অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নিৰ্জন চৈকতে

নিৰ্জন চৈকতে ( The Desolate Beach ) তপন সিনহাৰ পৰিচালনাত নিৰ্মিত এখন বাংলা ছবি। ১৯৬৩ চনত মুক্তি পোৱা এই ছবিখন কালকূট ছদ্মনামৰে সাহিত্য ৰচনা কৰা বিশিষ্ট বাংলা লেখক সমৰেশ বসুৰ একে নামৰ উপন্যাসৰ অভিযোজন।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নিৰ্জন চৈকতে ( The Desolate Beach ) তপন সিনহাৰ পৰিচালনাত নিৰ্মিত এখন বাংলা ছবি।১ ১৯৬৩ চনত মুক্তি পোৱা এই ছবিখন কালকূট ছদ্মনামৰে সাহিত্য ৰচনা কৰা বিশিষ্ট বাংলা লেখক সমৰেশ বসুৰ একে নামৰ উপন্যাসৰ অভিযোজন।২৩৪ ছবিখনক তৃতীয় ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে চিলভাৰ পিক’কেৰে সন্মানিত কৰা হয়।৫

কাহিনীৰ সাৰাংশ

নায়কে নিজৰ দৈনন্দিন মহানগৰীয় জীৱনৰ পৰা কিছুদিনৰ বাবে মুক্ত হ’বলৈ ৰেলযোগে পুৰীলৈ গৈ আছে। যাত্ৰাৰ কালছোৱাত পুৰী দৰ্শন কৰিবলৈ ৪ জনীয়া বঙালী বিধৱাৰ দল এটাৰ সৈতে চিনাকি হয়, যাৰ লগত তেওঁলোকৰ ভতিজীও আছিল। এই মহিলাসকলে আচলতে প্ৰেমিকৰ সৈতে মাত্ৰ এৰাএৰি হোৱা ভতিজীক শান্ত কৰিবলৈ ওলাইছিল। বাকী কাহিনীটো এই মানুহবোৰ আৰু নায়কৰ লগত তেওঁলোকৰ আকৰ্ষণ আৰু সম্পৰ্কক কেন্দ্ৰ কৰি ঘূৰি আছে। নায়কে সেইবোৰত আমোদ পায় আৰু নিজৰ ফালৰ পৰা ছোৱালীজনীক শান্ত কৰিবলৈ চেষ্টা কৰে। ছবিখনত বিধৱাৰ বাবে সামাজিক নিষেধাজ্ঞা দেখুৱাবলৈ চেষ্টা কৰা হৈছে।

বঁটা

  • এই ছবিখনৰ বিধৱাৰ চৰিত্ৰ ৰূপায়ন কৰা মুখ্য চৰিত্ৰৰ ৪ গৰাকী মহিলাই ১৯৬৫ চনৰ ৩য় ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যুটীয়াভাবে শ্ৰেষ্ঠ অভিনেতা বঁটা (মহিলা) লাভ কৰিছিল।৪
  • অডিয়েঞ্চ এৱাৰ্ড: ছিদনী চলচ্চিত্ৰ মহোৎসৱ
  • চিলভাৰ পিকক - শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি: ৩য় ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত।৬

তথ্যসূত্ৰ

  1. ↑ Nirjan Saikate (1963) - Review, Star Cast, News, Photos. Cinestaan
  2. ↑ Nirjan Saikate (1963). Indiancine.ma
  3. ↑ (3 October 2017). One of Asia's First Film Festivals – IFFI over the years.. International Film Festival of India, Goa
  4. ↑ Directorate of Film Festival. iffi.nic.in
  5. ↑ (3 October 2017). One of Asia's First Film Festivals – IFFI over the years.. International Film Festival of India, Goa
  6. ↑ (23 November 2019). IFFI Best actress awards

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰবঙালী চলচ্চিত্ৰ১৯৬৩ বৰ্ষৰ চলচ্চিত্ৰতপন সিনহা পৰিচালিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্জন চৈকতে” প্ৰবন্ধৰ সংশোধন ৬৩৭২৯১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।