অপৰণ (Aparan)হৈছে ১৯৮৮ চনত মুক্তি লাভ কৰা এখন ভাৰতীয় মালয়ালম ভাষাৰ ৰহস্যধৰ্মী মনস্তাত্ত্বিক থ্ৰিলাৰ চলচ্চিত্ৰ। পি. পদ্মৰাজনে ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখাৰ লগতে পৰিচালনাও কৰিছিল। ছবিখন তেওঁৰ একে নামৰ চুটি গল্পৰ আধাৰত নিৰ্মিত।১২ ছবিখনত জয়ৰামে দ্বৈত চৰিত্ৰত অভিনয় কৰাৰ লগতে মুকেশ, শোভনা, পাৰ্বতী জয়ৰাম আৰু মধু আদিয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। .৩৪ ছবিখনৰ মূল বিষয় হৈছে ভুল পৰিচয় আৰু এগৰাকী নিৰ্দোষ যুৱকে জীৱনত তাৰ ফলত সন্মুখীন হ'বলগীয়া বিভিন্ন সমস্যাৰ কাহিনী। ছবিখনে এগৰাকী নিৰীহ যুৱকৰ জীৱনলৈ ভুল পৰিচয়ৰ জৰিয়তে নামি অহা জটিলতা, সংকট আৰু মানসিক যন্ত্ৰণাক কেন্দ্ৰ কৰি কাহিনী আগবঢ়াইছে।৫ অপৰণ আছিল জয়ৰামৰ অভিনয় জীৱনৰ প্ৰথমখন চলচ্চিত্ৰ। ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে ব্যৱসায়িকভাৱেও সফলতা অৰ্জন কৰিছিল। পৰৱৰ্তী সময়ত ছবিখন তামিল ভাষাত Manidhan Marivittan (১৯৮৯) নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।৬ আজিও অপৰণক মালয়ালম চলচ্চিত্ৰৰ এখন কাল্ট ক্লাছিক হিচাপে গণ্য কৰা হয়।৭
সংগীত
ছবিখনত কোনো সংগীত নাই৷
উল্লেখযোগ্য তথ্য
অপৰণ ছবিখনত কোনো গীত নাই আৰু ছবিখনৰ চৰিত্ৰৰ সংখ্যাও যথেষ্ট সীমিত। ছবিখনৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য হৈছে—বিশ্বনাথনৰ সৈতে যাক ভুলবশতঃ একে ব্যক্তি বুলি ভবা হয়, সেই ছদ্মবেশী ব্যক্তিজনক জীৱিত অৱস্থাত কেতিয়াও দেখুওৱা হোৱা নাই। আন চৰিত্ৰসমূহৰ সংলাপৰ জৰিয়তেহে দৰ্শকে তেওঁৰ বিষয়ে জানিবলৈ পায়। অৱশ্যে ছবিখনৰ শেষৰফালে ছদ্মবেশীজনৰ কণ্ঠ শুনিবলৈ পোৱা যায়, যেতিয়া তেওঁ ফোনযোগে বিশ্বনাথনক ভাবুকি দিয়ে। ছদ্মবেশীজনৰ মুখখন স্পষ্টকৈ দেখুওৱা একমাত্ৰ মুহূৰ্তটো আহে ছবিখনৰ শেষত, যেতিয়া তেওঁৰ মৃতদেহ ভুলবশতঃ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে বিশ্বনাথনৰ ঘৰত লৈ অহা হয়।
জয়ৰামৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰা পাৰ্বতী জয়ৰামে পৰৱৰ্তী সময়ত ১৯৯২ চনত জয়ৰামক বিবাহ কৰে। জয়ৰামক চলচ্চিত্ৰ জগতত পৰিচয় কৰাই দিয়া পি. পদ্মৰাজনক তেওঁৰ চলচ্চিত্ৰ জীৱনৰ গুৰু বা মেণ্টৰ হিচাপেও গণ্য কৰা হয়। পৰৱৰ্তী সময়ত জয়ৰামে পি. পদ্মৰাজনৰ পৰিচালনাত আৰু দুখন ছবিত অভিনয় কৰে।
ছবিখনৰ মূল ধাৰণাটো পি. পদ্মৰাজনৰ ‘অপৰণ’ নামৰ চুটি গল্পৰ আধাৰত গঢ় লৈ উঠিছে। গল্পটোৰ কৃতিত্ব পদ্মৰাজন আৰু এম. কে. চন্দ্ৰশেখৰণ; দুয়োগৰাকীকে দিয়া হৈছে।
তথ্যসূত্ৰ
- ↑ (10 December 2021). Happy Birthday Jayaram: കലാഭവന്റെ വീഡിയോ കാസറ്റില് നിന്ന് പത്മരാജന് കണ്ടെത്തിയ നായകന്. Asianet News
- ↑ (18 February 2020). അശ്വതിയും അപരനും എന്റെ ജീവിതത്തില് എത്തിയ ദിവസം; ജയറാം പറയുന്നു. Mathrubhumi News
- ↑ (18 February 2020). 'അപരനും' അശ്വതിയും തനിക്ക് ലഭിച്ചിട്ട് 32 വർഷങ്ങളായെന്ന് ജയറാം. Samayam
- ↑ (12 May 2021). 'അപരന്' സുപരിചിതനായിട്ട് 33 വര്ഷം; ആദ്യ സിനിമയുടെ ഓര്മ്മകളുമായി ജയറാം. Samayam
- ↑ Shrijith, Sajin. (23 August 2018). Padmarajan's Aparan still remains fresh after 30 years. Cinema Express
- ↑ (12 May 2022). Jayaram pens a moving note as his debut film 'Aparan' clocks 34 years. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (18 February 2022). Jayaram on 34 years of 'Aparan': The day I first met Aswathi. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপৰণ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২৬০৯২ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।