অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অভয়ম

অভয়ম (Shelter; আশ্ৰয়) হৈছে ১৯৯১ চনত মুক্তি লাভ কৰা এখন মালায়লম ভাষাৰ শিশু চলচ্চিত্ৰ। শিশু চলচ্চিত্ৰ সমাজ, ভাৰতৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কাহিনী ৰচনা কৰে শিবু চক্ৰবৰ্তীয়ে আৰু পৰিচালনা কৰে শিৱমে। ছবিখনৰ মূল ভূমিকাকেইটা ৰূপায়ণ কৰে মধু, পাৰ্বতী জয়ৰাম, মাষ্টাৰ তৰুণ কুমাৰ, আৰু বেবী অম্বালীয়ে।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৩ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অভয়ম (Shelter; আশ্ৰয়) হৈছে ১৯৯১ চনত মুক্তি লাভ কৰা এখন মালয়ালম ভাষাৰ শিশু চলচ্চিত্ৰ। শিশু চলচ্চিত্ৰ সমাজ, ভাৰতৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কাহিনী ৰচনা কৰে শিবু চক্ৰবৰ্তীয়ে আৰু পৰিচালনা কৰে শিৱমে। ছবিখনৰ মূল ভূমিকাকেইটা ৰূপায়ণ কৰে মধু, পাৰ্বতী জয়ৰাম, মাষ্টাৰ তৰুণ কুমাৰ, আৰু বেবী অম্বালীয়ে। ছবিখন হিন্দী ভাষাত মেঁ ফিৰ আওংগা নামেৰে ডাব কৰি মুক্তি দিয়া হয়।

ছবিখনৰ কাহিনী

আঠবছৰীয়া বিনু এটা প্ৰকৃতিৰ প্ৰতি আকৃষ্ট কলাত্মক ভাৱৰ ল'ৰা। তাৰ মাক-দেউতাকে কিন্তু তাক বান্ধোনৰ মাজত ৰাখিবলৈ চেষ্টা কৰে। বিনুৱে তাৰ দৈনিক কাম-কাজবোৰ কৰোঁতে নিজকে সময়ৰ দাস যেন পায়। সি তাৰ ককাদেউতাক আৰু তেওঁৰ গাঁওখনৰ কথা ভাবি মনত শান্তি পায়। এদিন বিনু ঘৰৰপৰা পলাই যায়। যাত্ৰাপথত সি বহুধৰণৰ মানুহ লগ পোৱাৰ লগতে ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সম্মুখীন হয়। অৱশেষত সি নিজৰ গন্তব্যস্থান ককাদেউতাকৰ গাঁওখনত উপস্থিত হয়গৈ।১

অভিনয় শিল্পী

  • মধু
  • পাৰ্বতী জয়ৰাম
  • মাষ্টাৰ তৰুণ কুমাৰ
  • ৰামচন্দ্ৰন
  • বেবী অম্বালী

পুৰস্কাৰ

অভয়ম ছবিখনে তলত উল্লিখিত পুৰস্কাৰসমূহ লাভ কৰে: সপ্তম আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱ, ভাৰত

  • চিলভাৰ এলিফেণ্ট এৱাৰ্ড
  • বিশেষ জুৰীৰ বঁটা

৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰ

ফিল্ম ফেষ্টিভেল ৰাগাজী, বেলিনজোনা, চুইজাৰলেণ্ড

  • "Environment and Quality of Life" পুৰস্কাৰ

প্ৰথম উৰুগুৱে শিশু চলচ্চিত্ৰ মহোৎসৱ

  • বিশেষ উল্লেখ আৰু পুৰস্কাৰৰ মৃণ্ময় প্ৰতিমা আৰু পৰিচালকলৈ প্ৰমাণ পত্ৰ

তথ্যসূত্ৰ

  1. ↑ cfsindia.org - "Abhayam"

সম্পৰ্কিত শ্ৰেণী

মালয়ালম চলচ্চিত্ৰশিশু চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভয়ম” প্ৰবন্ধৰ সংশোধন ৩৯৬০২০ (১০ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।