয়াৰ বাহিৰেও, উৎসৱৰ সময়ত এক সাঁতোৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

দৃশ্যাৱলী

ৰুদ্ৰসাগৰ হ্ৰদৰ মাজভাগত থকা নীৰমহলৰ 'ৱাটাৰ পেলেচ'ৰ বাহিৰৰ আৰু ভিতৰৰ দৃশ্যৰ ফটো:-

তথ্যসূত্ৰ

  1. ↑ Barman, Priyanka. (Jan 8, 2020). Tripura palace belongs to state govt, says HC. The Hindustan Times
  2. ↑ Rongmei, Precious. Neermahal, the largest water palace in India you didn’t know about. Times of India Travel
  3. ↑ Neermahal · District Sepahijala, GOVERNMENT OF TRIPURA · India
  4. ↑ timesofindia.indiatimes.com/travel/destinations/
  5. ↑ utsav.gov.in/view-event/neermahal-festival

সম্পৰ্কিত শ্ৰেণী

স্থাপত্যউত্তৰ পূব ভাৰতত্ৰিপুৰা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীৰমহল” প্ৰবন্ধৰ সংশোধন ৫৫৭২৭২ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।