অন্নপূৰ্ণাৰ মন্দিৰ (Annapurnar Mandir ) নৰেশ মিত্ৰ১ পৰিচালিত এখন বঙালী সামাজিক নাট্যধৰ্মী ছবি। নিৰুপমা দেৱীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।২৩ ১৯৫৪ চনৰ ৬ আগষ্টত চিত্ৰ মন্দিৰৰ বেনাৰত মুক্তি পোৱা এই ছবিখনে ১৯৫৪ চনত দ্বিতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত তৃতীয় শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে। ইয়াত উত্তম কুমাৰ আৰু সাবিত্ৰী চেটাৰ্জীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে সুচিত্ৰা সেনে।৪ এই ছবিখনত কোনো সংগীত নাছিল আৰু এইখনেই আছিল উত্তম কুমাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথমখন ছবি।
কাহিনীৰ সাৰাংশ
ৰামশংকৰ এজন দৰিদ্ৰ লোক। তেওঁ নিজৰ দুই কন্যাৰ সৈতে বাস থাকে। ডাঙৰ জীয়েকে এজন যুৱকক ভাল পাইছিল যদিও বহুতো টকা-পইচা দিয়াত তেওঁৰ বিয়া বুঢ়া এজনৰ লগত বন্দোৱস্ত কৰা হয়। কম দিনৰ ভিতৰতে তেওঁ বিধৱা হৈ ঘৰলৈ উভতি আহে। সমাজৰ অভিসম্পাতৰ বলি হৈ তেওঁ অৱশেষত আত্মহত্যা কৰে।
সঁহাৰি
এইখনেই একমাত্ৰ ছবি য'ত উত্তম কুমাৰ আৰু সাবিত্ৰী চেটাৰ্জীয়ে মুখ্য চৰিত্ৰত আৰু সুচিত্ৰা সেনে সহযোগী চৰিত্ৰত অভিনয় কৰিছে।৪ ছবিখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে ব্যৱসায়িক সফলতাও পাইছিল। অন্নপূৰ্ণাৰ মন্দিৰ ছবিগৃহত ৯১ দিন ধৰি চলিছিল।
বঁটা
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৫)
- তৃতীয় শ্ৰেষ্ঠ বঙালী পূৰ্ণদৈৰ্ঘ্য ছবি (চাৰ্টিফিকেট অফ মেৰিট)
তথ্যসূত্ৰ
- ↑ Annapurnar Mandir. indiancine.ma
- ↑ Annapurnar Mandir ( 1954). archive.org
- ↑ K. M. George. (1992). Modern Indian Literature, an Anthology: Surveys and poems. Sahitya Akademi. ISBN 9788172013240
- ↑ (1 February 2011). Annapurnar Mandir (1954) -. Washington Bangla Radio
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্নপূৰ্ণাৰ মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৫০৭০২৩ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।