অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিণ্টিং

অনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিণ্টিং (Anokhi Museum of Hand Printing) হৈছে ৰাজস্থানৰ অম্বৰত অৱস্থিত হেণ্ড-ব্লক প্ৰিন্টিঙৰ কলাৰ প্ৰতি উৎসৰ্গিত এক ব্যক্তিগত সংগ্ৰহালয়। ২০০৫ চনত মুকলি কৰা এই সংগ্ৰহালয়টো অনোখীৰ প্ৰতিষ্ঠাপকসকলৰ পদক্ষেপ, যি ব্লক-প্ৰিণ্টেড কাপোৰৰ এটা ভাৰতীয় খুচুৰা ব্ৰেণ্ড।

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২৫ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

অনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিণ্টিং (Anokhi Museum of Hand Printing) হৈছে ৰাজস্থানৰ অম্বৰত অৱস্থিত হেণ্ড-ব্লক প্ৰিন্টিঙৰ কলাৰ প্ৰতি উৎসৰ্গিত এক ব্যক্তিগত সংগ্ৰহালয়। ২০০৫ চনত মুকলি কৰা এই সংগ্ৰহালয়টো অনোখীৰ প্ৰতিষ্ঠাপকসকলৰ পদক্ষেপ, যি ব্লক-প্ৰিণ্টেড কাপোৰৰ এটা ভাৰতীয় খুচুৰা ব্ৰেণ্ড। ১

ৰেচেল ব্ৰেকেন-সিং আৰু তেওঁৰ স্বামী প্ৰীতম সিঙে এই সংগ্ৰহালয়টোৰ পৰিকল্পনা কৰিছিল।২ ইয়াৰ উদ্দেশ্য হৈছে পৰম্পৰাগত শিল্পকৰ্মসমূহ সংৰক্ষণ কৰা, ব্লক-প্ৰিণ্টিং শিল্পকলাৰ কৌশল আৰু ইয়াৰ চহকী ইতিহাসৰ বিষয়ে জানিবলৈ এক স্পৰ্শনীয় অনুভৱ প্ৰদান কৰা। সংগ্ৰহালয়টোত বস্ত্ৰ আৰু সা-সঁজুলিৰ এক বিস্তৃত সংগ্ৰহ প্ৰদৰ্শিত কৰা হৈছে। ৩

সংগ্ৰহ

সংগ্ৰহালয়টোত বিভিন্ন ধৰণৰ সংগ্ৰহ আছে, যিবোৰ শিল্পৰ ইতিহাসৰ সৈতে সংপৃক্ত। ইয়াৰ উপৰিও ইয়াত বিৰল পৰম্পৰাগত সাজ-পোছাকৰ পৰা আৰম্ভ কৰি শিল্পীসকলে সৃষ্টি কৰা উদ্ভাৱনীমূলক চানেকিলৈকে বিভিন্ন ধৰণৰ সমসাময়িক কাপোৰৰ সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। অনোখী আৰ্কাইভত ১৯৭০ দশকৰ পৰা আৰম্ভ হোৱা কাপোৰ আৰু ঘৰুৱা সামগ্ৰীৰ সংগ্ৰহ আছে।৪ ইয়াত প্ৰদৰ্শিত বস্ত্ৰ পৰম্পৰাসমূহৰ ভিতৰত ৰাজস্থানৰ বলোটাৰ গ্ৰামীণ পৰিধানৰ পৰা লৈ গুজৰাটৰ ‘অজৰক’ ৰংকৰণ (dying) কৌশললৈকে অন্তৰ্ভুক্ত কৰা হৈছে।৩ কোট আৰু জেকেট, বিচাউনি বা বেডকভাৰ, আৰু ব্লক প্ৰিণ্টিং শিল্পত ব্যৱহৃত সঁজুলি, যেনে কাঠ আৰু লোহাৰ ব্লক, চিজেল, ড্ৰিল আদিও এই সংগ্ৰহৰ এক গুৰুত্বপূৰ্ণ অংশ।৪

তথ্যসূত্ৰ

  1. ↑ Needleman, Deborah. (2018-05-18). The Ancient Art of Jaipur Block Printing, and What It Means to India. The New York Times
  2. ↑ About AMHP – Anokhi Museum
  3. ↑ (2011-06-25). Anokhi: One of its kind. Deccan Herald
  4. ↑ Our Collection – Anokhi Museum

সম্পৰ্কিত শ্ৰেণী

ৰাজস্থানৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনোখী মিউজিয়াম অৱ হেণ্ড প্ৰিণ্টিং” প্ৰবন্ধৰ সংশোধন ৪৬৯৩৮৪ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।