অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অফচাইড (২০০৬ ইৰানীয় চলচ্চিত্ৰ)

অফচাইড ( Offside, آفساید ) ‎২০০৬ চনত মুক্তিপ্ৰাপ্ত, জাফৰ পানাহি পৰিচালিত এখন ইৰাণীয় চলচ্চিত্ৰ, য’ত বিশ্বকাপ ফুটবলৰ কোৱালিফাইং মেচ এখন চাবলৈ প্ৰচেষ্টা চলোৱা, অথচ মহিলা হোৱা বাবে ষ্টেডিয়ামত প্ৰবেশৰ অনুমতি নোপোৱা কেইজনীমান ছোৱালীৰ কাহিনী চিত্ৰায়িত কৰা হৈছে।

হালনাগাদ: ৬ মে’ ২০২৬ ৪৫৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অফচাইড ( Offside, آفساید ) ‎২০০৬ চনত মুক্তিপ্ৰাপ্ত, জাফৰ পানাহি পৰিচালিত এখন ইৰাণীয় চলচ্চিত্ৰ, য’ত বিশ্বকাপ ফুটবলৰ কোৱালিফাইং মেচ এখন চাবলৈ প্ৰচেষ্টা চলোৱা, অথচ মহিলা হোৱা বাবে ষ্টেডিয়ামত প্ৰবেশৰ অনুমতি নোপোৱা কেইজনীমান ছোৱালীৰ কাহিনী চিত্ৰায়িত কৰা হৈছে।১ ইৰানৰ ষ্টেডিয়ামত হিংসাত্মক ঘটনা ঘটাৰ বা মৌখিক উৎপীড়নৰ ভুক্তভোগী হোৱাৰ প্ৰবল আশংকা থকাৰ যুক্তিত মহিলাক প্ৰবেশৰ অনুমতি দিয়া নহয়। পৰিচালকজনে নিজৰে জীয়ৰীৰ যিকোনো প্ৰকাৰে খেল চাবলৈ ষ্টেডিয়ামত প্ৰবেশ কৰাৰ সিদ্ধান্তৰ দ্বাৰা অনুপ্ৰাণিত হৈ ছবিখন নিৰ্মাণ কৰিছিল। অফচাইডৰ দৃশ্যগ্ৰহণ ইৰাণত হয়২ যদিও ছবিখনৰ প্ৰদৰ্শন দেশখনত নিষিদ্ধ কৰা হৈছিল।৩

কাহিনী

ইৰানৰ ষ্টেডিয়ামত মহিলাৰ প্ৰবেশ নিষিদ্ধ। সেয়েহে টেহৰানৰ আজাদী ষ্টেডিয়ামত ইৰান আৰু বাহৰেইনৰ মাজত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ কোৱালিফাইং মেচ এখন চাবলৈ ল’ৰাৰ ছদ্মবেশেৰে ছোৱালী এজনীয়ে ক’লাবজাৰত টিকট ক্ৰয় কৰি প্ৰবেশৰ চেষ্টা কৰে। কিন্তু মহিলাৰ অবৈধ প্ৰবেশত বাধা দিবলৈ দায়িত্ব ন্যস্ত কৰা সেনাৰ হাতত তাই ধৰা পৰে। তাইক ষ্টেডিয়ামৰ ওপৰ মহলাৰ অঞ্চল এটাত আবদ্ধ কৰি ৰখা হয়, য’ত ইতিমধ্যে তাইৰ নিচিনাকৈ প্ৰবেশ কৰিব বিচৰা আৰু কিছু ছোৱালীক আবদ্ধ কৰি ৰখা হৈছিল।পহৰা দি থকা সেনা জোৱানকেইজনে মাজেমাজে খেলৰ ধাৰা-বিৱৰণী ছোৱালীহঁতক দি থাকে।

খেলৰ দ্বিতীয়াৰ্দ্ধত ছোৱালীহঁতক তথা ষ্টেডিয়ামলৈ আতচবাজী কঢ়িয়াই অনাৰ অপৰাধত আটক হোৱা এজন কমবয়সীয়া যুবকক সেনা জোৱানকেইজনে বিষয়াৰ নিৰ্দেশত বিচাৰৰ বাবে ভাইচ স্কোৱাদৰ সদৰদপ্তৰলৈ এখন বাচেৰে লৈ যায়। যাওঁতে সেনা এজনে বাচত থকা ৰেডিঅ’টো চলাই দিয়ে। ৰেডিঅ’ত চলি থকা ধাৰাভাষ্যৰ পৰা জনা যায় যে খেলখন ড্ৰ হোৱাত অতিৰিক্ত তিনি মিনিট সময় বঢ়াই দিয়া হয়। সেই সময়খিনিতে মহম্মদ নচৰতিৰ একমাত্ৰ গোলটোৰে ইৰানে বাইৰেইনৰ ওপৰত বিজয় সাব্যস্ত কৰে। ছোৱালীকেইজনী তথা সেনাজোৱান কেইজন উল্লাসত ফাটি পৰে। পিছে কাহিনীৰ আৰম্ভণিতে উল্লেখ কৰা ছোৱালীজনীয়ে আনন্দ উল্লাসৰ সলনি উচুপিহে আছিল। কাৰণ সোধাত তাই কয় যে তাইৰ ফুলবল খেলৰ প্ৰতি কোনো আগ্ৰহ নাই। ইৰান-জাপান মেচৰ সময়ত হোৱা মৰামৰিত মৃত্যু হোৱা সাতজনৰ মাজত তাইৰ বন্ধু এজনো আছিল, যাৰ স্মৃতিত তাই বিশ্বকাপ কোৱালিফাইং মেচখন চাবলৈ আহিছিল।

ছোৱালীহঁতক কঢ়িয়াই নিয়া বাচখন ট্ৰেফিক জামত আবদ্ধ হৈ পৰে। তেহৰাণ চহৰ ইতিমধ্যে আনন্দোৎসৱত মতলীয়া হৈ উঠিছিল। বাচখনখন থকা সকলোৱে নামি গৈ সেই আনন্দোৎসৱত চামিল হৈ পৰিল।

পানাহিয়ে বাস্তৱিক ষ্টেডিয়ামত আৰু বাস্তৱিক মেচত ছবিখনৰ চিত্ৰায়ণ কৰিছিল। জয় বা পৰাজয়ৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ দুটা সাম্ভাব্য সমাপ্তিৰ পৰিকল্পনা কৰি ৰাখিছিল। অৱশ্যে মেচখনত ইৰানেই জয়ী হয়।৪

সমালোচকৰ স্বীকৃতি

ছবিখনে সমালোচকসকলৰ পৰা অতি ইতিবাচক সমালোচনা পাবলৈ সক্ষম হৈছিল। চলচ্চিত্ৰ, ভিডিঅ’গেম আদিৰ সমীক্ষক ৰ’টেন টমেটোজে প্ৰতিবেদন দিয়ে যে মুঠ ৭৬টা সমীক্ষাৰ ৯৭ শতাংশতে অফচাইডে ইতিবাচক সমীক্ষা লাভ কৰিছিল।৫ মেটাক্ৰিটিকৰ মতে ছবিখনে লাভ কৰা স্কোৰ আছিল ১০০ৰ ভিতৰত ৮৫। মুঠ ২৫টা সমীক্ষাৰ আধাৰত এই স্কোৰ দিয়া হৈছিল।৬

শীৰ্ষৰ দহ তালিকা

অফচাইডে বহু চলচ্চিত্ৰ সমালোচকৰ ২০০৭ চনৰ শ্ৰেষ্ঠ ১০খন চলচ্চিত্ৰৰ তালিকাত স্থান পাইছিল।৭

  • ১ম – এড্ গোনজালেজ, শ্লেণ্ট মেগাজিন
  • ২য় – নোৱেল মুৰী, দ্য এ.ভি. ক্লাব
  • ৬ষ্ঠ – জে. হবেৰমেন, দ্য ভিলেজ ভয়েচ
  • ৯ম – পিটাৰ ৰেইনাৰ, দ্য খ্ৰীষ্টিয়ান চায়েঞ্চ মনিটৰ
  • ৯ম – টাচা ৰবিনচন, দ্য এ.ভি. ক্লাব

বঁটা

২০০৬-ৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখন চিলভাৰ বিয়েৰ লাভ কৰে। লগতে ২০০৬-ৰ নিউয়ৰ্ক আৰু টৰেণ্ট’ চলচ্চিত্ৰ মহোৎসৱলৈ আধিকাৰিক বাচনিভূক্ত হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Wilmington, Michael. (20 April 2007). 'Offside' scores as political protest, entertainment. Newspapers.com. Chicago Tribune. পৃ. 7A-2
  2. ↑ Offside (2006/I)
  3. ↑ Offside (2006/I) - Trivia
  4. ↑ Peter, Bradshaw. (2006-06-09). Offside. the Guardian
  5. ↑ Offside - Rotten Tomatoes. Rotten Tomatoes
  6. ↑ Offside (2007): Reviews. Metacritic
  7. ↑ Metacritic: 2007 Film Critic Top Ten Lists. Metacritic

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অফচাইড (২০০৬ ইৰানীয় চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬০৪৭৩৬ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।