অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

২০১৮ (চলচ্চিত্ৰ)

২০১৮ (পৰ্দাত উপ-শিৰোনামা হিচাপে এভৰিৱান ইজ এ হিৰো লিখা হৈছে) হৈছে ২০১৮ চনৰ কেৰালাৰ ভয়াৱহ বানপানীৰ আধাৰত নিৰ্মিত ২০২৩ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ ছাৰ্ভাইভেল থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক জুড এন্থনী জোচেফ, যিয়ে অখিল পি. ধৰ্মজনৰ সৈতে ইয়াৰ চিত্ৰনাট্যও লিখিছিল। কাব্য ফিল্ম কোম্পানীৰ বেনাৰত পি.

হালনাগাদ: ১৬ জুলাই ২০২৪ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

২০১৮ (পৰ্দাত উপ-শিৰোনামা হিচাপে এভৰিৱান ইজ এ হিৰো লিখা হৈছে) হৈছে ২০১৮ চনৰ কেৰালাৰ ভয়াৱহ বানপানীৰ আধাৰত নিৰ্মিত ২০২৩ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ ছাৰ্ভাইভেল থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনৰ পৰিচালক জুড এন্থনী জোচেফ, যিয়ে অখিল পি. ধৰ্মজনৰ সৈতে ইয়াৰ চিত্ৰনাট্যও লিখিছিল। কাব্য ফিল্ম কোম্পানীৰ বেনাৰত পি. কে. প্ৰাইম প্ৰডাকচন প্ৰডাকচন প্ৰডিউচাৰ্ছৰ সহযোগত ভেনু কুন্নাপ্পিলি, চি. কে. পদ্মকুমাৰ, আৰু এণ্টো জোচেফে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত অভিনয় কৰিছে টভিনো থমাছ, কুঞ্চাকো বোবান, আছিফ আলী, বিনীথ শ্ৰীনিবাসন, নাৰায়ণ আৰু অভিনেতা লালে।

মাৰ্কিন‌ চলচ্চিত্ৰ ২০১২-ৰ পৰা অনুপ্ৰাণিত হৈ ২০১৮ চনৰ ১৬ অক্টোবৰত পৰিচালক জুড এন্থনী জোচেফে এই ছবিখন ঘোষণা কৰিছিল। ২০২২ চনৰ ২৭ মে’ৰ পৰা ছবিখনৰ প্ৰধান ফটোগ্ৰাফী আৰম্ভ হয়। কেৰালাৰ বিভিন্ন অঞ্চলৰ লগতে তিৰুনেলভেলী আৰু হায়দৰাবাদত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। ২০২২ চনৰ ১৩ নৱেম্বৰত ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম সমাপ্ত হয়।

ছবিখন প্ৰথমতে ২০২৩ চনৰ ২১ এপ্ৰিলত মুক্তি পোৱাৰ কথা আছিল, যদিও অৱশেষত ২০২৩ চনৰ ৫ মে'ত মুক্তি লাভ কৰে। ছবিখনে দৰ্শকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰে। ছবিখনে বক্স অফিচত ব্যৱসায়িকভাৱে বিপুল সফলতা লাভ কৰে, প্ৰায় ১৭৬ কোটি টকা (২১ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি বক্স অফিচত সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী মালয়ালম ছবি হিচাপে আত্মপ্ৰকাশ কৰে।১ পৰৱৰ্তীকালত ২০২৪ বৰ্ষৰ চলচ্চিত্ৰ মঞ্জুম্মেল বয়ছে এই অভিলেখ ভংগ কৰে। ২০২৩ চনৰ ২৭ ছেপ্টেম্বৰত ভাৰতৰ চলচ্চিত্ৰ ফেডাৰেচনে ৯৬ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ হিচাপে ছবিখনক নিৰ্বাচিত কৰে।২৩ এটি বিশ্বব্যাপী বিষয়ক সম্বোধন কৰাৰ লগতে সাধাৰণ মানুহৰ বাবে প্ৰাকৃতিক দুৰ্যোগ কি সেই মৰ্মান্তিক বাস্তৱতাক চিত্ৰিত কৰাৰ বাবে ছবিখনক বাছি লোৱা হৈছিল। গুৰু (১৯৯৭), আদামিন্টে মাকান আবু (২০১১) আৰু জাল্লিকাট্টু (২০১৯)ৰ পিছত ই একাডেমী বঁটাৰ বাবে ভাৰতৰ আনুষ্ঠানিক দাখিল হিচাপে নিৰ্বাচিত হোৱা চতুৰ্থখন মালয়ালম ছবি হিচাপে পৰিগণিত হয়, যদিও ই বঁটাটি লাভ কৰিবলৈ সক্ষম নহ'ল।৪ ভাৰতৰ ৫৪তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় পেনোৰামা মূলসুঁতিৰ বিভাগত ছবিখনক প্ৰদৰ্শিত কৰা হৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ Singh, Jatinder. (2023-06-16). 2018 worldwide closing box office collections; Biggest Malayalam film of all time. Pinkvilla
  2. ↑ (27 September 2023). Tovino Thomas and Jude Anthany Joseph's 2018 is India's official entry for Oscars 2024. PINKVILLA
  3. ↑ Malayalam Film 2018 Is India's Official Oscar Entry. NDTV
  4. ↑ (2023-09-28). '2018' picked as India's official entry for Oscars. The Times of India
  5. ↑ (23 October 2023). Indian Panorama 2023 Announces Official Selection for 54th IFFI, 2023. Press Information Bureau

সম্পৰ্কিত শ্ৰেণী

মালয়ালম চলচ্চিত্ৰভাৰতীয় থ্ৰিলাৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১৮ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪২৬০১৯ (১৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।