নাগমণ্ডল (Nagamandala) ১৯৯৭ চনত নিৰ্মিত ভাৰতীয় কানাড়া ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ পৰিচালক টি. এচ নাগভৰণ। কাহিনী লিখিছে গিৰিশ কনাৰ্ডে। ১ শ্ৰীহৰি এল খোদেৰ দ্বাৰা প্ৰযোজিত আৰু চি অশ্বথৰ সংগীতেৰে নিৰ্মিত ২ এইখন ১৯৮৮ চনৰ কৰ্নাডৰ একে নামৰ নাটকৰ অভিযোজন, যিখন স্থানীয় লোককথা আৰু আচাৰ-অনুষ্ঠানৰ আধাৰত ৰচিত হৈছিল। ৩ ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰকাশ ৰাজ আৰু বিজয়লক্ষ্মীয়ে। ছবিখনত এগৰাকী মহিলা আৰু বেপৰোৱা স্বামীৰ ৰূপত এটা সাপৰ মাজত সংঘটিত ৰোমান্টিকতাৰ কাহিনী চিত্ৰায়ণ কৰা হৈছে।
মুক্তিৰ পিছতে ছবিখনে ইয়াৰ বিষয়বস্তু আৰু চলচ্চিত্ৰীয় অভিযোজনৰ বাবে বহুতো সন্মানীয় বঁটা লাভ কৰে। চি অশ্বথে সুৰ দিয়া ১৫টা ট্ৰেকৰে গঠিত এই চাউণ্ডট্ৰেকটো লোকগীত আধাৰিত আছিল বাবে অতি জনপ্ৰিয় হৈ পৰে। ইয়াত কৰা অভিনয়ৰ বাবে বিজয়লক্ষ্মীয়ে কানাড়া ভাষা শিতানত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰে। ৪
কৰ্নাডৰ নাটক “বিজয়দান দেথা”ক ১৯৭০ দশকৰ ৰাজস্থানী লোককথাৰ আধাৰত ৰচিত চুটিগল্প “দুৱিধা”ৰ সৈতে তুলনা কৰা হয়, যাৰ কাহিনীভাগ একেধৰণৰ আৰু এই ছবিখনৰ উৎস হিচাপেও উল্লেখ কৰা হৈছে। ৫ দেথাৰ কাহিনীটোক ১৯৭৩ চনত একে নামৰ এখন ছবিলৈ অভিযোজিত কৰা হয় আৰু পিছলৈ ২০০৫ চনত “পহেলী” নামেৰে পুনৰ নিৰ্মাণ কৰা হয়। ৬
নাগমণ্ডলক ১৯৯৭ চনত ভাৰতৰ ২৮তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় পেনোৰামা শিতানৰ বাবে নিৰ্বাচিত কৰা হয়। ৭
বাহ্যিক সংযোগ
- Performance of the play Nagamandala, India International Centre, 2007
তথ্যসূত্ৰ
- ↑ (11 April 2019). Book Review: Nagamandala by Girish Karnad. Feminism in India
- ↑ C Ashwath. (1997). Nagamandala (Original Motion Picture Soundtrack). Gaana. Jhankar Music
- ↑ (2011). The Oxford Companion to Indian Theatre. Oxford University Press
- ↑ (5 February 2017). 45th Filmfare South Best Actresses: Santosh: Free Download & Stream…
- ↑ (2014). Journal of Dramatic Theory and Criticism. University of Kansas. পৃ. 66
- ↑ Top ten Kannada films to have been remade. Times of India
- ↑ Popular Kannada movies that you should not miss · Deccan Herald -
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগমণ্ডলম” প্ৰবন্ধৰ সংশোধন ৪৭৮৭৩৭ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।