অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাখাল পূজা

ৰাখাল পূজা অসমৰ গোৱালপাৰা অঞ্চলত প্ৰচলিত এক অনুষ্ঠান। উজনি অসমৰ গৰখীয়া সবাহ আৰু নামনি অসমৰ গোপাল সেৱা একে কামনাৰে অনুষ্ঠিত হোৱা অনুষ্ঠান। গৰুৰ বেমাৰ হ’লে গোৱালপাৰা অঞ্চলত পথাৰত বা গোহালিত মাহ-প্ৰসাদ আৰু বিশেষকৈ কলৰ নৈবেদ্য ৰাখাল বা গৰখীয়া সকললৈ আগবঢ়োৱা হয়।

হালনাগাদ: ২৬ ডিচেম্বৰ ২০২৪ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰাখাল পূজা অসমৰ গোৱালপাৰা অঞ্চলত প্ৰচলিত এক অনুষ্ঠান। উজনি অসমৰ গৰখীয়া সবাহ আৰু নামনি অসমৰ গোপাল সেৱা একে কামনাৰে অনুষ্ঠিত হোৱা অনুষ্ঠান। গৰুৰ বেমাৰ হ’লে গোৱালপাৰা অঞ্চলত পথাৰত বা গোহালিত মাহ-প্ৰসাদ আৰু বিশেষকৈ কলৰ নৈবেদ্য ৰাখাল বা গৰখীয়া সকললৈ আগবঢ়োৱা হয়। গৰখীয়াই আশীৰ্বাদ দি সেই প্ৰসাদ গ্ৰহন কৰিলে গৰুৰ অসুখ ভাল হয় বুলি বিশ্বাস কৰা হয়। নামনি অসমত হ’লে গোহালিত আৰৈ চাউল, কল, গাখীৰ আৰু চেনিৰ গোপাল ভোগ গৰখীয়ালৈ আগবঢ়ায়। গৰখীয়াই আশীৰ্বাদ দিয়ে। উজনি অসমত গৰু, ম’হ, ছাগলী হেৰালে বা অসুখ বিসুখ হ’লে গৰখীয়া ল’ৰাক চোতালত কল আৰু মাহ-প্ৰসাদৰ নৈবেদ্য দিয়ে, জলপান খোৱায় আৰু কোনো কোনোৱে ভোজো খুৱায়। গৰখীয়াই নাম গাই আশীৰ্বাদ দি গ্ৰহন কৰে।১

পূজাৰ উদ্দেশ্য

গৰখীয়া ল’ৰাক ভগৱান শ্ৰীকৃষ্ণৰ ৰাখোৱাল ৰূপেৰে কল্পনা কৰি গঞা লোকে এই অনুষ্ঠান পাতে। গৰখীয়া ল’ৰাক সন্তুষ্ট কৰা মানে ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰা। গৰখীয়া-সেৱাৰ কাৰণ একাধিক, যেনে –

  • নি:সন্তান দম্পতিয়ে পুত্ৰ সন্তান কামনাৰ্থে গৰখীয়া-সেৱাৰ আয়োজন কৰে,
  • গো-জাতিৰ শ্ৰীবৃদ্ধিৰ কামনাত কোনোৱে গোপাল-সেৱা আগবঢ়ায়,
  • সৰু ল’ৰাৰ অসুখ-বিসুখ হ’লে বা বয়স অনুযায়ী বাঢ়িব নোৱাৰিলে ল’ৰাৰ আৰোগ্য কামনাৰে অথবা নিজৰ গৰু-গাই হেৰাই পোৱাৰ পিছত বহুতে গৰখীয়া পোহে,
  • এজন প্ৰখ্যাত জ্যোতিষীৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি ড° ভৃগুমোহন গোস্বামীয়ে লিখিছে যে শনিৰ কোপ দৃষ্টিৰ পৰা হাত সাৰিবলৈ মানুহে গৰখীয়া-সেৱা পাতে।২

তথ্যসূত্ৰ

  1. ↑ অসমীয়া লোক সংস্কৃতি: নিৰ্মলপ্ৰভা বৰদলৈ, জানুৱাৰী ২০০৮ সংস্কৰণ, পৃষ্ঠা-৮৪
  2. ↑ as.vikaspedia.in/viewcontent/education/9859b89ae

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাখাল পূজা” প্ৰবন্ধৰ সংশোধন ৪৫৮৬৪৮ (২৬ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।