অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অঙ্গমপোৰা

অঙ্গমপোৰা হৈছে যুদ্ধ কৌশল, আত্মৰক্ষা, ক্ৰীড়া, ব্যায়াম আৰু ধ্যান মিশ্ৰিত এক সিংহলী সমৰ কলা। অঙ্গমপোৰাৰ মূল উপাদান হৈছে অংগম, য'ত হাতে হাতে যুঁজ দিয়া হয় আৰু ইলাংগম, য'ত উৰুমি নামৰ এবিধ চাবুক, লাঠি, কটাৰী আৰু তৰোৱালৰ দৰে থলুৱা অস্ত্ৰ ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৫ ৬২৯ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

অঙ্গমপোৰা হৈছে যুদ্ধ কৌশল, আত্মৰক্ষা, ক্ৰীড়া, ব্যায়াম আৰু ধ্যান মিশ্ৰিত এক সিংহলী সমৰ কলা।১২ অঙ্গমপোৰাৰ মূল উপাদান হৈছে অংগম, য'ত হাতে হাতে যুঁজ দিয়া হয় আৰু ইলাংগম, য'ত উৰুমি নামৰ এবিধ চাবুক, লাঠি, কটাৰী আৰু তৰোৱালৰ দৰে থলুৱা অস্ত্ৰ ব্যৱহাৰ কৰা হয়।৩ ইয়াৰোপৰি যুদ্ধৰ সময়ত মন্ত্ৰ ব্যৱহাৰ কৰা মায়া আংগম নামেৰে জনাজাত আন এটা উপাদানো আছিল বুলি কোৱা হয়।৪ অঙ্গমপোৰাৰ এটা সুকীয়া বৈশিষ্ট্য হ’ল প্ৰতিপক্ষক বেদনা অনুভৱ কৰাবলৈ বা স্থায়ীভাৱে পক্ষাঘাতগ্ৰস্ত কৰিবলৈ “সংবেদনশীল বিন্দু” আক্ৰমণৰ ব্যৱহাৰ। যুঁজাৰুসকলে সাধাৰণতে প্ৰতিপক্ষক জোৰেৰে আঘাত কৰা আৰু গবা মাৰি ধৰা দুয়োটা কৌশল ব্যৱহাৰ কৰে, আৰু যেতিয়ালৈকে প্ৰতিপক্ষই সাৰি যাব নোৱাৰাকৈ “ছাবমিছন লক”ত ধৰা নপৰে তেতিয়ালৈকে যুঁজি যায়। অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ বিবেচনাধীন। যুদ্ধৰ চোতাল আগতীয়াকৈ নিৰ্ধাৰণ কৰা হয় আৰু কিছুমান চোতালত গাঁতো খান্দি দিয়া থাকে।৪৫

শ্ৰীলংকাৰ বৌদ্ধ মন্দিৰসমূহত অঙ্গমপোৰা সম্পৰ্কীয় বহুতো চিত্ৰ পোৱা যায়। ইয়াৰ ভিতৰত আছে এম্বেক্কা দেৱালয়, গদলাডেনিয়া ৰাজমাহা বিহাৰায়, টেম্পল অৱ দ্য টুথ, সমন দেৱালয় (ৰত্নপুৰা) আৰু লংকাথিলক ৰাজমাহা বিহাৰায়।৬৭

ব্যুৎপত্তি

‘অঙ্গমপোৰা’ শব্দটো সিংহলী শব্দ ‘অংগ’ আৰু ‘পোৰা’ৰ পৰা উদ্ভৱ হৈছে- ‘অংগ’ৰ অৰ্থ হৈছে ‘শৰীৰ’, আৰু ‘পোৰা’ৰ অৰ্থ হৈছে ‘যুদ্ধ’ অৰ্থাৎ “শাৰীৰিক যুদ্ধ”। সহজভাবে ইয়াৰ অৰ্থ হৈছে অস্ত্ৰ ব্যৱহাৰ নকৰাকৈ অংগ ব্যৱহাৰ কৰি কৰা যুদ্ধ৮ (নিৰস্ত্ৰ যুদ্ধ)৪।

ইতিহাস

লোককথা

সিংহলী লোককথা অনুসৰি অঙ্গমপোৰাৰ ইতিহাস ৩,০০০ বছৰতকৈও পুৰণি,৯ যক্ষ জনগোষ্ঠী (“হেলা” - দ্বীপটোত বাস কৰা চাৰিটা প্ৰাচীন জনগোষ্ঠীৰ ভিতৰত এটা)ক ইয়াৰ সৃষ্টিকাৰী হিচাপে চিনাক্ত কৰা হৈছে। বৰ্গ পূৰ্ণিকোৱা আৰু পঞ্চ ৰাখৱলীয়া নামৰ দুখন প্ৰাচীন লিপিমতে এই কলাৰ প্ৰতিষ্ঠাপক হিচাপে নজন সন্ন্যাসীৰ কথা উল্লেখ কৰা হৈছে।৯ লোককথা অনুসৰি ৫০০০ বছৰ আগৰ পৌৰাণিক যোদ্ধা ৰাণা ৰাৱণক সৰ্বকালৰ শ্ৰেষ্ঠ ভয়ংকৰ অংগম যোদ্ধা বুলি বৰ্ণনা কৰিছে।১০

মধ্য যুগ

মধ্য যুগত শ্ৰীলংকাৰ কোট্টেৰ ষষ্ঠ ভুৱনেকাবাহুৱে অংগমপোৰা কলাত পাৰ্গত যোদ্ধাসকলক সেনাবাহিনীত অন্তৰ্ভুক্ত কৰি সফলতাৰে জাফনা ৰাজ্য জয় কৰিছিল।১১ সেই সময়ৰ মেনিকে বা দিছাপথিনিয়া নামৰ এগৰাকী নায়িকাৰ বংশধৰসকলকেই পৰৱৰ্তী শতিকাবোৰত এই শিল্প পৰিবহন কৰাৰ কৃতিত্ব দিয়া হয়: এটা গভীৰ গাঁতৰ ভিতৰত হোৱা উৰা লিন্দা (ura linda) নামেৰে জনাজাত এখন ঐতিহাসিক যুদ্ধত পুৰুষৰ সাজ-পোছাক পিন্ধি তেওঁ পিতৃৰ হত্যাকাৰীক পৰাস্ত কৰিছিল বুলি কোৱা হয়।১১২ ১৫৬২ চনৰ মুলেৰিয়াৱাৰ যুদ্ধত সীতাৱাকাৰ মায়াডুন্নেৰ সৈন্যৰ সহযোগী হিচাপেও অঙ্গমপোৰা যোদ্ধাসকলে যুদ্ধ কৰিছিল।১৩ মায়াডুন্নেৰ উত্তৰাধিকাৰী সীতাৱাকাৰ টিকিৰি বাণ্ডা ওৰফে প্ৰথম ৰাজসিংহ এই শিল্পৰ বিশ্বাসী পৃষ্ঠপোষক হৈ পৰিছিল।১০

অঙ্গমপোৰাৰ প্ৰশিক্ষণৰ বাবে দুখন প্ৰধান বিদ্যালয় আছিল, মাৰুৱালীয়া আৰু সুধালিয়া, আৰু ৰজাৰ উপস্থিতিত ইয়াৰ শিক্ষাৰ্থীসকলে নিয়মিতভাৱে ইজনে সিজনৰ লগত যুদ্ধ কৰিছিল (আংগম-কোটাগেমা নামেৰে জনাজাত যুদ্ধত)।১৪ এই বিদ্যালয়সমূহৰ নেতাসকল ক্ৰমে মাৰুৱালীয়া মুহান্দিৰাম নিলামে আৰু সুধালয়ে মুহান্দিৰাম নিলামে বুলি জনাজাত আছিল।৬ অঙ্গমপোৰা যোদ্ধাসকলে প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা জুপুৰিবোৰক আংগম মাড়ু বুলি জনা গৈছিল আৰু এই জুপুৰিবোক স্থাপত্যৰ পৰম্পৰাগত দাৰ্শনিক ব্যৱস্থা গেবিম শাস্ত্ৰয়া (Gebim Shasthraya)ৰ শৈলী অনুসৰি নিৰ্মাণ কৰা হৈছিল।১৫

আধুনিক যুগ

শ্ৰীলংকাৰ উপকূলীয় অঞ্চলসমূহৰ প্ৰাৰম্ভিক ঔপনিৱেশিক দখলদাৰসকলৰ বিৰুদ্ধে প্ৰতিৰোধ কৰিবলৈ স্থানীয় লোকসকলে অংগম কৌশল ব্যৱহাৰ কৰিছিল।১৬

১৮১৫ চনত সমগ্ৰ দ্বীপটোৰ ওপৰত ঔপনিৱেশিক শাসনৰ আগমনৰ লগে লগে অংগমপোৰা অব্যৱহৃত হৈ পৰে আৰু দেশৰ ঐতিহ্যৰ অংশ স্বৰূপ এই কলা প্ৰায় হেৰাই গৈছিল বুলি দাবী কৰা হয়। ইণ্টাৰনেটৰ প্ৰকাশিত এটা দাবীত কোৱা হৈছে যে ৰবাৰ্ট ব্ৰাউনৰিগৰ অধীনত ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসনে ১৮১৮ চনৰ ভিতৰত সমগ্ৰ দ্বীপটোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ১৭ লোৱাৰ কিছু সময়ৰ আগতেই ১৮১৭ চনত এই প্ৰথা নিষিদ্ধ কৰি এখন গেজেট জাৰি কৰিছিল, “এই বাবেই যে হাতে- হাতে যুদ্ধ কৰিব পৰা জনসাধাৰণক নিয়ন্ত্ৰণ কৰাটো অধিক কঠিন হ'ব।”১৮ এই গেজেটৰ বিৰোধ কৰা সকলৰ বিৰুদ্ধে লোৱা কথিত ব্যৱস্থাসমূহৰ ভিতৰত আছিল যিকোনো অংগন মাড়ু (যুদ্ধ কলাৰ বাবে ব্যৱহৃত অনুশীলনৰ জুপুৰি) জ্বলাই দিয়া হৈছিল আৰু বিৰোধীসকলৰ আঁঠুত গুলীয়াই পংগু কৰা হৈছিল।১১১৯

একবিংশ শতিকাৰ যুদ্ধ কলা নিষিদ্ধ বা নিৰ্যাতন চলোৱাৰ দাবীৰ বিপৰীতে এনে আদেশৰ কোনো সমসাময়িক বিৱৰণ উপলব্ধ নহয়। কিন্তু কাণ্ডি ৰাজ্যৰ প্ৰাক-ঔপনিৱেশিক চৰকাৰৰ ব্ৰিটিছ প্ৰতিবেদনত আদালতৰ স্বীকৃতিপ্ৰাপ্ত দুখন যুদ্ধ বিদ্যালয়ৰ কথা উল্লেখ কৰা হৈছে, যাক ছুডালিয়া আৰু মাউৰুৱালিয়া বুলি কোৱা হয়, প্ৰত্যেকৰে নেতৃত্বত এজন বিজয়ী থাকে। তেওঁলোক প্ৰত্যেককে দহজন অস্ত্ৰ-নিপুন যোদ্ধাই সহায় কৰিছিল আৰু ভৱিষ্যতৰ অনুশীলনকাৰীসকলক প্ৰশিক্ষণ দিছিল। অনুশীলনকাৰীসকলে আদালতৰহৈ যুদ্ধ কৰিছিল, যাৰ ফলত মাজে মাজে বিদ্যালয়সমূহৰ অনুগামীসকলৰ মাজত সংঘাত, উত্তেজনা আৰু অশান্তিৰ সৃষ্টি হৈছিল।২০ সেই কাৰণে ব্ৰিটিছ প্ৰশাসনে স্থানীয় চৰকাৰৰ পুনৰ্গঠনৰ অংশ হিচাপে ১৮১৮ চনত ছুডালিয়া আৰু মাৰুৱালেয়া যুদ্ধ কলাৰ বিজয়ীসকলৰ বাবে থকা আদালতৰ পদ “অপ্ৰয়োজনীয়” বুলি বিলুপ্ত কৰিছিল।২১

১৯৪৮ চনত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অন্ত পৰাৰ পিছত কেগালৰ আশে-পাশে অৱস্থিত বেলিগাল কোৰালে নামেৰে জনাজাত অঞ্চলৰ পৰা এই যুদ্ধ কলাৰ পুনৰ উত্থান ঘটে।১ আজিৰ এই শিল্পৰ সৰ্বোচ্চ শাসকীয় সংস্থা জাতিকা হেলা আংগম শিল্প কলা সংগময়া (Jathika Hela Angam Shilpa Kala Sangamaya) ২০০১ চনত প্ৰতিষ্ঠা কৰা হয়।১১ শ্ৰীলংকাৰ সংস্কৃতি আৰু কলা মন্ত্ৰালয়েও অঙ্গমপোৰাৰ অস্তিত্ব ৰক্ষা আৰু সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে:৬ জনসাধাৰণৰ সজাগতা আৰু আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে বহুতো ৰাজহুৱা প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে।২২ অঙ্গমপোৰাত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰৰ সংগ্ৰহো কলম্বোৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত প্ৰদৰ্শিত কৰা হৈছে।২৩

অঙ্গমপোৰাক বিষয়বস্তু হিচাপে লৈ শ্ৰীলংকাত বহুকেইখন চলচ্চিত্ৰ আৰু দূৰদৰ্শন নাটকো প্ৰচাৰিত হৈছে। তেনে এখন ছবি অঞ্জুলা ৰসংগ বীৰসিংহৰ দ্বাৰা পৰিচালিত অংগম নামৰ ছবিখনে পৰম্পৰাগত লোক-কথা আৰু বৈজ্ঞানিক পৰীক্ষাৰ জৰিয়তে এই শিল্পৰ উৎপত্তিৰ বিষয়ে অন্বেষণ কৰিছিল।২৪২৫ জয়ন্ত চন্দ্ৰশিৰিৰ টেলি-ড্ৰামা দণ্ডুবস্নামনয় আৰু আকালা সন্ধ্যাতো অঙ্গমপোৰা সমৰকলা দেখুওৱা হৈছিল।৩২৬২৭ এনে ধৰণৰ চিত্ৰায়ণে কলাটোক শেহতীয়াকৈ পুনৰুজ্জীৱন প্ৰদান কৰিছে।৩

তথ্যসূত্ৰ

  1. ↑ Wasala, Chinthana. (1 September 2007). 'Angampora' the local martial art needs to be revived. Daily News
  2. ↑ Perera, Harshi. (28 May 2013). Angampora should be brought back to the limelight. Daily News
  3. ↑ Amarasekara, Janani. (17 June 2007). Angampora - Sri Lankan martial arts. Sunday Observer
  4. ↑ Kulatunga, Thushara. (22 November 2009). A truly Sri Lankan art. Sunday Observer
  5. ↑ Perera, Thejaka. (July 2010). Angampora: the Martial Art of Sri Lankan Kings. angampora.org. Explore Sri Lanka
  6. ↑ The Art of Angam Fighting. Ministry of Culture and the Arts, Sri Lanka
  7. ↑ Silva, Revata S. (28 May 2011). 'Not Just Sports' – Part 12: 'Jana Kreeda' change as kingdom moves to east. The Island
  8. ↑ UNARMED. angampora.com
  9. ↑ අංගම්පොර සම්ප්‍රදායේ ඉතිහාසය. korathotaangam.com
  10. ↑ Silva, Revata S. (6 August 2011). Not Just Sports - Part 21: Sri Lankan traditional martial art. The Island
  11. ↑ Chickera, Gihan de. (17 September 2004). Angampora: A Fighting Art associated with Kings. The Daily Mirror. livingheritage.org
  12. ↑ Hewavissenthi, Amal. (6 March 2011). A woman sword-fighter in Sri Lanka. Sunday Observer
  13. ↑ (21 August 2011). Bringing ancient form of martial art to the people. The Sunday Times
  14. ↑ Pathiravitana, S. (4 June 2004). Our first ever woman Disave. The Island
  15. ↑ Senasinghe, Kanchana. Maha Ravana's Legend: Angampora The Traditional Sinhalese Martial Art. The Sri Lanka Institute of Architects
  16. ↑ (26 August 2011). Sri Lankan traditional martial arts show in Colombo. Colombo Page
  17. ↑ G. C. Mendis, Ceylon under the British (2005), p. 6
  18. ↑ (7 July 2021). Capturing Sri Lanka's Ancient, Almost Lost Martial Art
  19. ↑ Lafferty, Jamie. The Way of the Guru. Wide Angle Magazine
  20. ↑ John Davy: An account of the interior of Ceylon, and of its inhabitants. With travels in that island from 1815 to 1820. London, 1821. p. 139, 155, 156. (Digitized copy on Commons)
  21. ↑ Reza Akram: Angampora: The deadly ancient legacy of Sri Lanka. Behance, 19 June 2018
  22. ↑ Gunaratna, Harischandra. (30 June 2012). "Sancharaka Udawa": Tourism SMEs get equal opportunities on a level playing field - Nanayakkara. The Island
  23. ↑ Weaponry used in "Angampora". Departnment of National Museums, Sri Lanka
  24. ↑ "Angam" - a Documentary directed by Anjula Rasanga Weerasinghe. Goethe-Institut
  25. ↑ (3 January 2011). "Angam" – the Movie – exploring ancient Sri Lankan martial art "Angampora". sinhalaya.com
  26. ↑ Fernando, Susitha R. (22 April 2007). Return of the Reviver. The Sunday Times
  27. ↑ (28 August 2011). Angampora revived. asianmirror.lk

সম্পৰ্কিত শ্ৰেণী

সমৰ কলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঙ্গমপোৰা” প্ৰবন্ধৰ সংশোধন ৪৬৭১৭০ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।