কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মিৰ্জা চাহিবান
মিৰ্জা চাহিবান ( Mirza Sahiban) হৈছে প্ৰথমে ১৭ শতিকাৰ কবি পিলুৱে লিখা এখন পৰম্পৰাগত পাঞ্জাবী ট্ৰেজেডী। ঝাঙৰ এখন গাঁৱত পৰিৱেশিত এই ট্ৰেজেডীখনে নিজ নিজ বংশৰ মুখিয়াল পৰিয়ালৰ যুৱক-যুবতীৰ মাজত হোৱা ৰোমাঞ্চ, তেওঁলোকৰ পলায়ন আৰু অৱশেষত মৃত্যুৰ পিছত লয়।
-
মৃগয়া (চলচ্চিত্ৰ)
মৃগয়া (Mrigayaa) ১৯৭৬ চনত মুক্তি পোৱা হিন্দী ভাষাত নিৰ্মিত এখন ‘ঐতিহাসিক নাট্যধৰ্মী’ ছবি। পৰিচালক মৃণাল সেন আৰু প্ৰযোজক কে ৰাজেশ্বৰ ৰাও। ভাগৱতী চৰণ পাণিগ্ৰাহীৰ "চিকাৰ" নামৰ এটা ওড়িয়া চুটিগল্পৰ আধাৰত ছবিৰ কাহিনীৰ ৰচনা কৰা হৈছে।
-
মেইনে গান্ধীকো নেঁহি মাৰা
মেইনে গান্ধীকো নেঁহি মাৰা (Maine Gandhi Ko Nahin Mara) হৈছে ২০০৫ চনত মুক্তিপ্ৰাপ্ত এখনি হিন্দী ভাষাৰ কথাছবি। ছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা। প্ৰযোজক হৈছে অনুপম খেৰ। ছবিখনৰ দুটা মুখ্য চৰিত্ৰত অনুপম খেৰ আৰু উৰ্মিলা মাতুণ্ডকাৰে আভিনয় কৰিছে।
-
য়ে মেৰা ইণ্ডিয়া
য়ে মেৰা ইণ্ডিয়া (YMI) ২০০৮ চনৰ এখন হিন্দী চলচ্চিত্ৰ, যাৰ লিখক আৰু পৰিচালক এন. চন্দ্ৰা। ছবিখনত অভিনয় কৰিছে অনুপম খেৰ, পেৰিজাদ জোৰাবিয়ান, সয়াজী শিন্দে পূৰব কোহলী, ৰাজপাল য়াদৱ, সৰিকা, সীমা বিশ্বাস আদিয়ে৷
-
লজ্জা (চলচ্চিত্ৰ)
লজ্জা হৈছে ২০০১ চনত ৰাজকুমাৰ সন্তোষীৰ প্ৰযোজনা আৰু পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধ নাটক ছবি। ভাৰতৰ নাৰী আৰু নাৰীবাদৰ দুৰ্দশাৰ আধাৰত নিৰ্মিত ছবিখনে সমাজত নাৰীক যি সন্মানেৰে ৰখা হয় আৰু তেওঁলোকৰ ওপৰত আৰোপ কৰা বাধাৰ ওপৰত ব্যংগ কৰিছে।
-
লায়লা মজনু (২০১৮ চলচ্চিত্ৰ)
লায়লা মজনু হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমাণ্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনত অবিনাশ তিৱাৰী আৰু নৱাগতা অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
লাৰুণ্ডা
লাৰুণ্ডা (লাৰুণ্ডে, লাৰাণ্ডা বা লাৰা নামেৰেও কোৱা হয়) আছিল এগৰাকী নাইয়াদ নিম্ফ(অপেশ্বৰী), আলমো নদীৰ কন্যা আৰু লাৰেছ কম্পিটালিচিৰ মাতৃ, তেওঁ চৌহদ আৰু ৰোম চহৰৰ ৰক্ষক। ওভিদৰ ফাষ্টিত তেওঁৰ নাম লাৰা।
-
লীলা দেশাই
লীলা দেশাই ১৯৩০ আৰু ১৯৪০ দশকৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁৰ জন্ম হৈছিল ১৯০০ চনৰ আৰম্ভণিত। তেওঁ সংগীতজ্ঞ উমেদ্ৰম লালভাই দেশাই আৰু তেওঁৰ দ্বিতীয় পত্নী সত্যবালা দেৱীৰ কন্যা।
-
লোকেল উৎপাত
লোকেল উৎপাত (Local Utpat) ২০২২ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কমেডী চলচ্চিত্ৰ। লোকেল উৎপাতৰ পৰিচালনা কেনী বসুমতাৰীৰ। এইখন পৰিচালক বসুমতাৰীৰ চতুৰ্থ ছবি। তেওঁৰ পূৰ্বৰ ছবি তিনিখন যদিও ৰাইজে আদৰি লৈছিল, এই ছবি কেইখনে সন্তোষজনক ব্যৱসায় কৰিব পৰা নাছিল।
-
শিগমো
শিগমো বা শিশিৰোৎসৱ (Shigmo) গোৱাৰ হিন্দু সম্প্ৰদায়ে উদযাপন কৰা এটা প্ৰধান বসন্তোৎসৱ। এই উৎসৱ কোংকণীসকলেও উদযাপন কৰে আৰু হোলী উৎসৱৰ অংশবিশেষ। শিগমো এটা কোংকণী শব্দ। ই প্ৰাকৃত ভাষাৰ ‘সুগিমাহো’ আৰু সংস্কৃত ভাষাৰ ‘সুগ্ৰীস্মক’ শব্দৰ পৰা উদ্ভৱ হৈছে।
-
শিশু দিৱস (ভাৰত)
শিশু দিৱস হৈছে শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা এক দিৱস। শিশুৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হোৱা বুলি জনাজাত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনত প্ৰতি বছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়।
-
শুধু তোমাৰই জন্য
শুধু তোমাৰই জন্য (Shudhu Tomari Jonyo; ) হৈছে বীৰছা দাসগুপ্তৰ দ্বাৰা পৰিচালিত ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমান্টিক নাট্য চলচ্চিত্ৰ৷ শ্ৰী ভেংকটেশ ফিল্মছে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেব, শ্ৰাবন্তী চট্টোপাধ্যায়, সোহম আৰু মিমি চক্ৰৱৰ্তীয়ে।
-
শ্ৰীকান্ত
শ্ৰীকান্ত (Srikanth) হৈছে দৃষ্টিশক্তিহীন উদ্যোগপতি তথা বোলাণ্ট ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক শ্ৰীকান্ত ব’ল্লাৰ জীৱনৰ ওপৰত ২০২৪ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক চলচ্চিত্ৰ।
-
সম্বলপুৰী শাৰী
সম্বলপুৰী শাৰী হৈছে পৰম্পৰাগত হাতেৰে বোৱা বন্ধা ( ikat ) শাৰী (স্থানীয়ভাৱে "সম্বলপুৰী বন্ধ" সাধি বা শাৰী বুলি কোৱা হয়) য'ত বোৱাৰ আগতে ৱাৰ্প আৰু ৱেফ্ট বান্ধি ৰং কৰা হয়। ভাৰতৰ ওড়িশাৰ সম্বলপুৰ, বৰগড়, বালাংগীৰ, বৌধ আৰু সোণেপুৰ জিলাত ইয়াৰ উৎপাদন হয়।
-
সাবিত্ৰী ব্ৰত
সাবিত্ৰী ব্ৰত বা সাবিত্ৰী আমাৱস্যা হৈছে জেঠ মাহৰ আমাৱস্যা তিথিত ভাৰতীয় হিন্দু বিবাহিত মহিলাৰ এক উপাবাসৰ দিন। ভাৰতৰ উৰিষ্যা, বিহাৰ, উত্তৰ প্ৰদেশ আৰু নেপালত এই ব্ৰত পালন কৰা হয়।
-
সীতা ঔৰ গীতা
সীতা ঔৰ গীতা (Seeta Aur Geeta) ১৯৭২ চনৰ, চেলিম–জাভেদৰ (চেলিম খান আৰু জাভেদ আখতাৰ) দ্বাৰা ৰচিত আৰু ৰমেশ চিপ্পীৰ দ্বাৰা পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন কমেডী নাট্যধৰ্মী চলচ্চিত্ৰ।
-
সুলতাল
সুলতাল (ইংৰাজী: Sultaal) হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এবিধ প্ৰাচীন তাল। এই তালটো বিশেষকৈ অসমীয়া আৰু পূৰ্ব ভাৰতীয় সংগীত পৰম্পৰাত ব্যৱহৃত হয় আৰু ইয়াৰ বৈশিষ্ট্যমূলক ছন্দিক গাঁথনিৰ বাবে পৰিচিত।
-
সুৰদেৱী থিয়েটাৰ
সুৰদেৱী থিয়েটাৰ হৈছে এটি অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ দল। নলবাৰী জিলাৰ চামতা ত ১৯৬৪ চনত এই ভ্ৰাম্যমাণ নাট্যদলটো সুৰদেৱী নাট্য সংঘ নামেৰে আত্মপ্ৰকাশ কৰে। ১৯৬৪ চনত সুৰদেৱী নাট্য সংঘই নাম সলনি কৰি সুৰদেৱী থিয়েটাৰ নামেৰে নাট্য পৰিক্ৰমা আৰম্ভ কৰে। সুৰদেৱী থিয়েটাৰৰ প্ৰযোজক আছিল ধৰণী বৰ্মণ।
-
সূত্ৰধাৰ নৃত্য
সূত্ৰধাৰ নৃত্য(Sutradhari Nritya) সত্ৰীয়া পৰিৱেশ্য কলাৰ অন্তৰ্গত এটি নৃত্য শৈলী। সূত্ৰধাৰজন একাধাৰে গায়ক, নৰ্তক, ঘোষক আৰু পৰিস্থিতিৰ ব্যাখ্যাকাৰী। সূত্ৰধাৰী নাচ অংকীয়া ভাওনাৰ এটি অপবিহাৰ্য নৃত্যগোট। (গায়ন-বায়নৰ অন্তৰ্গত) সাধাৰণতে বৰপেটীয়া ধেমালি খনকে আধাৰ হিচাপে লৈ গুৰুকীৰ্তনৰ ভাওনা আৰম্ভ হয়।
-
সৈনিক (চলচ্চিত্ৰ)
সৈনিক (Sainik) হʼল ছিকন্দৰ ভাৰতীৰ পৰিচালনাত নিৰ্মিত, ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত, এখন ভাৰতীয় একশ্যনধৰ্মী চলচ্চিত্ৰ। ছবিখনত অভিনয়-শিল্পী অক্ষয় কুমাৰ, অশ্বিনী ভাৱে, ৰোনিত ৰয়, আৰু ফাৰহীনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
স্বৰ্গৰথ (চলচ্চিত্ৰ)
স্বৰ্গৰথ (ইংৰাজী: Swargarath) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত এখন হাস্যৰসধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনত সিদ্ধাৰ্থ শৰ্মা, কেনি বসুমতাৰী, কমল লোচন ডেকা, উদ্ভাৱন শইকীয়া, বনি দেউৰীকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে৷ ছবিখনৰ কাহিনীকাৰ হৈছে শান্তনু ৰৌমূৰীয়া আৰু…
-
সৰহুল
সৰহুল ভাৰতৰ ঝাৰখণ্ড ৰাজ্যৰ লোকসকলে পালন কৰা বসন্ত কালৰ এক লোক উৎসৱ। এই উৎসৱ চ’ত মাহৰ শুক্ল পক্ষত ৩ তাৰিখৰ পৰা চৈত্ৰ্য পূৰ্ণিমালৈকে তিনিদিনীয়াকৈ পালন কৰা হয়।
-
হাগ্ৰামায়াও জিনাহাৰি
হাগ্ৰামায়াও জিনাহাৰি ( Hagramayao Jinahari) জাংদাও বডোচা পৰিচালিত ১৯৯৬ চনত মুক্তি পোৱা এখন বড়ো ভাষাৰ চলচ্চিত্ৰ। এইখন বডোচাই পৰিচালনা কৰা দ্বিতীয় কাহিনী ছবি। পৰিচালনাৰ উপৰিও তেওঁ ছবিৰ প্ৰযোজনা আৰু সম্পাদনা কৰাৰ উপৰিও চিত্ৰনাট্যও লিখিছে।
-
হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)
হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাটি ব্ৰিটিছ লেখিকা জে কে ৰাউলিং ৰচিত সাত খণ্ডৰ হেৰী পটাৰ উপন্যাস শৃংখলাৰ কাহিনীৰ আধাৰত নিৰ্মিত। শৃংখলাটিৰ কিতাপৰ সংখ্যা সাতখন আৰু, চলচ্চিত্ৰৰ সংখ্যা আঠখন। অন্তিমখন কিতাপৰ কাহিনী অপেক্ষাকৃত ভাবে দীঘল আৰু জটিল হোৱাৰ বাবে কিতাপখনৰ আধাৰত দুটা খণ্ডত চলচ্চিত্ৰ নিৰ্মিত কৰা হৈছে।
-
হোলীগীত
হোলীগীত হৈছে বৰপেটাৰ দৌল উৎসৱৰ সময়ত গোৱা গীতসমূহ৷ দৌল অহাৰ প্ৰায় বহু আগৰে পৰাই বৰপেটাৰ হাটীসমূহত হোলীগীতৰ আখৰা চলে৷ দৌলৰ সময়ত সকলোৱে খুটিতাল, পাতিতাল, ঢোল আদি লৈ হোলী গীত গায় আৰু ফাকু খেলে৷
-
হৰে ৰাম হৰে কৃষ্ণ (চলচ্চিত্ৰ)
হৰে ৰাম হৰে কৃষ্ণ (Hare Rama Hare Krishna) ১৯৭১ চনত দেৱ আনন্দৰ পৰিচালনাত নিৰ্মিত এখন সংগীত প্ৰধান ড্ৰামা ছবি, য'ত মুমতাজ আৰু জীনত আমানে অভিনয় কৰাৰ উপৰিও মূল পূৰুষ চৰিত্ৰত তেওঁ নিজে অভিনয় কৰিছে।
-
২০১৮ (চলচ্চিত্ৰ)
২০১৮ (পৰ্দাত উপ-শিৰোনামা হিচাপে এভৰিৱান ইজ এ হিৰো লিখা হৈছে) হৈছে ২০১৮ চনৰ কেৰালাৰ ভয়াৱহ বানপানীৰ আধাৰত নিৰ্মিত ২০২৩ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ ছাৰ্ভাইভেল থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক জুড এন্থনী জোচেফ, যিয়ে অখিল পি. ধৰ্মজনৰ সৈতে ইয়াৰ চিত্ৰনাট্যও লিখিছিল। কাব্য ফিল্ম কোম্পানীৰ বেনাৰত পি.
-
ৰাখাল পূজা
ৰাখাল পূজা অসমৰ গোৱালপাৰা অঞ্চলত প্ৰচলিত এক অনুষ্ঠান। উজনি অসমৰ গৰখীয়া সবাহ আৰু নামনি অসমৰ গোপাল সেৱা একে কামনাৰে অনুষ্ঠিত হোৱা অনুষ্ঠান। গৰুৰ বেমাৰ হ’লে গোৱালপাৰা অঞ্চলত পথাৰত বা গোহালিত মাহ-প্ৰসাদ আৰু বিশেষকৈ কলৰ নৈবেদ্য ৰাখাল বা গৰখীয়া সকললৈ আগবঢ়োৱা হয়।
-
ৰাগ ভূপালী
ভূপালী, যাক ভূপ, ভোপালী, বা ভূপালী বুলিও জনা যায়, এটা হিন্দুস্তানী শাস্ত্ৰীয় ৰাগ। ভূপালী এটা কল্যাণ ঠাটৰ এটা ৰাগ। ই এটা পেণ্টাটনিক স্কেল (আৰোহণ আৰু অৱৰোহণত ৫টা স্বৰ ব্যৱহাৰ কৰে)। এই ৰাগৰ বেছিভাগ গীত ভক্তি ৰসৰ ওপৰত ভিত্তি কৰি ৰচিত। যিহেতু ই ৫টা স্বৰ ব্যৱহাৰ কৰে, সেয়ে ই "ঔড়ৱ জাতি"ৰ ৰাগৰ অন্তৰ্গত।
-
ৰাগ মলহাৰ
ৰাগ মলহাৰ, যাক সাধাৰণতে মিয়াঁ কি মলহাৰ বা তানছেন কি মলহাৰ নামেৰে জনা যায়, এটা হিন্দুস্থানী শাস্ত্ৰীয় ৰাগ। মলহাৰৰ সৈতে তুমুল বৰষুণৰ সম্পৰ্ক আছে। মূল শুদ্ধ মলহাৰৰ উপৰি, যি আছিল প্ৰথম মলহাৰ, কেইবাটাও মলহাৰ-সম্পৰ্কিত ৰাগত S (m)R (m)R P স্বাক্ষৰ বাক্যাংশ ব্যৱহাৰ কৰা হয়, য’ত আছে মিয়াঁ কি মলহাৰ, মেঘ…