অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হৰে ৰাম হৰে কৃষ্ণ (চলচ্চিত্ৰ)

হৰে ৰাম হৰে কৃষ্ণ (Hare Rama Hare Krishna) ১৯৭১ চনত দেৱ আনন্দৰ পৰিচালনাত নিৰ্মিত এখন সংগীত প্ৰধান ড্ৰামা ছবি, য'ত মুমতাজ আৰু জীনত আমানে অভিনয় কৰাৰ উপৰিও মূল পূৰুষ চৰিত্ৰত তেওঁ নিজে অভিনয় কৰিছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

হৰে ৰাম হৰে কৃষ্ণ (Hare Rama Hare Krishna) ১৯৭১ চনত দেৱ আনন্দৰ পৰিচালনাত নিৰ্মিত এখন সংগীত প্ৰধান ড্ৰামা ছবি, য'ত মুমতাজ আৰু জীনত আমানে অভিনয় কৰাৰ উপৰিও মূল পূৰুষ চৰিত্ৰত তেওঁ নিজে অভিনয় কৰিছে। পশ্চিমীয়া হিপ্পীৰ চৰিত্ৰত অভিনয় কৰা জিনত আমানৰ বাবে এই চুপাৰহিট ছবিখন১ তাৰকা নিৰ্মাণৰ বাহনস্বৰূপ আছিল আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা২ আৰু লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বিএফজেএ বঁটাও তেওঁ লাভ কৰিছিল।৩ ছবিখনৰ আলোচ্য বিষয় হিপ্পী সংস্কৃতিৰ অৱক্ষয়। ইয়াত এক ড্ৰাগছ বিৰোধী বাৰ্তা দিয়া হৈছে। লগতে পশ্চিমীয়াকৰণৰ সৈতে জড়িত বিবাহ বিচ্ছেদ আদি কিছুমান সমস্যাৰ বিষয়েও চিত্ৰায়ন কৰা হৈছে। ১৯৬৮ চনৰ আমেৰিকান চাইকেডেলিক চলচ্চিত্ৰ চাইক-আউটৰ দ্বাৰা ই প্ৰভাৱিত হৈছিল।৪

নেপালৰ কাঠমাণ্ডু ভ্ৰমণ কৰাৰ সময়ত তাত বাস কৰি থকা হিপ্পীসকলৰ সম্পৰ্কত অহাৰ পিছত আচলতে দেৱ আনন্দৰ মনলৈ হৰে ৰাম হৰে কৃষ্ণৰ ধাৰণাটো আহিছিল। তেওঁৰ পূৰ্বৰ ছবি প্ৰেম পূজাৰীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বাবে মন বেয়া হৈ থকা বাবে তেওঁ নেপাল ভ্ৰমণলৈ গৈছিল। প্ৰতিবাদকাৰীসকলে ছবিখনৰ পোষ্টাৰ জ্বলাই দিছিল।৫

অভিনয় শিল্পী

  • দেৱ আনন্দ- প্ৰশান্ত
  • জীনত আমান – জছবীৰ
  • মুমতাজ – শান্তি
  • বেবী গুড্ডী- সৰু যশবীৰ
  • সত্যজিত- সৰু প্ৰশান্ত
  • প্ৰেম চোপ্ৰা- দ্ৰোণাচাৰ্য
  • ৰাজেন্দ্ৰ নাথ- তুফান
  • মেহমুদ জুনিয়ৰ- মাচিনা
  • সুধীৰ- মাইকেল
  • কিশোৰ চাহু -জয়ছোৱাল
  • অচলা সচদেৱ- মিচেছ জয়ছোৱাল
  • মুমতাজ বেগম- শান্তিৰ মাক
  • ইফটিকাৰ
  • ৰাজ কিশোৰ
  • গৌতম ছেৰিন
  • ইন্দ্ৰানী মুখাৰ্জী মিচেছ জয়ছোৱাল ২য়
  • য়শোদ্ৰা কাটজু

বঁটা

তথ্যসূত্ৰ

  1. ↑ Nico Slate. (11 February 2019). Lord Cornwallis Is Dead: The Struggle for Democracy in the United States and India. Harvard University Press. পৃ. 193. ISBN 978-0-674-98344-1
  2. ↑ (5 February 2022). Hey Ram, Hey Nathuram
  3. ↑ Lokapally, Vijay. (11 April 2013). Hare Rama Hare Krishna (1971). The Hindu
  4. ↑ Nico Slate. (11 February 2019). Lord Cornwallis Is Dead: The Struggle for Democracy in the United States and India. Harvard University Press. পৃ. 193. ISBN 978-0-674-98344-1
  5. ↑ Lokapally, Vijay. (11 April 2013). Hare Rama Hare Krishna (1971). The Hindu

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰে ৰাম হৰে কৃষ্ণ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৮৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।