হাগ্ৰামায়াও জিনাহাৰি ( Hagramayao Jinahari) জাংদাও বডোচা পৰিচালিত ১৯৯৬ চনত মুক্তি পোৱা এখন বড়ো ভাষাৰ চলচ্চিত্ৰ। এইখন বডোচাই পৰিচালনা কৰা দ্বিতীয় কাহিনী ছবি। পৰিচালনাৰ উপৰিও তেওঁ ছবিৰ প্ৰযোজনা আৰু সম্পাদনা কৰাৰ উপৰিও চিত্ৰনাট্যও লিখিছে। পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ শিতানত ছবিখনে শ্ৰেষ্ঠ ছবিৰ ১৯৯৫ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১ বনধ্বংসৰ বাবে ছবিখনৰ যোগেদি বডোচাই চৰকাৰী যন্ত্ৰটোক প্ৰত্যক্ষভাবে জগৰীয়া কৰিছে। প্ৰশাসন আৰু অসাধু কাঠ ব্যৱসায়ীসকলৰ অবৈধ চক্ৰটোৱে যে বনধ্বংসৰ মূল কাৰণ তাক উদঙাই দিছে।২৩
নিৰ্মাণ
ধনৰ অভাৱত অতি কম বাজেটেৰে ছবিখন নিৰ্মাণ কৰা হৈছিল। এটা পুৰণি ধৰণৰ বোলেক্স কেমেৰা আৰু পেলাই থোৱা ফুজি কালাৰ ফিল্মেৰে ছবিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। অপেছাদাৰী অভিনেতা আৰু ন-শিকাৰু প্ৰডাকচন ইউনিটেৰে ছবিৰ সমস্ত চিত্ৰনাট্যৰ দৃশ্যগ্ৰহণ মাথো দহদিনত সামৰা হয়। কেমেৰা আৰু সম্পাদনাৰ কাম পৰিচালক বডোচাই নিজে চম্ভালিছিল।২
কাহিনীৰ সাৰাংশ
অৰণ্যৰ ওপৰতে নিৰ্ভৰশীল বুদাঙে হাবিৰ পৰা মনেমনে খৰি, কাঠ আনি বাহিৰৰ মানুহক বিক্ৰী কৰে। তেওঁৰ একমাত্ৰ জীয়েক মিথিংগা বিবাহোপযোগ্য হৈছে। তাইক বিয়া দিবলৈ বহু ধনৰ প্ৰয়োজন। সেই ধন গোটাবলৈ তেওঁ বেছিকৈ চৌৰ্যবৃত্তি চলাই গ’ল আৰু এদিন ধৰা পৰি শাস্তিৰ সন্মুখীন হ’ল। ভৱিষ্যতে আৰু যাতে অধিক শাস্তিৰ সন্মুখীন নহয়, তাৰবাবে তেওঁ গছ কাটি হাবিৰ ভিতৰতে কাঠৰ চোৰাং কাৰবাৰীক বিক্ৰী কৰিবলৈ ধৰিলে। এই চোৰাং কাৰবাৰীবোৰে এদিন সুবিধা বুজি মিথিংগাক দলবদ্ধভাবে বলাৎকাৰ কৰে। কুমাৰী অৰণ্যৰ ওপৰত অসৎ লোকবোৰে গছ-বন কাটি যি অত্যাচাৰ চলাইছে, মিথিংগাক কৰা বলাৎকাৰ যেন তাৰেই প্ৰতীক।১
অভিনয় শিল্পী
- টিকেন্দ্ৰজিৎ নাৰ্জাৰী (বুদাং)
- অঞ্জলি বসুমতাৰী (মিথিংগা)৩
বঁটা
“এটা জনজাতীয় গোষ্ঠীৰ জীৱন সংগ্ৰাম আৰু ইয়াৰ আঁৰত থকা মূল অপৰাধীৰ স্বৰূপ উন্মোচনৰ যোগেদি বনধ্বংসৰ সমস্যাটোৰ প্ৰভাৱশালী চিত্ৰায়ণ”ৰ বাবে হাগ্ৰামায়ও জিনাহাৰিয়ে পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ শিতানত শ্ৰেষ্ঠ ছবিৰ ৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯৫) লাভ কৰে। এই বঁটাত প্ৰযোজক আৰু পৰিচালকলৈ ৰজত কমলৰ সৈতে নগদ ৩০,০০০ টকাকৈ আগবঢ়োৱা হৈছিল।১
তথ্যসূত্ৰ
- ↑ (1996). National Film Awards Archivesː33rd NFA. Directorate of Film Festivals, Govt. of India. পৃ. 18, 155
- ↑ Gokulsing, K. Moti; Dissanayake, Wimal. (2013). Routledge Handbook of Indian Cinemas. Routledge. পৃ. 58. ISBN 978-1-136-77284-9
- ↑ British Film Institute. Hagramayao Jinahari
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাগ্ৰামায়াও জিনাহাৰি” প্ৰবন্ধৰ সংশোধন ২৯০৯৪৭ (১৩ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।