অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শ্ৰীকান্ত

শ্ৰীকান্ত (Srikanth) হৈছে দৃষ্টিশক্তিহীন উদ্যোগপতি তথা বোলাণ্ট ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক শ্ৰীকান্ত ব’ল্লাৰ জীৱনৰ ওপৰত ২০২৪ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক চলচ্চিত্ৰ।

হালনাগাদ: ২৮ নৱেম্বৰ ২০২৪ ৩৭০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শ্ৰীকান্ত (Srikanth) হৈছে দৃষ্টিশক্তিহীন উদ্যোগপতি তথা বোলাণ্ট ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক শ্ৰীকান্ত ব’ল্লাৰ জীৱনৰ ওপৰত ২০২৪ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক চলচ্চিত্ৰ। ৰাজকুমাৰ ৰাওৱে মুখ্য চৰিত্ৰত অভিনয় কৰা এই ছবিখনৰ পৰিচালক তুষাৰ হিৰণানন্দনী আৰু সহ অভিনেতা জ্যোতিকা, আলায়া এফ আৰু শাৰদ কেলকাৰে।১

২০২২ চনৰ নৱেম্বৰৰ পৰা ২০২৩ চনৰ জানুৱাৰী মাহৰ ভিতৰত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন স্থানত দুমাহত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।২ ২০২৪ চনৰ ১০ মে'ত অক্ষয় তৃতীয়া উপলক্ষে ছবিখনে ছবিগৃহত মুক্তি লাভ কৰে আৰু সামান্য ব্যৱসায়িক সফল ছবি হিচাপে আত্মপ্ৰকাশ কৰে।২৩৪

কাহিনী

হিন্দী ভাষাৰ জীৱনীমূলক ছবিখনে ভাৰতীয় উদ্যোগী শ্ৰীকান্ত ব’ল্লাৰ কাহিনী চিত্ৰায়ণ কৰিছে, যি ২০১২ চনত পৰিৱেশ অনুকূল সামগ্ৰী সৃষ্টিৰ ক্ষেত্ৰত অদক্ষ আৰু বিশেষভাৱে সক্ষম ব্যক্তিক নিয়োগ কৰিবলৈ সৃষ্টি কৰা কোম্পানী বোলাণ্ট ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক হিচাপে প্ৰাধান্য লাভ কৰিছিল। ছবিখনত ভাৰতৰ তেতিয়াৰ অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ মাছিলিপট্টনমৰ সীতাৰমাপুৰম গাঁৱত দৃষ্টিহীন হৈ জন্মগ্ৰহণ কৰা শ্ৰীকান্তৰ সংগ্ৰামৰ বুৰঞ্জী লিখা হৈছে।৫ প্ৰতিকূল পৰিস্থিতিৰ মাজতো শ্ৰীকান্তৰ কৃতিত্ব প্ৰদৰ্শন ছবিখনে ডাঙি ধৰিছে। তেওঁৰ জন্মৰ দিনা ক্ৰিকেটাৰ কৃষ্ণমাচাৰী শ্ৰীকান্তৰ নামেৰে পুত্ৰৰ নাম ৰখা পিতৃৰ আনন্দ দৃষ্টিহীন নৱজাতকক দেখি হতাশালৈ পৰিণত হয়। পিতৃয়ে তেওঁক সমাধিস্থ কৰিবলৈ গাঁত খান্দিছিল যদিও মাকে ৰক্ষা কৰে। তেওঁৰ মেধাসম্পন্ন থকা সত্ত্বেও স্থানীয় বিদ্যালয়ত সমনীয়াৰ গুণ্ডাগিৰি সহ্য কৰিবলগীয়া হয়।

পাছৰ কাহিনীভাগ হায়দৰাবাদলৈ যায়, য’ত তেওঁ এখন খ্যাতনামা বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ বিদ্যালয়ত যোগদান কৰে, কিন্তু তেওঁৰ উদ্ধত অথচ স্পষ্ট আচৰণৰ ফলত তেওঁক বাহিৰলৈ উলিয়াই দিয়া হয়। তাৰ পিছৰ পৰাই তেওঁক তেওঁৰ শিক্ষয়িত্ৰী দেৱিকাই মেণ্টৰিং কৰে, নিজৰ লগতে ৰাখি তেওঁক হাতত ধৰি ৰাখে, তেওঁক বিষয় হিচাপে বিজ্ঞান অধ্যয়ন কৰিবলৈ আদালতৰ গোচৰ তৰিবলৈ সহায় কৰে (৯৮% নম্বৰ পোৱাৰ পিছতো)। তেওঁ তেওঁক বিদেশত আবেদন কৰিবলৈ চেষ্টা কৰিবলৈ প্ৰেৰণা দিয়ে আৰু তেওঁ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানত প্ৰৱেশৰ পৰা বঞ্চিত হোৱাৰ পিছত মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিত প্ৰথম আন্তঃৰাষ্ট্ৰীয় দৃষ্টিহীন ছাত্ৰ হিচাপে নিৰ্বাচিত হয়।৬ এম আই টিত তেওঁ ২ জন ছাত্ৰৰ সমৰ্থন পায়, যিয়ে তেওঁক তেওঁৰ সপোন পূৰণ কৰাত সহায় কৰে। কলেজীয়া দিনত ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁৰ প্ৰতি গুণমুগ্ধ স্বাতীক লগ পায়। স্নাতক হোৱাৰ পিছত, তেওঁৰ প্ৰেয়সীয়ে ভাৰতলৈ উভতি আহি তেওঁৰ সপোন বাস্তৱায়িত কৰিবলৈ প্ৰেৰণা দিয়ে। আকৌ তেওঁৰ গুৰু দেৱীকাই তেওঁক এটা কম্পিউটাৰ ইনষ্টিটিউট আৰম্ভ কৰাত সহায় কৰে, যিটো ফ্লপ হয়। পিছলৈ তেওঁ ব্যৱসায়িক অংশীদাৰ ৰবি মান্থাৰ সৈতে এটা ব্যৱসায় বোলাণ্ট ইণ্ডাষ্ট্ৰীজ স্থাপন কৰাৰ সিদ্ধান্ত লয়, য’ত তেওঁ বেছিভাগেই বিশেষভাৱে সক্ষম লোকক চাকৰি দিয়ে। সংগীৰ সৈতে কেইটামান ভুল বুজাবুজিৰ অন্তত তেওঁৰ গুৰু দেৱীকাৰ অবিৰত নিৰ্দেশনাত অৱশেষত শ্ৰীকান্তই আশা কৰা ধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।৭৮

তথ্যসূত্ৰ

  1. ↑ (10 April 2024). ‘Srikanth’ trailer: Rajkummar Rao promises a hard-hitting performance in the biopic drama. The Hindu
  2. ↑ Srikanth trailer: Rajkummar Rao plays visually challenged industrialist Srikanth Bolla in inspirational biopic. Watch
  3. ↑ (5 April 2024). 'Srikanth': Rajkummar Rao shares 1st look from biopic, to release on May 10. India Today
  4. ↑ Rajkummar Rao's film on Srikanth Bolla gets new title, new release date Deets inside
  5. ↑ (10 April 2024). Srikanth Trailer: Rajkummar Rao As Srikanth Bolla Aims To Become India’s First Blind President, Jyotika & Alaya F Shine. MSN
  6. ↑ Srikanth Bolla: First overseas blind student at MIT, entrepreneur who employs the disabled, and subject of a new bollywood film
  7. ↑ Srikanth movie review: Rajkummar Rao brings skill and sincerity to this inspiring biopic
  8. ↑ Srikanth review: Rajkummar Rao bowls you over with his resilience and wit in this inspiring biopic

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীকান্ত” প্ৰবন্ধৰ সংশোধন ৪৪৯৩৯২ (২৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।