অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লায়লা মজনু (২০১৮ চলচ্চিত্ৰ)

লায়লা মজনু হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমাণ্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনত অবিনাশ তিৱাৰী আৰু নৱাগতা অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ২ ফেব্ৰুৱাৰী ২০২৫ ৮৮৫ শব্দ · ৫ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

লায়লা মজনু হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমাণ্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনত অবিনাশ তিৱাৰী আৰু নৱাগতা অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ পৰিচালনা কৰিছে সাজিদ আলীয়ে, উপস্থাপন কৰিছে ইমতিয়াজ আলীয়ে আৰু সহ-প্ৰযোজনা কৰিছে একতা কাপুৰ, শোভা কাপুৰ আৰু প্ৰীতি আলীয়ে।১২৩৪ ছবিখন পৌৰাণিক আৰবী শোক-জনক কাহিনী লায়লা-মজনুঁৰ এটি সমসাময়িক পুনৰাবৃত্তি। ছবিখনৰ মুখ্য চৰিত্ৰ দুই প্ৰেমিক-প্ৰেমিকা, লায়লা (ডিমৰি) আৰু কাইছ ভট্ট (তিৱাৰী), যিয়ে তেওঁলোকৰ পৰিয়ালৰ বিৰোধিতাৰ বাবে একত্ৰিত হ’ব নোৱাৰে। ভাগ্যৰ ফেৰত, লায়লাই আন এজনলৈ বিয়া হয় আৰু ইফালে কেইছ লণ্ডনলৈ গুচি যায়। চাৰি বছৰৰ পিছত দুয়োৰে মিলন হয়, যদিও তেওঁলোকে ইজনে সিজনৰ বাবে অপেক্ষা কৰে।

২০১৮ চনৰ ৭ ছেপ্টেম্বৰত, মুক্তি লাভ কৰা ছবিখনে বহুত কম সঁহাৰি লাভ কৰিছিল আৰু বক্স অফিচত ব্যৱসায়িকভাৱেও ব্যৰ্থ হৈছিল। কিন্তু পৰৱৰ্তী বছৰবোৰত, ছবিখনে ইয়াৰ কাহিনী, অভিনয় শিল্পীসকলৰ অভিনয় আৰু ছবিখনৰ সংগীতৰ বাবে ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে সমালোচকৰ প্ৰশংসাও লাভ কৰে। ছবিখনৰ ডিজিটেল মুক্তিৰ পিছত, কিছুমান আউটলেটে ছবিখনক কাল্ট ফিল্মৰ মৰ্যাদাও দিছিল।৫

কাহিনীভাগ

চহৰৰ এটি সুনামধন্য পৰিয়ালৰ অন্তৰ্গত লায়লা এগৰাকী ফ্লাৰ্ট কিশোৰী যিয়ে তাইৰ প্ৰতি আকৃষ্ট ল’ৰাবোৰক জোকাই ভাল পায়। তাই কাইছ ভাট নামৰ এটি ধনী পৰিয়ালৰ ল’ৰাক লগ পায়। আৰম্ভণিতে লায়লাই তাৰ বিষয়ে নিশ্চিত নহয় সেয়ে তাইক অনুসৰণ নকৰিবলৈ কয়। কাইছে তাইক এখন টোকা দিয়ে য’ত লিখা আছিল যে সি তাইক আৰু আমনি নকৰে আৰু যদি তাই তাক বিচাৰে, তাই তাৰ সৈতে যোগাযোগ কৰিব লাগিব। পিছদিনা অৱশ্যে তেওঁলোকে বিয়া এখনত আকৌ লগ হয় আৰু কাইছে উপলব্ধি কৰে যে ইয়েই নিয়তি। তেওঁলোকৰ পৰিয়ালৰ মাজত আইনী বিবাদ চলি থকাৰ স্বত্বেও, দুয়ো ইজনে সিজনৰ প্ৰেমত পৰে। লায়লাৰ পৰিয়ালে যেতিয়া তেওঁলোকৰ সম্পৰ্কৰ কথা গম পায় তেতিয়া দেউতাকৰ ৰাজনৈতিক সহায়ক ইব্বানৰ লগত তাইৰ বিয়াখন ঠিক কৰি দিয়ে। বিয়া হ’বলৈ মান্তি নহʼলে দেউতাকে বিষ পান কৰাৰ ভাবুকি দিয়াত তাই বিয়া কৰিবলৈ বাধ্য হয়। অৱশ্যে লাইলা এতিয়াও আশাবাদী আছিল যে কাইছে দেউতাকক পতিয়ন নিয়াব। কিন্তু সিহঁতৰ কথা-বতৰাৰ এটা অংশ শুনি তাইৰ দেউতাকৰ লগত সি অসন্মানেৰে কথা কৈছে বুলি ধৰি লৈ অনিচ্ছা সত্ত্বেও তাৰ লগত সম্পৰ্ক শেষ কৰে। ভুল বুজাবুজিত আঘাতপ্ৰাপ্ত কাইছে তাইক আকৌ কয় যে সি আৰু তাইক অনুসৰণ নকৰে আৰু তাইক কেতিয়াবা প্ৰয়োজন হ’লে তাক বিচাৰিবলৈ কয়।

চাৰি বছৰৰ পাছত কাইছে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লণ্ডনৰ পৰা উভতি আহে। লায়লাৰ পৰা আঁতৰি থাকে। ইফালে মদ্যপায়ী স্বামীৰ দ্বাৰা নিয়মিতভাৱে নিৰ্যাতিত, লায়লাই কাইছক লগ কৰাৰ সিদ্ধান্ত লয়। তাক দেখি তাই বুজি পায় যে সিহঁতৰ ব্ৰেকআপে তাক বেয়াকৈ প্ৰভাৱিত কৰিছিল আৰু সি মানসিক স্বাস্থ্যৰ সৈতে যুঁজি আছিল। এক বিশ্ৰী মুহূৰ্তত সি তাইৰ বাবে বেলেগ মানুহ যেন লাগিছিল। লায়লাই বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লয়। লায়লাই কাইছক তাইৰ বিবাহ বিচ্ছেদ হোৱালৈকে তাইৰ বাবে অপেক্ষা কৰিবলৈ কয়। কিন্তু বিবাহ বিচ্ছেদৰ পূৰ্বেই এক পথ দুৰ্ঘটনাত তাইৰ স্বামীৰ মৃত্যু হয়। লাইলাই অন্ত্যেষ্টিক্ৰিয়াৰ দিনা কাইছৰ সৈতে পলাই যোৱাৰ সিদ্ধান্ত লয় কিন্তু তাইৰ দেউতাকে তেনে নকৰিবলৈ কয় আৰু প্ৰতিশ্ৰুতি দিয়ে যে তাই কেইসপ্তাহমানৰ পিছতেই বিয়া হ’ব পাৰিব। লায়লাই আকৌ কাইছক তাইৰ বাবে অপেক্ষা কৰিবলৈ কয়।

বছৰ বছৰ ধৰি তাইৰ বাবে অপেক্ষা কৰি থকা কাইছে অনুভৱ কৰে যে তেওঁ কেতিয়াও তাইৰ লগত একত্ৰিত হ’ব নোৱাৰে আৰু এই চিন্তাই তাক উদ্ভট কৰি তোলে। লায়লাৰ বিষয়ে সি ভ্ৰম কৰিবলৈ আৰম্ভ কৰে, তাইৰ লগত কথা পাতে আৰু শেষত পাহাৰ এটালৈ পলাই যায়। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু লায়লাই প্ৰতিদিনে তেওঁক বিচাৰি ফুৰে যদিও তেওঁক বিচাৰি নাপায়। কাইছে লায়লাক তেওঁৰ লগত থকা বুলি ভ্ৰম কৰে আৰু তাইৰ সৈতে পাহাৰত থাকিবলৈ লয়। কিছুমান মানুহে তাক ধৰি ঘৰলৈ লৈ আহে। তাত তেওঁ লায়লাক চিনি পায় যদিও কয় যে লায়লা এগৰাকী মানুহ নহয় বৰঞ্চ তাই সকলোতে আছে আৰু বিভিন্ন দিশলৈ আঙুলিয়াই দিয়ে।

লায়লা এই সিদ্ধান্তত উপনীত হয় যে সি প্ৰেমৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। তাই ঘোষণা কৰে যে তেওঁলোকৰ আত্মা তেওঁলোকৰ সৈতে থকাটো প্ৰয়োজনীয়। তাৰ পিছত, তেওঁলোকৰ সম্পৰ্কৰ আৰম্ভণিতে তাইক দিয়া টোকাটো হাতত লৈ, তাই মৃত্যুবৰণ কৰে। টোকাটোত লিখা আছিল যে যদি তাই তাক বিচাৰে তেন্তে তাই তাৰ ওচৰলৈ যাব লাগিব, যিয়ে সূচায় যে লায়লাই পুনৰ তাৰ ওচৰলৈ যোৱাৰ যাত্ৰা আৰম্ভ কৰিছে। কাইছে (যাক মজনু বুলি কোৱা হয়, আৰবী ভাষাত যাৰ অৰ্থ হৈছে "পাগল", চলচ্চিত্ৰখনৰ দ্বিতীয়াৰ্ধত লায়লা-মজনুঁৰ বাবে এক স্তুতি হিচাপে), লায়লা আৰু নাই বুলি অনুভৱ কৰি, যেতিয়া সি উজুটি খায় আৰু লায়লাৰ কবৰত শোৱে তেতিয়া সি আকৌ পাহাৰলৈ দৌৰি যায়। যেতিয়া সি শেষ উশাহ লয়, তেতিয়া লায়লাক পাহাৰৰ ওপৰৰ পৰা মাতি থকা দেখা পায়। ছবিখনৰ শেষত এটা গীতত দেখা যায় যে তেওঁলোকৰ আত্মা অৱশেষত পুনৰ একত্ৰিত হৈছে, এতিয়া তেওঁলোকে একেলগে কৰিবলৈ পৰিকল্পনা কৰা সকলো কাম কৰিবলৈ মুক্ত। চলচ্চিত্ৰখনৰ সমাপ্তি ঘটে উক্ত শাৰীটোৰ সৈতে, "তেওঁলোকে চিৰকাল সুখেৰে বাস কৰিছিল - যিটো বিদ্ৰূপাত্মক আৰু সঁচা; দুয়োটাই" (They lived happily ever after - which is both ironic and true.)।

অভিনয় শিল্পী

  • তৃপ্তি ডিমৰি - লায়লা
    • হিব্বা শফী - তৰুণী লায়লা
  • অবিনাশ তিৱাৰী - কাইছ ভট্ট / "মজনু"
    • দাৱাৰ - তৰুণ কাইছ
  • বেঞ্জামিন গিলানী - গোলাম সৰৱাৰ ভাট
  • পৰমীত চেঠী - মাছুদ আহমেদ শ্বাহমিৰি
  • সুমিত কৌল - ইব্বান / জাভেদ পাৰে
  • আব্ৰাৰ কাজী - জাইদ
  • চাহিবা বালি - এম্ব্ৰিন
  • ফাৰহানা ভাট - জচমিত
  • দুৱা ভাট - শ্বামা
  • মহিদ আইশা আলী - জাইদৰ ভনীয়েক
  • শগুফতা আলী - "পুফু": লায়লাৰ খুড়ী
  • মীৰ সৰৱাৰ - কাইছৰ ভিনদেউ
  • বসুন্ধৰা কৌল - কাইছৰ ভনীয়েক
  • সুজাতা চেহগল - পাৰবীন: লায়লাৰ মাক
  • আৰজে ৰফিক - তৌচিফ
  • মুমিন ৰফিক - উমাৰ
  • শ্বহীদ গাল্ফাম - ৰছুল
  • জামিৰ আছাই - নিচাৰ বুখাৰী
  • খাৱাৰ জামছিদ - মুদি

সংগীত

হিতেশ সোণিক আৰু নীলাদ্ৰি কুমাৰ, জয় বৰুৱা আৰু আলিফে ছবিখনৰ আৱহ সংগীত ৰচনা কৰিছিল। ইৰছাদ কামিল, মেহমুদ গামী আৰু মহম্মদ মুনীমে ছবিখনৰ গীতৰ কথা ৰচনা কৰিছিল। ২০১৮ চনৰ ৯ আগষ্টত "আহিস্তা" শীৰ্ষক ছবিখনৰ প্ৰথমটো গীত মুক্তি পাইছিল।৬ তাৰ পিছত ২০১৮ চনৰ ১৩ আগষ্টত "অ মেৰী লাইলা" শীৰ্ষক টাইটেল ট্ৰেকটি মুক্তি পাইছিল।৭

বঁটা আৰু মনোনয়ন

অনুষ্ঠানৰ তাৰিখবঁটাশিতানপ্ৰাপক(সকল) আৰু মনোনীত(সকল)ফলাফলতথ্যসূত্ৰ
১৬ ফেব্ৰুৱাৰী ২০১৯মিৰ্চি মিউজিক এৱাৰ্ডবৰ্ষশ্ৰেষ্ঠ আগন্তুক সংগীত ৰচয়িতানীলাদ্ৰি কুমাৰ – "আহিস্তা"৮৯
বৰ্ষশ্ৰেষ্ঠ গীতিকাৰইৰছাদ কামিল – "আহিস্তা"
২৩ মাৰ্চ ২০১৯৬৪ তম ফিল্মফেয়াৰ বঁটাচলচ্চিত্ৰ সংগীতত আগন্তুক প্ৰতিভাৰ আৰডি বৰ্মন বঁটানীলাদ্ৰি কুমাৰ১০
শ্ৰেষ্ঠ নেপথ্য গায়িকাজোনিতা গান্ধী – "আহিস্তা"১১

পুনঃমুক্তি

জনপ্ৰিয় চাহিদাৰ বাবে, চলচ্চিত্ৰখন ২০২৪ চনৰ ৯ আগষ্টত ভাৰতীয় ছবিগৃহসমূহত পুনৰবাৰ মুক্তি পায়, বক্স অফিচত ১১.৫০ কোটিৰো অধিক টকা আয় কৰে, যি ইয়াৰ মূল আয় ২.১৮-৩.২৫ কোটি টকাৰ তুলনাত উল্লেখযোগ্যভাৱে বেছি। ছবিখন সৰ্বকালৰ ষষ্ঠ সৰ্বাধিক উপাৰ্জনকাৰী পুনঃ-মুক্তিপ্ৰাপ্ত ভাৰতীয় চলচ্চিত্ৰত পৰিণত হয়।১২১৩

তথ্যসূত্ৰ

  1. ↑ (7 August 2018). Ekta Kapoor shifts gears with Imtiaz Ali's 'Laila Majnu'
  2. ↑ (23 July 2018). Laila Majnu has less logic and more passion: Imtiaz Ali
  3. ↑ Laila Majnu Trailer: Imtiaz Ali Brings Madness, Love and Bullets Together
  4. ↑ (7 August 2018). Laila Majnu Trailer: Imtiaz Ali is back, this time, with the 'baap' of all tragic love stories
  5. ↑ Imtiaz Ali: 'Laila Majnu' is an unsafe film to make – Times of India ►. The Times of India
  6. ↑ Laila Majnu song 'Aahista' captures lead pair's love story before launching into tragic climax. Firstpost
  7. ↑ Laila Majnu song 'O Meri Laila' shows Tripti Dimri, Avinash Tiwary frolicking to traditional Kashmiri music
  8. ↑ MMA Mirchi Music Awards. MMAMirchiMusicAwards
  9. ↑ (18 February 2019). 11th Mirchi Music Awards: Complete list of winners – Times of India. The Times of India
  10. ↑ (23 March 2019). Filmfare Awards 2019: List Of Winners. NDTV
  11. ↑ (12 March 2019). 64th Vimal Filmfare Awards 2019: Official list of nominations. Times of India
  12. ↑ (8 August 2024). Imtiaz Ali announces 'Laila Majnu' re-release in theatres: Back on popular demand. India Today
  13. ↑ Jogani, Rishil. (9 September 2024). Laila Majnu Re-Release Box Office Collections: Triptii Dimri and Avinash Tiwary film has a verdict-changing re-run; Crosses Rs 10 crore net overall. Pinkvilla

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ২০১৮ বৰ্ষৰ চলচ্চিত্ৰভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লায়লা মজনু (২০১৮ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৬৮০৬৪ (২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।