অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ধীমচা নৃত্য

ধীমচা নৃত্য ( Dhimsa) হৈছে আদিতে অন্ধ্ৰপ্ৰদেশৰ পৰ্জা জনজাতীয় মহিলাসকলে পৰিৱেশন কৰা এক জনজাতীয় নৃত্য৷ পিছলৈ ই আন আন জনগোষ্ঠীয়েও পৰিৱেশন কৰা দেখা যায়৷ এই নৃত্যত ১৫ ৰ পৰা ২০ গৰাকী মহিলাই এটা গোট হৈ ঘৰুৱা জীৱনৰ সুখ-শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু নৃত্য কৰে৷ বিবাহিত জীৱনৰ সুখ-শান্তি…

হালনাগাদ: ২৯ জানুৱাৰী ২০২৬ ৩৪৫ শব্দ · ২ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

ধীমচা নৃত্য ( Dhimsa) হৈছে আদিতে অন্ধ্ৰপ্ৰদেশৰ পৰ্জা জনজাতীয় মহিলাসকলে পৰিৱেশন কৰা এক জনজাতীয় নৃত্য৷ পিছলৈ ই আন আন জনগোষ্ঠীয়েও পৰিৱেশন কৰা দেখা যায়৷ এই নৃত্যত ১৫ ৰ পৰা ২০ গৰাকী মহিলাই এটা গোট হৈ ঘৰুৱা জীৱনৰ সুখ-শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু নৃত্য কৰে৷ বিবাহিত জীৱনৰ সুখ-শান্তি কামনা কৰি এওঁলোকে বিবাহ অনুষ্ঠানতো নৃত্য পৰিৱেশন কৰে৷ সাধাৰণতে তেওঁলোকে নৃত্যৰ সময়ত পৰম্পৰাগত ঘৰুৱা সাজ-পাৰ পিন্ধিয়েই নৃত্যত ভাগ লয়; কেৱল দলনেত্ৰীগৰাকীয়ে হাতত ময়ুৰৰ পাখি লোৱা দেখা যায়৷ বৰ্তমান আৰাকু উপত্যকাৰ খোন্দ, কুটিয়া, বাল্মিকী আদি সম্প্ৰদায়ৰ মাজত এই নৃত্য বেছি জনপ্ৰিয়৷১

কোনো কোনো ঠাইত ডেকা-বুঢ়া সকলোৱে এই নৃত্যত অংশ লোৱা দেখা যায়৷ এই নৃত্যৰ মূল বৈশিষ্ট হ’ল, নৃত্যৰ মাজেৰে সদ্ভাৱনা বৃদ্ধি কৰি চুবুৰীয়া গাঁৱৰ মাজত বন্ধুত্ব স্থাপন কৰা৷ বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ সৈতে হাতে হাত মিলাই নচাটো ইয়াৰ এক বিশেষ দিশ৷২ ইয়ে এই নৃত্যক আন নৃত্যবোৰৰ পৰা পৃথক কৰিছে৷ সাধাৰণতে মাৰ্চ-এপ্ৰিল মাহত এই নৃত্য নচা হয়৷ অৱশ্যে বৰ্ষপূৰ্তি আৰু অন্যান্য বছৰেকীয়া উৎসৱৰ বাদে বিবাহ অনুষ্ঠানতো নৃত্য পৰিৱেশন কৰা হয়৷ বিবাহ অনুষ্ঠানৰ নৃত্যত শিল্পীসকলে নিজকে নানা ধৰণৰ গহণাৰে সজাই তোলে৷

বাদ্য

এই নৃত্যৰ লগত নানা ধৰণৰ বাদ্যযন্ত্ৰ সংগত কৰা হয়। ইয়াৰ ভিতৰত মৰি, কিৰিদি, টুডুমু, ডাপ্পু আৰু জোডুকম্মুলু আদি।৩

প্ৰকাৰ

ধীমচা নৃত্যৰ বিভিন্ন প্ৰকাৰ আছে৷ বোদা ধীমচা, গুণ্ডুৰি ধীমচা আৰু গোডী বেটা ধীমচা, টোলা ধীমচা, কুণ্ডা ধীমচা, বায়া ধীমচা আদি৷ সকলোবোৰ ধীমচাৰ পৰিৱেশন শৈলী বেলেগ বেলেগ৷ সাধাৰণতে গাঁৱৰ দেৱতা বা দেৱীক সন্মান জনাই কৰা স্তুতি আৰু পৰম্পৰাগত নৃত্য বোদা ধীমচাত অন্তৰ্ভুক্ত। গুণ্ডেৰী ধীমচা নৃত্য বা উস্কু নৃত্যত ময়ুৰৰ পাখিৰে নাচি থকা পুৰুষ নৃত্যশিল্পীসকলে মহিলা নৃত্যশিল্পীক তেওঁলোকৰ সৈতে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। গুডি বিটা নৃত্যত শৰীৰৰ দোলনৰ লগতে একেলগে পিছলৈ আৰু আগলৈ বেঁকা হোৱাটোও জড়িত হৈ থাকে। গোডী বিটা নৃত্য দেখিবলৈ বৰ আকৰ্ষণীয়। পোত্তৰ তোলা ধীমচা পাত তুলি লোৱাৰ প্ৰতীক। ধীমচাৰ আন ৰূপসমূহৰ ভিতৰত ভাগ ধীমচা আৰু নাতিকাৰী ধীমচা। ভাগ ধীমচাত হিংস্ৰ বাঘৰ কবলৰ পৰা পলায়নৰ ভাব প্ৰকাশ কৰা হয়। এইবোৰৰ উপৰি, দেৱালী উৎসৱৰ সময়ত নৃত্যশিল্পীসকলে দেৱী কালীক শ্ৰদ্ধাঞ্জলী জনাবলৈ সাপৰ দৰে গতি বিধি প্ৰদৰ্শন কৰে৷ এইবোৰৰ বাহিৰেও ধীমচা নৃত্যৰ আন ধৰণো আছে আৰু এইবোৰ নিজস্ব ধৰণে একচেটিয়া আৰু ব্যতিক্ৰমী। ড্ৰামত বোল দিয়াৰ লগে লগে নৃত্যশিল্পীসকলে অৰ্ধবৃত্তাকাৰ হৈ ইগৰাকীয়ে সিগৰাকীৰ কঁকলত পিঠিয়েদি হাত দি এজনে আনজনৰ হাতত ধৰি ভৰি নচুৱাই নৃত্য কৰে৷৪

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ www.indianholiday.com/andhra-pradesh/arts-and-cr
  3. ↑ www.auchitya.com/dhimsa-dance-folk-dance-of-the-
  4. ↑ www.thehansindia.com/news/cities/visakhapatnam/d

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্যঅন্ধ্ৰপ্ৰদেশৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধীমচা নৃত্য” প্ৰবন্ধৰ সংশোধন ৫৭২২৭১ (২৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।