অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অসমৰ পৰম্পৰাগত সাজ-পাৰ

অসমৰ পুৰুষ সমাজে অতীতৰ পৰা ধূতী পিন্ধি আহিছে। পুৰণি চিত্ৰ আৰু মূৰ্তিৰ পৰা জানিব পৰা যায় যে, পুৰুষে ধূতী নাভিৰ তলত পিন্ধিছিল আৰু তলফালে সাধাৰণতে আঁঠুৰ ওপৰত পেলাই পিন্ধিছিল। এনে প্ৰমাণ দশম শতিকাত নিৰ্মাণ হোৱা দেওপানীৰ বিষ্ণুমূৰ্তিত বিশেষত্ব বিদ্যমান।

হালনাগাদ: ২৮ জুলাই ২০২৬ ১,৯৮৪ শব্দ · ১১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

অসমৰ পুৰুষৰ সাজ-পাৰ

অসমৰ পুৰুষ সমাজে অতীতৰ পৰা ধূতী পিন্ধি আহিছে। পুৰণি চিত্ৰ আৰু মূৰ্তিৰ পৰা জানিব পৰা যায় যে, পুৰুষে ধূতী নাভিৰ তলত পিন্ধিছিল আৰু তলফালে সাধাৰণতে আঁঠুৰ ওপৰত পেলাই পিন্ধিছিল। এনে প্ৰমাণ দশম শতিকাত নিৰ্মাণ হোৱা দেওপানীৰ বিষ্ণুমূৰ্তিত বিশেষত্ব বিদ্যমান। মৰ্যাদা অনুসৰি পুৰুষৰ সাজ-পাৰ: অসমৰ পুৰুষ সমাজত সামাজিক মৰ্যাদা অনুসৰি সাজ-পাৰ পৰিধান কৰা হৈছিল। নিম্নস্তৰৰ পুৰুষে কেৱল ধূতী পৰিধান কৰিছিল। আনহাতেদি বিষয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ পুৰুষে ধূতী আৰু গাত চাদৰ পৰিধান কৰিছিল। এই বস্ত্ৰ পৰিধান কৰা উচ্চ মৰ্যাদাসম্পন্ন পুৰুষে ধূতী পিন্ধোতে ভৰিৰ সৰু গাঁথি পৰ্যন্ত চুইছিল। একবস্ত্ৰ পৰিধান কৰা পুৰুষে সাধাৰণতে একাঁচলেৰে পোন্ধ মাৰে আৰু আন একাঁচলেৰে কঁকালত টানকৈ মেৰাই কমৰ বান্ধে। দুই বস্ত্ৰ পৰিধান কৰা সকলে ধূতী একাঁচলেৰে পোন্ধ মাৰে আৰু আনটো আঁচলেৰে থোৰ মাৰে। উচ্চ শ্ৰেণীৰ পুৰুষে চাদৰ লোৱাও নিয়ম আছে। কেতিয়াবা কেৱল ডিঙিত এমেৰ দি এটা আগ আগফালে আৰু আনটো আগ পাছফালে পিঠিত পেলাই থোৱা হয়। কেতিয়াবা চাদৰখন পিঠিত মেলি দুফালৰ দুটা আঁচল দুই বাউসীত পেলাই থয়।

অসমৰ নাৰীৰ সাজ-পাৰ

পুৰুষৰ সাজপাৰৰ দৰে অসমীয়া নাৰীৰ সাজপাৰৰ কিছুমান বিশেষত্ব আছে। আমাৰ প্ৰাক্‌-বৈষ্ণৱ যুগৰ সাহিত্যৰ অনেক ঠাইত নাৰীৰ সাজপাৰৰ প্ৰসংগত শাড়ীৰ প্ৰচলনৰ উল্লেখ আছে। আনকি উজনি- নামনি উভয়ৰে বিয়ানামতো শাড়ীৰ উল্লেখ আছে। প্ৰাচীন কালত অসমীয়া নাৰীৰ সাজপাৰৰ প্ৰসংগত শাড়ীৰ উল্লেখ থাকিলেও পৰৱৰ্তী কালত মেখেলা, ৰিহা বা মেখেলা - চাদৰহে অসমীয়া নাৰীৰ প্ৰধান সাজপাৰ হৈ পৰিল। আদিতে মেখেলা সী লোৱা নাছিল। মেখেলা সী লোৱা ব্যৱস্থা পিছতহে হয়। পুৰণি সাহিত্যত শাড়ীৰ কথা থাকিলেও মেখেলা -চাদৰৰহে প্ৰাধান্য পোৱা দেখা যায়। উদাহৰণস্বৰূপে - অজন্তাৰ নাৰী চৰিত্ৰবোৰৰ বুকুত মেথনি মৰা আৰু মেখেলা ঠিক আঁঠুৰ ওপৰত পৰাকৈ পিন্ধা দেখা যায়। আমাৰ অসমৰ জনজাতীয় নাৰীয়ে নিসীয়াকৈ মেখেলা আঁঠুৰ ঠিক তলে- ওপৰে পিন্ধি বুকুত মেথনি মৰা দেখা যায়। উদাহৰণস্বৰূপে, বড়ো মহিলা সকলে পৰিধান কৰা দখনা।

আহোম স্বৰ্গদেউসকলৰ দিনৰ সাজ-পাৰ

আহোম চাওফাসকলৰ দিনৰ পৰাই অসমীয়া সাজ-পাৰত দেশী-বিদেশী সাজ-পাৰৰ অধিক সংমিশ্ৰণ ঘটিবলৈ ধৰে। এইসকলৰ দিনতেই পাগুৰিৰ প্ৰচলন হয়। আহোম যুগৰ পৰা অসমীয়া সাজ-পাৰত বিদেশী প্ৰভাৱ বিশেষভাবে পৰিলক্ষিত হয়। সম্ভৱতঃ সী লোৱা বস্তুৰ ব্যাপক প্ৰচলন এই সময়ৰপৰাই হয়। চোলা (চোলক), এঙ্গা চোলা (আঙ্গিকা), জামা, চৌগা-চাপকন, ঘাগ্ৰা (সূত্ৰধাৰীৰ বেশ), জোতা-এইবোৰ ঘাইকৈ আহোম-মোগল দিনৰপৰা চলি অহা সাজ-পাৰ। ১

আহোম স্বৰ্গদেউসকলৰ দিনৰ নাৰীৰ সাজপাৰ

আহোম স্বৰ্গদেউসকলৰ দিনত অসমত অভিজাত শ্ৰেণী এটা গঢ় লৈ উঠিছিল। এই অভিজাত শ্ৰেণীটোৱে দৈনন্দিন ব্যৱহাৰ কৰা সাজপাৰ সাধাৰণ মানুহৰ সৈতে সম্পূৰ্ণ পৃথক নাছিল। বৰং সমাজত প্ৰচলিত সাজপাৰতকৈ কিছু বঢ়াই উন্নত ৰূপত পৰিধান কৰিছিল। গতিকে, সমাজৰ সাধাৰণ নাৰীয়ে পৰিধান কৰা ৰিহা, মেখেলা বা মেখেলা- চাদৰ অথবা মেখেলা মেথনিকে উন্নত ৰূপত অভিজাত শ্ৰেণী নাৰীয়ে পৰিধান কৰিবলৈ ল'লে। ফলস্বৰূপে উচ্চ শ্ৰেণীৰ তিৰোতাই মেখেলাখন ভৰিৰ গাঁথিলৈকে পিন্ধিবলৈ ল'লে। মেখেলাত কেইটামান ভাঁজ দি পিন্ধিবলৈ ল'লে। তদুপৰি দীঘল ৰিহাখনেৰে বুকুত মেৰাই কঁকালেদি আটি পাক দি টপিনাত লিপিত খুৱাই একাঁচনী কঁকালৰ খৌপনীত খুচি ওলমাই থ'বলৈ ল'লে আৰু আনটো কাঁচনী বুকুৰ ওপৰেদি নি বাওঁ কান্ধেদি পিছলৈ পেলাই থ'বলৈ শিকিলে। উন্নত অৱস্থা এটা অনুসৰণ কৰাটো সামাজিক ৰুচিবোধৰ লক্ষণ। সেইবাবেই সমাজৰ অভিজাত শ্ৰেণীৰ নাৰীয়ে পৰিধান কৰা নাৰীৰ এই সাজটোৱে স্বাভাৱিকতে নাৰী সমাজৰ মন আকৰ্ষণ কৰিবলৈ ল'লে। মুঠতে, অসমীয়া নাৰীৰ এই সাজটোৰ লগত আমাৰ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) জনজাতীয় মহিলাৰ সাজপাৰৰ গুণগত মিল বহুখিনি আছে।

পৰিৱৰ্তনৰ পথত অসমীয়া মানুহৰ সাজপাৰ

সভ্যতাৰ বিকাশ, সাংস্কৃতিক পৰিৱৰ্তন আৰু পৰিবৰ্ধন, জ্ঞান- বিজ্ঞানৰ নিত্য নতুনত্বৰ বাবেই অসমীয়া সাজপাৰৰ প্ৰকৃতিও সলনি হ'বলৈ ধৰিলে। আহোম স্বৰ্গদেউসকলৰ দিনতেই অসমীয়া সাজপাৰৰ বিস্তৰ পৰিৱৰ্তন হয় আৰু অসম বৃটিছ আমোললৈ যোৱাৰ পিছৰ পৰাই ভাৰতীয় আৰু বৰ্হিঃ ভাৰতীয় সাজপাৰৰ প্ৰভাৱ পৰিছেহি। বৃটিছ আমোলত ইউৰোপীয় পোছাকৰ প্ৰচলন হ'ল। লগে লগে ইউৰোপীয়,মোগল,ভাৰতীয়- এই তিনিও শ্ৰেণীৰ সাজ-পাৰৰ অদ্ভুত সংমিশ্ৰণো ঘটিল।১কিন্তু নাৰী সমাজৰ জাতীয়- সংস্কৃতি সংৰক্ষণ কৰাত স্বাভাৱিকতে ৰক্ষণশীল মনোভাৱৰ বাবে এতিয়াও অসমীয়া নাৰীৰ সাজপাৰৰ ঐতিহ্য ক্ষুণ্ণ হোৱা নাই। ইউৰোপীয় ধ্যান-ধাৰণাই অসমীয়া সাজপাৰৰ বহুখিনি পৰিৱৰ্তন ঘটাইছে যদিও সাজপাৰৰ প্ৰতি থকা অসমীয়া মানুহৰ সামাজিক ধ্যান-ধাৰণা মুঠেই খৰ্ব হোৱা নাই। ধৰ্মীয় বা সামাজিক অনুষ্ঠানত প্ৰধানভাৱে বগা ৰঙৰ কাপোৰৰ ব্যৱহাৰ। বিবাহ বা অন্যান্য মাংগলিক অনুষ্ঠানত নৱবস্ত্ৰ বা বোৱা শুদ্ধ কাপোৰৰ ব্যৱহাৰ, মৰাশ নতুন বগা কাপোৰেৰে ঢকা ব্যৱস্থা আদি এশ এবুৰি সামাজিক মূল্যবোধ এতিয়াও অটুট আছে।

মেখেলা

মেখেলা হৈছে অসমীয়া মহিলাই পৰিধান কৰা পোচাক 'মেখেলা-চাদৰ'ৰ তলৰ অংশ। মেখেলা সাধাৰণতে কঁকালত গাঁঠি মাৰি পিন্ধা হয়; মেখেলাই কঁকালৰ পৰা ভৰিলৈকে ধাকি ৰাখে। মেখেলাখন এখন নিৰ্দিষ্ট জোখৰ কাপোৰ সমানে দুভাগ কৰি কাটি দুয়োটুকুৰা একেলগে দুইফালে চিলাই ঠিক নমনীয় চুঙাৰ আকৃতিত তৈয়াৰ কৰা হয়; আকৌ তলে ওপৰে পাতলি চিলোৱা হয়। মেখেলাৰ ৰং যিকোনো হ'ব পাৰে; তাত কোনো বাধ্যবাধকতা নাই। কিন্তু মেখেলা খন চাদৰ আৰু চোলাৰ ৰঙৰ লগত মিলাই লোৱা হয়। মেখেলা বিভিন্ন প্ৰকাৰৰ আছে; যেনে–কাৰ্চিপৰ মেখেলা, বনকৰা মেখেলা, কিংখাপৰ মেখেলা, গুণাকটা মেখেলা, কপাহী সূতাৰ মেখেলা, গোমচেঙৰ মেখেলা, চাটনৰ মেখেলা, নৰা মেখেলা, পাটৰ মেখেলা, মুগাৰ মেখেলা, বুটা বছা মেখেলা, মেজাংকৰী মেখেলা।

ৰিহা

আঁচুফুলীয়া ৰিহা, গুণাকটা ৰিহা, কেঁচ বছা ৰিহা, গাঁৰিয়লী ৰিহা, দহী অলীয়া ৰিহা, বহৈলগা ৰিহা, ফুল বছা ৰিহা, ফুল - লতাৰ পাটৰ ৰিহা, মুগাৰ ৰিহা।

চাদৰ

চাদৰ হৈছে অসমীয়া মহিলাই পৰিধান কৰা সাজ 'মেখেলা-চাদৰ'ৰ ওপৰত পিন্ধা অংশ। চাদৰ সাধাৰণতে কঁকাল আৰু গাত মেৰিয়াই বাওঁ কান্ধত চাতি মাৰি পিঠিৰ ফাললৈ আঠুৰ তললৈকে ওলোমাই পিন্ধা হয়; চাদৰ আঠুৰ পৰা ডিঙিলৈকে ধাকিবৰ বাবে পিন্ধা হয়। চাদৰখন এখন নিৰ্দিষ্ট দৈঘ্য আৰু প্ৰস্থৰ কাপোৰ। চাদৰৰ দুইমূৰক আঁচল বুলি কোৱা হয়; এই আঁচল দুটা সুন্দৰ ৰঙীন আছুৰে বা ফুলামকৈ তৈয়াৰ কৰা হয়। আঁচল দুটাৰ আছু বা ফুলৰ আকাৰ আৰু ডিজাইন একেই। তাৰোপৰি কিছুমান চাদৰৰ দুইমূৰে দহি বঁতা হয়; এই দহিয়ে চাদৰৰ সৌন্দৰ্য সোনত সুৱগা চৰায়। আকৌ চাদৰৰ দুয়োটাকে আছুৰ পতি দিয়া হয়; বা নিৰ্দিষ্ট জোখ আৰু ডিজাইনেৰে প্ৰস্তুত কৰা পতি চিলাই কৰি লগাই দিয়া হয়। চাদৰৰ ৰং যিকোনো হ'ব পাৰে; তাত কোনো বাধ্যবাধকতা নাই। কিন্তু চাদৰখন মেখেলা আৰু চোলাৰ ৰঙৰ লগত মিলাই লোৱা হয়। চাদৰ বিভিন্ন প্ৰকাৰৰ আছে; যেনে– শাৰীৰী, মৈঠনি, কাঁচু, চেলেং চাদৰ, কেঁচা সূতাৰ চাদৰ, পকোৱা সূতাৰ চাদৰ, আঁচু দিয়া চাদৰ, গাঁৰিয়লী চাদৰ, পাৰি দিয়া চাদৰ, গুণাকটা চাদৰ, বুটাবছা চাদৰ, ৰিহা চাদৰ, এৰীয়া চাদৰ, বিছনা চাদৰ(বৰ কাপোৰ) ইত্যাদি।

পাগুৰী

উকা পাগ, কুহুমবুলীয়া পাগ, গুণাকটা পাগ, চিকন পাগ, ফচো, বৰপাগ, মথুৰা পাগ, মোগলাই পাগ।

চোলা

এঙাচোলা, গোমচেঙৰ চোলা, চাটনৰ চোলা, নৰা চোলা, বুকু চোলা, মিৰ্জাই চোলা,মোগলাই চোলা, চুটি চোলা, ফটুৱৈ চোলা।

চেলেং

চেলেং হৈছে অসমীয়া পুৰুষ আৰু মহিলা উভয়েই পৰিধান কৰা সাজ।ইয়াক চেলেং-চাদৰ বুলিও কোৱা হয়। চেলেং সাধাৰণতে ধৰ্মীয় পৰিবেশ বা বিবাহ সম্পৰ্কীয় কামৰ বাবে পৰিধান কৰা হয়। চেলেং সাধাৰণতে কঁকাল আৰু গাত মেৰিয়াই বা নিৰ্দিষ্ট জোখত দীঘাকৈ জাপি গাত মেৰিয়াই কান্ধত চাতি মাৰি পিঠিৰ ফাললৈ ওলোমাই পিন্ধা হয়; চেলেং কঁকালৰ পৰা ডিঙিলৈকে ধাকিবৰ বাবে পিন্ধা হয়। চেলেং এখন চাদৰৰ দৰেই নিৰ্দিষ্ট দৈঘ্য আৰু প্ৰস্থৰ কাপোৰ; কিন্তু ই চাদৰতকৈ বেছি দীঘল। চেলেঙৰ আগ দুটা সুন্দৰকৈ গুণা, পাত, মূগা বা বগা সুতাৰে উকা বা ফুলামকৈ তৈয়াৰ কৰা হয়। দুয়োটা আগৰ পতি বা ফুলৰ আকাৰ আৰু ডিজাইন একেই। তাৰোপৰি কিছুমান চেলেঙৰ দুইমূৰে দহি বঁতা হয়; এই দহিয়ে চেলেঙৰ সৌন্দৰ্য সোনত সুৱগা চৰায়। চাদৰৰ দৰে চেলেঙৰ দুই কাষত কোনো পতি দিয়া নহয়। চেলেঙৰ ৰং সাধাৰণতে বগা; কিন্তু মূগা বা পাতৰ ৰঙৰো হ'ব পাৰে; তাত কোনো বাধ্যবাধকতা নাই। চেলেং বিভিন্ন প্ৰকাৰৰ আছে; যেনে– পাটৰ ৰ চেলেং, চুৰিয়া, টঙালি, ধূতি, উত্তৰীয়, চাপকণ, জামা, হাঁচতি (তামোল বন্ধা হাঁচতি, মূৰ হাঁচতি, সূতা দিয়া হাঁচতি), গামোচা, কাছনী, পটলুং, এৰীসূতাৰ চাদৰ, এৰী সূতাৰ চেলেং।

মিছিং জনজাতিৰ সাজ পাৰ

মিচিংসকলৰ লোক-সংস্কৃতিৰ এটি দিশ হৈছে ‘সাজ-পাৰ’। মিচিংসকলৰ সাজপাৰত সুনিপুণ কাৰিকৰী কৌশল দেখিবলৈ পোৱা যায়। মিচিং পৰম্পৰাগত সাজপাৰৰ ‘গামিগ’ (ফুল)ৰ জ‍্যামিতিক আৰু ৰঙৰ মনোমোহা সংমিশ্ৰণ থাকে। মিচিং শিপিনীয়ে ঘৰতে জাতীয় সাজ-পাৰ বৈ লয়।

মিচিঙৰ জাতীয় সাজপাৰবোৰৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

১) পুৰুষে ব‍্যৱহাৰ কৰা সাজ-পাৰ: মিচিংসকলৰ পুৰুষসকলে ব‍্যৱহাৰ কৰা সাজপাৰসমূহৰ ভিতৰত উগন, গন্‌বৰ, গন্‌ৰ:, গালুগ, লুগ্‌ৰ:, গন্‌কগ, গন্‌য়াব, দুমৌৰ, মৌৰ্‌পুং, মিবুগালুগ, এ:তোপ, তাপুম গাচৰ, য়াম্ব গাচৰ ইত্যাদি উল্লেখযোগ্য।

ক) উগন: সাধাৰণ ধুতি বা চুৰিয়াক মিচিঙত ‘উগন’ বুলি কোৱা হয়। মিচিং পুৰুষসকলে দৈনন্দিন ঘৰুৱা পৰিৱেশত এনে উগন ব‍্যৱহাৰ কৰে। এই উগন সাধাৰণভাৱে বোৱা আৰু কিছুমানত গামিগ থকাও দেখা যায়।

খ) গন্‌বৰ: ‘গন্‌বৰ’ সাধাৰণ উগনতকৈ বহল উন্নত ধৰণৰ আৰু নিৰ্দিষ্টকৈ গামিগ বেছি থকা উগন। সাধাৰণ অৰ্থত বৰচুৰিয়া। গন্‌বৰ পৰম্পৰাগত গামিগ আৰু বগা সূতাৰে বোৱা হয়। পুৰুষসকলে পূজা-উৎসৱ, ৰাজহুৱা অনুষ্ঠান, সভা, মিব:গৃক:(আলহী খাব যোৱা) আদিত এই গন্‌বৰ পৰিধান কৰাৰ নিয়ম মিচিং সমাজত প্ৰচলিত।

গ) গন্‌ৰ: ‘গন্‌ৰ:’ সাধাৰণভাৱে দৈনন্দিন ব‍্যৱহাৰ কৰা উগনতকৈ বেলেগ। উগন(চুৰিয়া) + আৰ:(খাঁটি) = গন্‌ৰ: অৰ্থাৎ খাঁটি চুৰিয়া। এই গন্‌ৰ: নিসিজোৱা কেঁচা বগা সূতাৰে নিৰ্দিষ্ট পাৰি আৰু গামিগেৰে বোৱা হয়। গন্‌ৰ:ক কেৱল মিবু(দেওধাই), মিৰৃ(পুৰোহিত), তাবৌ(বিধান দিব পৰা ভকত) আদিয়েহে পৰিধান কৰাৰ নিয়ম প্ৰচলিত।

ঘ) গন্‌কগ: মিচিং পুৰুষসকলে লজ্জা নিবাৰণৰ বাবে বস্ত্ৰ পৰিধান কৰিবলৈ শিকি প্ৰথমে ‘গন্‌কগ’ ব‍্যৱহাৰ কৰিছিল বুলি জনা যায়। এই গন্‌কগ অসমীয়াৰ ‘পোন্ধ’ৰ সমপৰ্যায়ৰ।

ঙ) গন্‌য়াব: মিচিং পুৰুষসকলৰ অন‍্যতম সাজপাৰ ‘গন্‌য়াব’। এই গন্‌য়াব অসমীয়াৰ লেংটি, লেঙুটি, কৌপিনৰ সমপৰ্যায়ৰ। বৰ্তমান অৰুণাচলৰ মিচিংসকলৰ সমগোষ্ঠীৰ জনগোষ্ঠীসমূহৰ মাজত অলপ-অচৰপ গন্‌য়াব পৰিধানৰ অভ‍্যাস পৰিলক্ষিত হয়।

চ) গালুগ: সাধাৰণভাৱে বোৱা মিচিং চোলাক ‘গালুগ’ বুলি কোৱা হয়। সম্প্ৰতি বজাৰত পোৱা যিকোনো চোলাকো মিচিং ভাষাত গালুগ বুলি কয়।

ছ) লুগ্‌ৰ:: লুগ্‌ৰ: অৰ্থাৎ খাঁটি চোলা। ই সৰ্বসাধাৰণভাৱে দৈনন্দিন ব‍্যৱহাৰ কৰা গালুগতকৈ বেলেগ। এই লুগ্‌ৰ: কেঁচা বগা সূতাৰে পৰম্পৰাগত নক্সা আৰু গামিগেৰে বোৱা হয়। পুৰুষসকলে ৰাজহুৱা অনুষ্ঠানত এই লুগ্‌ৰ: পৰিধান কৰাৰ নিয়ম প্ৰচলিত।

জ) মিবু গালুগ: ‘মিবু গালুগ’ সৰ্বসাধাৰণ লোকে ব‍্যৱহাৰ কৰা গালুগতকৈ সম্পূৰ্ণ বেলেগ। নিসিজোৱা কেঁচা বগা সূতাৰে ‘ঙচিগ গামিগ’ (মাছৰ বাকলিৰ আৰ্হি থকা ফুল) থকা নিৰ্দিষ্ট ঘাই গামিগ লগাই শুদ্ধি হাতেৰে বোৱা হয়। এই সাজ কেৱল মিবু, তাবৌ আদিয়েহে পৰিধান কৰাৰ নিয়ম প্ৰচলিত।

ঝ) দুমৌৰ: মিচিঙৰ ‘দুমৌৰ’ আৰু অসমীয়াৰ ‘গামোচা’ প্ৰায় সমাৰ্থক। দুমৌৰ কাৰোবাক সন্মান জনোৱাৰ্থে বা প্ৰীতি উপহাৰ হিচাপে যচাৰ কামতো ব‍্যৱহাৰ হয়।

ঞ) মৌৰপুং: মৌৰপুং হৈছে মূৰত পাগুৰি হিচাপে পিন্ধা একধৰণৰ দীঘল গামোচা জাতীয় পোছাক।

ট) তাপুম গাচৰ: এৰী পলু পুহি সূতা কাটিব জনাৰেপৰা মিচিং সমাজত ‘তাপুম গাচৰ’ অৰ্থাৎ এৰী চাদৰৰ ব‍্যৱহাৰ প্ৰচলিত হৈ আহিছে। এই সাজৰ সূতা টান, মসৃণ, ডাঠ আৰু দুই মূৰে দহি বটা থাকে। আগৰ দিনত ঘৰৰ প্ৰতিগৰাকী পুৰুষৰ বাবে তাপুম গাচৰ এখন বৈ দিয়াটো মিচিং মহিলাৰ কৰ্তব‍্য আছিল।

ঠ) য়াম্ব গাচৰ: দৰাঘৰৰ বিয়াত দৰা-ক‌ইনাৰ যুগ্ম জীৱনৰ বাবে আদৰি আনিবলৈ মূৰৰ ওপৰত ওৰণি হিচাপে ব‍্যৱহাৰ কৰা ‘গাচৰ’ক (চাদৰ) য়াম্ব গাচৰ নামেৰে জনা যায়। এই ‘য়াম্ব গাচৰ’ ‘উৰম উই’ অৰ্থাৎ উপৰিপুৰুষক পিণ্ডদান পূজা, বংশভিত্তিক পূজা আদি মাংগলিক কাৰ্যত পুৰুষ-মহিলাই একেলগে ব‍্যৱহাৰ কৰা দেখা যায়।

২) মহিলাই ব‍্যৱহাৰ কৰা সাজ-পাৰ: মিচিং সকলৰ মহিলাসকলৰ সাজ-পাৰৰ ভিতৰত এগে, মচা:নাম, য়াকান এগে, গাচৰ, গাজগ এগে, গাৰে, গাপা, ৰি:বি, গাচৌং, ৰুম্বং, য়েত্‌চাং, গেৰ:, প: তোপ, পায়েগ ইত্যাদি উল্লেখযোগ্য।

(ক) এগে: মিচিং মহিলাই পিন্ধা মেখেলাক সাধাৰণতে ‘এগে’ বুলি কোৱা হয়। এইসমূহ যিকোনো ৰঙৰ হ’ব পাৰে। ভিন্নৰঙী আৰু গামিগেৰে ভৰা এই এগেসমূহ বৰ মোহনীয়।

(খ) গাচৌং: গাচৌং হৈছে মিচিং মহিলাই চাদৰ বা শীতত শ্ব’ল হিচাপে ব‍্যৱহাৰ কৰা ৰি:বিৰ দৰেই এবিধ ডাঠ বস্ত্ৰ। গাচৌং ৰঙা বা মদাৰ ৰঙৰ কপাহী সূতাৰে বয় আৰু দুইমূৰে চাৰি-পাঁচটা প্ৰায় এক ইঞ্চি বহল বগা-ক’লা ৰেখা টনা থাকে। পূজা-উৎসৱ, ৰাজহুৱা অনুষ্ঠান, মিব:গৃক: আদিত গাচৌং পিন্ধা প্ৰচলিত আছিল। বৰ্তমান এই নিয়ম কমিব ধৰা পৰিলক্ষিত হৈছে।

(গ) গাপা আৰু গাৰে: গাপা আৰু গাৰে হৈছে পকোৱা সূতাৰে ডাঠকৈ বোৱা মেখেলাজাতীয় বস্ত্ৰ। গাপা কেৱল গাভৰু ছোৱালীয়েহে পৰিধান কৰাৰ নিয়ম প্ৰচলিত আছিল। আনহাতে, ‘গাৰে’ সকলো বয়সৰ মহিলাই পৰিধান কৰা দেখা যায়।

(ঘ) গেৰঃ: গেৰঃ মিচিং মহিলাই পৰিধান কৰা এবিধ আকৰ্ষণীয় বস্ত্ৰ। মেখেলাৰ ওপৰত পৰিধান কৰা গেৰঃ এবিধ মেঠনিজাতীয় সাজ। গাভৰুৱে কঁকালৰ পৰা আৰু বোৱাৰীয়ে বুকুৰ পৰা মেৰিয়াই গেৰঃ পৰিধান কৰে। দুৰ্ঘটনাগ্ৰস্ত হৈ ৰক্তক্ষৰণ হ’লে গেৰঃ এখন দুৰ্ঘটনাগ্ৰস্তজনৰ গাত ঢাকি দিলে ৰক্তক্ষৰণ বন্ধ হৈ বিষ কাটি সুস্থ হয় বুলি মিচিং পৰম্পৰাগত লোকবিশ্বাসত আছে।

(ঙ) পঃতোপ: ‘পঃ তোপ’ মিচিং মহিলাই মূৰত পৰিধান কৰা গামোচাজাতীয় এবিধ বস্ত্ৰ। মিচিং মহিলাই দৈনন্দিন জীৱনত, পথাৰত আদিত কাম কৰোঁতে পঃতোপ মূৰত মেৰিয়াই লয়।

(চ) কোঃপব: ‘কোঃপব’ হৈছে মিচিং চেমনীয়া ছোৱালীয়ে গাত পৰিধান কৰা এবিধ চেলেং চাদৰজাতীয় বস্ত্ৰ। ইয়াক চাদৰৰ দৰে দীঘলকৈ বোৱা হয়।

(ছ) পায়েগ: ‘পায়েগ’ হৈছে মিচিং বিবাহিতা মহিলাই তামোলৰ টোপোলা নিবলৈ ব‍্যৱহাৰ কৰা এবিধ সৰু আকৃতিৰ গামোচা। বৃদ্ধাৱস্থাত মহিলাই পায়েগ লৈ ফুৰাটো একপ্ৰকাৰৰ নিয়ম আছিল।

(৩) পুৰুষ আৰু মহিলা উভয়ে ব‍্যৱহাৰ কৰা বস্ত্ৰ বা সাজ:

মিচিং পুৰুষ-মহিলা উভয়ে ব‍্যৱহাৰ কৰা আপুৰুগীয়া বস্ত্ৰবিধ হৈছে – গাদুক। ই অসমীয়াত ‘মিৰিজিম’ নামে খ‍্যাত। গাদুক কপাহৰ সূতাৰে প্ৰতি সূতাৰ মাজত আঁহ লগাই বোৱা হয়। গাদুক জাৰকালি কম্বলৰ দৰে ব‍্যৱহাৰ কৰিব পাৰে। তাৰোপৰি ৰি:বি, গাচৌং, তাপুম গাচৰ, য়াম্ব আদি মিচিং পুৰুষ-মহিলা উভয়ৰেই কম-বেছি পৰিমাণে ব‍্যৱহাৰ কৰা দেখা যায়।

ৰাভা জনজাতিৰ সাজপাৰ

ৰিফান, কামবুং, থপ্ৰং, তৌগু, পাজাল, লুফুন, পৗগৌ, খচনে, ছেংকানেন, পাসাৰ আলন।

তিৱা জনজাতিৰ সাজপাৰ

কাছং ( মেখেলাজাতীয় ), ফাচকাই, টাগলা, ফালি ( এবিধ গামোচা ), জচকাই ( মহিলাৰ বুকুত পিন্ধা কাপোৰ )।

ডিমাচা জনজাতিৰ সাজপাৰ

বিসা ( গামোচা ), ৰিগু ( মেখেলা ), ৰিজামপাই, ৰিথাউছা ( উৰণা ), ৰিমচাৰ্ড ( চাদৰ )।

খাচী জনজাতিৰ সাজপাৰ

কা - জামিয়েন, কা-জেইনজেম্, কা-জেইনকুপ, কা - টাপ্ মখ্লি।

ফাকিয়ালৰ সাজপাৰ

চিন্ ( মেখেলাৰ দৰে ), নাংবাৎ ( চাদৰৰ দৰে )।

কাৰ্বিৰ সাজপাৰ

ৰিকং ( লেংটি ), ছাতৰ ( চুৰিয়া ), পহ ' ( পাগুৰি ), চই ( চুটি হাতৰ চোলা ), জি ( চাদৰ ), পীবা ( কেঁচুৱা লোৱা কাপোৰ ), পীবান ( মেঠনি ), ৱানক ( পেটি ), পিনি কামফ্লাক ( ক’লা মেখেলা ), পেক ( চাদৰৰ দৰে )।

নক্টে জনজাতিৰ সাজপাৰ( নগা )

জেং চমৰ চোলা।

মিজোৰ সাজপাৰ

পুৱান ( পাতলি )।

মণিপুৰীৰ সাজপাৰ

ফানেক্।

টাইৰ সাজপাৰ

ছিন্, চুৎ, ফা - মাই, ছাইকাল, লংবা, ফালৰ। আৰু চেংলেঙ, ৰিহা, মুগা মেখেলা।

হাজং জনজাতিৰ সাজপাৰ

ৰাঙা পাটিন ( তিৰোতাৰ ), ভেঝা নেংটি ( পুৰুষৰ ), আগৰুণ ( ফুলাম চাদৰ ), কানপেছ।

খামটি জনজাতিৰ সাজপাৰ

পাটছো

( টীৰাপ সীমান্তৰ ) টাংছা জনজাতিৰ সাজপাৰ

খুফাক্ ( মূৰত বন্ধা ) খোছা।

বড়ো কছাৰীৰ সাজপাৰ

দখ্না, আন্নাই।

আবৰৰ সাজপাৰ

উগন্।

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, বিৰিঞ্চি কুমাৰ, অসমৰ লোক-সংস্কৃতি,বীণা লাইব্ৰেৰী, গুৱাহাটীঃঅসম,দ্বাদশ সংষ্কৰণ,২০১৫ পৃ.১৩৭

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতিবস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ পৰম্পৰাগত সাজ-পাৰ” প্ৰবন্ধৰ সংশোধন ৬২০৬৯৪ (২৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।