মেইনে গান্ধীকো নেঁহি মাৰা (Maine Gandhi Ko Nahin Mara) হৈছে ২০০৫ চনত মুক্তিপ্ৰাপ্ত এখনি হিন্দী ভাষা ভাষাৰ কথাছবি। ছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা। প্ৰযোজক হৈছে অনুপম খেৰ। ছবিখনৰ দুটা মুখ্য চৰিত্ৰত অনুপম খেৰ আৰু উৰ্মিলা মাতুণ্ডকাৰে আভিনয় কৰিছে। ছবিখনত হিন্দী কবি ছোহন লাল দ্বিবেদী ৰচিত কোশিছ কৰনে ৱালো কি হাৰ নহী হোতী শীৰ্ষক কবিতাটোক মূল চৰিত্ৰৰ প্ৰিয় কবিতা হিচাপে দেখুওৱা হৈছে।১
কাহিনীৰ সাৰাংশ
ছবিখন ডিমেনচিয়াত আক্ৰান্ত অৱসৰপ্ৰাপ্ত অধ্যাপক উত্তম চৌধুৰীৰ জীৱন আৰু যাত্ৰাৰ ওপৰত আধাৰিত৷ বাতৰি কাকতত থকা মোহনদাস কৰমচান্দ গান্ধীৰ আলোকচিত্ৰ এখনৰ ওপৰত কোনোবাই অজানিতে থৈ যোৱা 'এশ্ব ট্ৰে'টো দেখি তেওঁ বিচলিত হৈ পৰে৷ তেওঁৰ জীয়েক তৃষা আৰু কৰণে এটা নিশাত চৌধুৰীৰ কোঠাত অগ্নিকাণ্ড হোৱা দেখা পায়৷ তৃষাই চৌধুৰীক ততালিকে চিকিৎসালয়লৈ লৈ যায়৷ কিন্তু চিকিৎসকে নিজৰ অপৰাগতা প্ৰকাশ কৰে৷ উত্তম চৌধুৰীয়ে তেতিয়া বিশ্বাস কৰিবলৈ ধৰে যে, মহাত্মা গান্ধীক তেঁৱেই হত্যা কৰিছে৷ তেওঁ ভাবে যে বিৰলা হাউছত খোজ কাঢ়িবলৈ যোৱাৰ সময়ত সঁচা বুলেট থকা এটা পুতলা বন্দুকৰে চৌধুৰীয়ে গান্ধীক দুৰ্ঘটনাবশতঃ হত্যা কৰিলে৷ এইদৰে ঘটনা আগবাঢ়ি গৈ থাকে৷ পৰৱৰ্তী সময়ৰ আদালতত, এগৰাকী বন্দুক-বিশেষজ্ঞই কয় যে- উত্তম চৌধুৰীয়ে ব্যৱহাৰ কৰা পুতলা বন্দুকটোৱে কোনো মানুহকে মাৰিব নোৱাৰে৷
সঁহাৰি
বক্স অ'ফিচত ছবিখনে আশানুৰূপ ফল দেখুৱাব নোৱাৰিলে৷ অৱশ্যে, চিত্ৰৰসিক আৰু সমালোচকে ছবিখনক প্ৰশংসা কৰে৷ অনুপম খেৰ বিশেষ প্ৰশংসা আদায় কৰি ৰাষ্ট্ৰীয় ছবি বঁটাৰ বিচাৰকৰ বিশেষ বঁটাৰে সন্মানীত হয়৷ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি মহোৎসৱতো তেওঁ বঁটা আৰু সন্মান লাভ কৰে৷ ২৩ জীয়েকৰ চৰিত্ৰত অভিনয় কৰা উৰ্মিলা মাটুণ্ডকাৰেও তেওঁৰ অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰে৷ তেওঁ বলিউদ ছবি বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে৷ ৪
অভিনয়ত
- অনুপম খেৰ (অধ্যাপক উত্তম চৌধুৰী)
- উৰ্মিলা মাটুণ্ডকাৰ (তৃষা চৌধুৰী)
- ৰজিত কাপুৰ (ৰণু চৌধুৰী)
- পাৰৱিন ডাবাছ (ডা.সিদ্ধাৰ্থ কাটাৰী)
- প্ৰেম চোপ্ৰা
- ৱাহীদা ৰহমান
- বোমান ইৰানী
- সুধীৰ যোশী
- ৰাজু খেৰ
- বিশ্বাস পাণ্ড্যা
- নাজনীন ঘানী
- ডানিকা এপোলিন (সমাজকৰ্মী)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ (2006-10-07). Barua wins Fukuoka festival prize for 'Maine Gandhi ko Nahin Mara. News.oneindia.in
- ↑ (2006-03-02). 'I've outdone Saaransh' - The Times of India. Timesofindia.indiatimes.com
- ↑ "Maine Gandhi Ko Nahin Mara" by Taran Adarsh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেইনে গান্ধীকো নেঁহি মাৰা” প্ৰবন্ধৰ সংশোধন ৬০৪৪২৭ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।