অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অসমৰ বস্ত্ৰৰ মোটিফ

অসমত যিবোৰ বস্ত্ৰ পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হয় তাৰ কিছুমান নিৰ্দিষ্ট মোটিফ বা ফুল বছা শৈলী আছে। এই শৈলীসমূহ গামোছা, চাদৰ, মেখেলা, বুকুচোলা, ৰিহা আদিত তোলা হয়। এনে শৈলীৰ কিছুমান হৈছে সিংখাপ, বুটা, গছা, জাপি আদি। অসমৰ বিভিন্ন জনগোষ্টীৰ লোকৰ নিজস্ব পৰম্পৰাগত সাজ-পোছাকৰো মোটিফ ভিন্ন হোৱা দেখা যায়।

হালনাগাদ: ১১ মাৰ্চ ২০২৪ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অসমত যিবোৰ বস্ত্ৰ পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হয় তাৰ কিছুমান নিৰ্দিষ্ট মোটিফ বা ফুল বছা শৈলী আছে। এই শৈলীসমূহ গামোছা, চাদৰ, মেখেলা, বুকুচোলা, ৰিহা আদিত তোলা হয়। এনে শৈলীৰ কিছুমান হৈছে সিংখাপ, বুটা, গছা, জাপি আদি। অসমৰ বিভিন্ন জনগোষ্টীৰ লোকৰ নিজস্ব পৰম্পৰাগত সাজ-পোছাকৰো মোটিফ ভিন্ন হোৱা দেখা যায়।

পৰম্পৰাগত মোটিফ

মুগাৰ মেখেলা- চাদৰত গছ আৰু বুটাৰ আৰ্হি
মুগাৰ মেখেলা- চাদৰত গছ আৰু বুটাৰ আৰ্হিছবি: Chiring chandan · CC BY-SA 4.0
গছ মোটিফৰ গামোচা
গছ মোটিফৰ গামোচাছবি: Priyankoo at en.wikipedia · Public domain
গামোছাত জাপি আৰু ঢোল
গামোছাত জাপি আৰু ঢোলছবি: Rumi Borah~aswiki · CC BY-SA 4.0
বুটা বছা পাটৰ কাপোৰ
বুটা বছা পাটৰ কাপোৰছবি: Joli · CC BY-SA 4.0

কিংখাপ কিংখাপ বা সিংখাপ হৈছে হৈছে সোণ, ৰূপ আৰু ৰেচমৰ সূতাৰে অলংকৃত কাপোৰ বোৱাৰ এক প্ৰাচীন ভাৰতীয় কলা।১ অসমীয়া কিংখাপ সাধাৰণতে আহোম সাম্ৰাজ্যৰ দ্বাৰা প্ৰভাৱিত আৰু ইয়াত দুটা মুখামুখিকৈ থকা সিংহৰ ফুল তোলা হয়। ই অন্য আকৃতিও হ'ব পাৰে। বুটা বা ফুল বুটা সৰ্বভাৰতীয় বুটা মোটিফ আলমণ্ড বা পাইন শঙ্কু আকৃতিৰ মটিফ আৰু ইয়াৰ ওপৰৰ মূৰটো চোকা বক্ৰ আৰ্হিৰ।২ অসমত এই শৈলীত ফুল বা ফুলৰ থোপাৰ নক্স্যা তোলা হয়।৩ গছ বা গছা ইয়াত এজোপা গছ বা কেতিয়াবা লগতে এহাল চৰাই চিত্ৰিত কৰা হয়।৩ পখিলা এই শৈলীত মেখেলা-চাদৰত পখিলাৰ নক্সা তোলা হয়।৩ জাপি জাপি শৈলী এক অন্যতম পৰম্পৰাগত মোটিফ। আগতে সম্ভ্ৰান্ত আৰু চহকী পৰিয়ালৰ লোকৰ বাবে এই নক্সা একপ্ৰকাৰ নিৰ্দিষ্ট আছিল।৩ কেঁ‌চ বছা এই শৈলী বস্ত্ৰৰ কিনাৰত কৰা হয় আৰু ই পথালি আঁ‌চ কিছুমানৰ দৰে। সাধাৰণতে চাদৰ আৰু ৰিহাত এই নক্সা তোলা হয়। গামখাৰু গামখাৰু এবিধ অসমীয়া অলংকাৰ। কাপোৰত ইয়াৰো নক্সা তোলা হয়। জোনবিৰি (অলংকাৰ) জোনবিৰি হ'ল অৰ্ধচন্দ্ৰ আকৃতিৰ অসমীয়া অলংকাৰ। ইয়াকো কাপোৰত ফুল হিচাপে তোলা হয়। লোকাপাৰ লোকাপাৰ অসমীয়া অলংকাৰ আৰু বস্ত্ৰ উভয়ৰে উমৈহতীয়া মোটিফ। ইয়াত দুটা মুখামুখিকৈ থকা পাৰ চিত্ৰিত কৰা হয়।৩ ঢোল অসমৰ লোকবাদ্য ঢোলকো গামোচা, মেখেলা-চাদৰ আদিত চিত্ৰিত কৰা হয়। ভাগৱত শৰাই বা শৰাই শৰাইৰ নক্সা অঁ‌কা এই শৈলী ঘাইকৈ মণিকূটৰ আচ্ছাদন বা ধৰ্মীয় গ্ৰন্থ আৰু সা-সঁ‌জুলি মেৰিয়াবলৈ ব্যৱহাৰ কৰা গামোছাত চিত্ৰিত কৰা হয়। হাতী এই শৈলীত জ্যামিতিক আকাৰত হাতিৰ নক্সা তোলা হয়। কল্কি৩

কল্কি হৈছে তলফালটো বহল আৰু ওপৰফালে ঠেক হৈ যোৱা অৰ্ধগোলক আকৃতিৰ এক শৈলী। মেখেলা-চাদৰত ই এক সাধাৰণ নক্সা। অন্যান্য ফুল, পাত, ময়ূৰ, হৰিণ, ঢোলবিৰি আদিৰ নক্সাও কাপোৰয় ফুল তোলা হয়।

জনগোষ্ঠীয় মোটিফ

মিচিং শৈলীৰ মেখেলা-চাদৰ
মিচিং শৈলীৰ মেখেলা-চাদৰছবি: Deni789 · CC BY-SA 4.0

]]

চিত্ৰিত কৰা আহোম ৰজাৰ চোলা]]

চিত্ৰিত ডনি-প'ল']]

মিচিং জনগোষ্ঠী মিচিং পুৰুষসকলে পৰিধান কৰা চোলা মিবু গালুকত তেওঁলোকৰ উপাস্য ডনি-প'ল' অৰ্থাৎ চন্দ্ৰ-সূৰ্যৰ৪ নক্সা থাকে। ইয়াৰ লগতে বুটা বছাও দেখা যায়। আনহাতে মহিলাসকলৰ পৰিধানত প্ৰায়ে বুটা ফুল আৰু বৰ্ফিৰ আকৃতি দেখা যায়। তেওঁলোকৰ ৰিবি গাছেঙত প্ৰায়ে দীঘলীয়া বা পথালি আঁ‌চ দেখস যায়। টাই-আহোম জনগোষ্ঠী আহোমসকলৰ পোছাকত তেওঁলোকৰ আৰাদ্য তথা ৰাজকীয় প্ৰতীক আহোম ড্ৰেগন ঙি ঙাও খাম চিত্ৰিত হৈ থাকে। আহোম শৈলীৰ পোছাকসমূহত আজিকালি আহোম লিপিৰে বিভিন্ন শব্দও লিখা হয়। আহোম নাৰীয়ে পৰিধান কৰা মেখেলাত সাধাৰণতে বুটা বছা হয়। বড়ো জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ আৰ্‍নাই বা দখনা আদিত ত্ৰিভুজ, বৰ্ফি, ফুল আদি ওৰায়ে দেখা যায়।

আধুনিক যুগৰ মোটিফ

কাজিৰঙা শৈলী এই শৈলীটোৰ উদ্ভৱ হৈছে কাজিৰঙাৰ বন্য জীৱ-জন্তুৰ পৰা। ইয়াত বিভিন্ন জন্তুৰ লগতে ঘাইকৈ গঁ‌ড়ৰ নক্সা তোলা হয়।৩ বিহুনৃত্য এই শৈলীত কাপোৰত বিহু নাচনী, ঢুলীয়া, পেঁ‌পাদাৰী আদিৰ ছবি তোলা হয়। অন্যান্য অন্যান্য আধুনিক মোটিফৰ ভিতৰত কলগছ, গছ-লতিকা আদি দেখা যায়।

তথ্যসূত্ৰ

  1. ↑ Steingass, F. (2018-10-24). Persian-English Dictionary: Including Arabic Words and Phrases in Persian Literature. Routledge. পৃ. 614. ISBN 978-1-136-85241-1
  2. ↑ Н. Самгнна. (1995). Ковры типа Фахралы. Искусство. পৃ. 59
  3. ↑ Anushka Das. (27 November 2023). Tribal Textiles of Assam: Cotton And Silk Weaving Handlooms. www.iiad.edu.in
  4. ↑ Mibang, Chaudhuri, 2004. p. 48

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ বস্ত্ৰৰ মোটিফ” প্ৰবন্ধৰ সংশোধন ৪১০৯২৬ (১১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।