অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অশোকাষ্টমী

অশোকাষ্টমী বা অশোকা অষ্টমী চ’ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় উৎসৱ। এই দিনটো মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি প্ৰচলিত বিশ্বাস আছে।

হালনাগাদ: ৬ ডিচেম্বৰ ২০২০ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অশোকাষ্টমী বা অশোকা অষ্টমী চ'ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় উৎসৱ। এই দিনটো মহাবাহু ব্ৰহ্মপুত্ৰ নদৰ জন্মতিথি আৰু গঙ্গা নদীকে আদি কৰি পুণ্যতীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি প্ৰচলিত বিশ্বাস আছে। সেইদিনা ব্ৰহ্মপুত্ৰত স্নান (শুদ্ধিস্নান) আৰু তৰ্পণ কৰিলে অক্ষয় পুণ্য লাভ হোৱাৰ লগতে শোক নিবাৰণ হয় বুলি বিশ্বাস কৰা হয়। সেয়ে এই তিথিৰ নাম অশোকাষ্টমী। এই তিথিৰ দিনটোত ব্ৰহ্মপুত্ৰৰ পাৰৰ শিলঘাট, শুৱালকুছি, ডিব্ৰুগড় আদি ঠাইত শুদ্ধিস্নান কৰিবলৈ অগণন ভক্তৰ সমাবেশ ঘটে। গুৱাহাটী অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ঘাটতো এই তিথিত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।

অশোকাষ্টমী সম্পৰ্কে প্ৰচলিত কিংবদন্তী

পৌৰাণিক আখ্যান অনুসৰি ব্ৰহ্মপুত্ৰই এবাৰ অশোক মুনিৰ আশ্ৰম বুৰাই পেলাইছিল। ব্ৰহ্মপুত্ৰৰ এনে কাৰ্যত মুনি খঙত অগ্নিশৰ্মা হয় আৰু ব্ৰহ্মপুত্ৰক অপৱিত্ৰ হ’বলৈ অভিশাপ দিয়ে। কিন্তু ব্ৰহ্মপুত্ৰৰ কাতৰ মিনতিত মুনি সন্তুষ্টহৈ ক’লে যে ‘বছৰৰ এটা দিনত তই পৱিত্ৰ হৈ তীৰ্থৰ মৰ্যাদা লাভ কৰিবি”। অশোক মুনিৰ নামেৰে সেই দিনটোৱেই অশোকাষ্টমী বুলি জনা যায়। আন এক আখ্যান মতে পৰশুৰামে ব্ৰহ্মপুত্ৰক ব্ৰহ্মকুণ্ড বা মানস সৰোবৰৰ পৰা বোৱাই আনি কামাখ্যা ধাম পোৱাইছিলহি। পৰশুৰামে ব্ৰহ্মপুত্ৰক খন্তেক ৰ’বলৈ কৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়। কিন্তু মন্দিৰ দৰ্শন কৰি আহি দেখে যে ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই কথাতে খঙত অগ্নিশৰ্মা হৈ পৰশুৰামে “তোৰ পাৰত কোনো তীৰ্থ নঘটক” বুলি অভিশাপ দিয়ে। পিছত ব্ৰহ্মপুত্ৰৰ অলেখ কাকূতি মিনতিত পৰশুৰামে দয়াপৰবশ হৈ ক’লে “বছৰৰ এটা দিন, চ’ত মাহৰ বাসন্তী অৰ্থাৎ অশোকাৰ (দুৰ্গা) অষ্টমী পূজাত (অশোকা+অষ্টমী=অশোকাষ্টমী) তই বিশেষভাৱে তীৰ্থৰ মাহাত্ম্য লাভ কৰিবি। দেৱী অশোকাৰ নামেৰে এই তিথিৰ নাম অশোকাষ্টমী। অন্য এক জনশ্ৰুতি মতে এই দিনটোতে ৰামায়ণত দেৱী সীতাৰ জন্ম হৈছিল আৰু সেয়ে এই তিথিক সীতাষ্টমী নামেৰেও জনা যায়।১ প্ৰবাদ মতে এইদিন গঙ্গা নদীৰ পানী উজাই আহি ব্ৰহ্মপুত্ৰৰ পানী পৱিত্ৰ কৰে বুলি কোৱা হয়। এইদিনা ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগাস্নানৰ পুণ্য লাভ হয় বুলি বিশ্বাস আছে। কিছুমান ঠাইত মানুহে নদীত অস্থিভস্মও বিসৰ্জন দিয়ে।

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, সংখ্যা: ১৬-৩১ মাৰ্চ, ২০১৫

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহভাৰতৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশোকাষ্টমী” প্ৰবন্ধৰ সংশোধন ২৫৩২২০ (৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।