হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাটি ব্ৰিটিছ লেখিকা জে. কে. ৰাউলিং ৰচিত সাত খণ্ডৰ হেৰী পটাৰ উপন্যাস শৃংখলাৰ কাহিনীৰ আধাৰত নিৰ্মিত। শৃংখলাটিৰ কিতাপৰ সংখ্যা সাতখন আৰু, চলচ্চিত্ৰৰ সংখ্যা আঠখন। অন্তিমখন কিতাপৰ কাহিনী অপেক্ষাকৃত ভাবে দীঘল আৰু জটিল হোৱাৰ বাবে কিতাপখনৰ আধাৰত দুটা খণ্ডত চলচ্চিত্ৰ নিৰ্মিত কৰা হৈছে।১২
ডেভিড হেইমেনে প্ৰযোজনা কৰা হেৰী পটাৰ শৃংখলাটিৰ চলচ্চিত্ৰৰ বিপণন কৰিছে ৱাৰ্ণাৰ ব্ৰাদাৰ্ছ পিকচাৰ্ছে। শৃংখলাটিৰ আটাইকেইখন চলচ্চিত্ৰৰ প্ৰধান তিনিটা চৰিত্ৰ হেৰী পটাৰ, ৰন ৱিজলি আৰু হাৰমাইনি গ্ৰেইঞ্জাৰৰ ভূমিকাত অভিনয় কৰিছে ক্ৰমে, ডেনিয়েল ৰেডক্লিফ, ৰুপাৰ্ট গ্ৰিণ্ট আৰু এমা ৱাটচনে। হেৰী পটাৰ শৃংখলাটি বৰ্তমানে সমগ্ৰ বিশ্বৰ শিশুসকলৰ মাজত এক আইকনত পৰিণত হৈছে তদুপৰি ইতিমধ্যেই শৃংখলাটি সৰ্বকালৰ সকলোতকৈ ব্যৱসায়িকভাবে সফল চলচ্চিত্ৰ শৃংখলা হিচাপে পৰিগণিত হৈছে। এই পৰ্যন্ত হেৰী পটাৰে প্ৰায় ৬ বিলিয়ন ডলাৰ আয় কৰিছে আৰু সৰ্বোচ্চ উপাৰ্জনকাৰী ৩০খন চলচ্চিত্ৰৰ তালিকাত শৃংখলাটিৰ প্ৰত্যেকখন ছবিয়েই অন্তৰ্ভুক্ত হৈছে।৩
অন্তিমখন কিতাপ হেৰী পটাৰ এণ্ড দ্য ডেথলি হেল’জ ৰ আধাৰত দুটা খণ্ডত চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। দ্বিতীয়খণ্ডৰ হেৰী পটাৰ এণ্ড দ্য ডেথলি হেল’জৰ মুক্তিৰে ইতিমধ্যে সমাপ্তি ঘটিছে গোটেই বিশ্বত আলোড়ন সৃষ্টি কৰা এই অতীব জনপ্ৰিয় শৃংখলাটিৰ।
কাহিনী বিন্যাস

হেৰী পটাৰ এণ্ড দ্য ফিল'ছ’ফাৰ্চ ষ্টোন
মূল প্ৰবন্ধ: হেৰী পটাৰ এণ্ড দ্য ফিল'ছ’ফাৰ্চ ষ্টোন
হেৰী পটাৰ নামৰ এটি অনাথ শিশুৱে তেওঁৰ মায়ামমতাহীন খুড়াকৰ ঘৰত এক দুখৰ জীৱন অতিবাহিত কৰিছে। এঘাৰ বছৰ বয়সত, হঠাৎ ৰুবিয়াচ হেগ্ৰিড নামৰ এজন আধা দানৱ যেন লোকে হেৰীক জনায় তেওঁ আচলতে এজন যাদুকৰ। তেওঁৰ পৰা হেৰীয়ে জানিব পাৰে যে তেওঁৰ বয়স যেতিয়া এবছৰ আছিল, তেতিয়া সেই সময়ৰ সকলোতকৈ ভয়ঙ্কৰ ক’লা যাদুকৰ লৰ্ড ভলডেমৰ্ট তাৰ মাক দেউতাকক হত্যা কৰে। ভলডেমৰ্টে হেৰীকো হত্যা কৰিবৰ চেষ্টা কৰিছিল, কিন্তু কোন এক ৰহস্যময় কাৰণত হেৰী বাচি যায় আৰু ভলডেমৰ্টৰ পতন ঘটে। ফলত যাদুকৰসকলৰ বিশ্বত হেৰীৰ অজানিতে তেওঁ অত্যন্ত জনপ্ৰিয় ব্যক্তি ৰূপে পৰিগণিত হয়। হেগ্ৰিডে হেৰীক যাদুশিক্ষাৰ বিদ্যালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে আৰু এদিন হেৰী হগৱাৰ্টচ যাদুশিক্ষা স্কুলত ভৰ্তি হয আৰু নতুন নতুন যাদু শিকাত ব্ৰতী হয়। হগৱাৰ্টচত হেৰীয় ৰন ৱিজলি আৰু হাৰমায়নি গ্ৰিঞ্জাৰক লগ পায়, তিনিওৰে মাজত গভীৰ বন্ধুত্ব গঢ়ি উঠে। সেই বছৰেই হেৰী আৰু তেওঁৰ তিনি বন্ধুৱে ঘটনাক্ৰমে স্কুলত সংৰক্ষিত ৰহস্যময় পৰশমনিৰ অস্তিত্ব সম্পৰ্কে জানিবলৈ পায় আৰু মনিটিক অশুভ শক্তিৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হয়।
হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অফ ছিক্ৰেটচ (২০০২)

মূল প্ৰবন্ধ: হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অফ ছিক্ৰেটচ
হেৰী, ৰন আৰু হাৰমাইনি হগৱাৰ্টচলৈ তাওঁলোকৰ দ্বিতীয় বৰ্ষৰ শিক্ষাগ্ৰহণৰ বাবে ঘূৰি আহে। আগৰ বছৰৰ তুলনাত এই বছৰটো তেওঁলোকৰ বাবে আৰু অধিক প্ৰত্যাহ্বানজনক হৈ পৰে। কোনোৱে হগৱাৰ্টচ স্কুলৰ চেম্বাৰ অফ ছিক্ৰেটছ (গোপন কক্ষ)ৰ দুৱাৰ খুলি দিয়ে, যাৰ ফলত হগৱাৰ্টচ ছাত্ৰছাত্ৰী আৰু ভূতবোৰ কোনো অপশক্তিৰ হাতত পৰি এটি এটিকৈ শিললৈ ৰূপান্তৰিত হ’বলৈ আৰম্ভ কৰে। এসময়ত হেৰীয়ে অবশ্যেই লৰ্ড ভলডেমৰ্টৰ আন এক ৰূপৰ সৈতে যুদ্ধ কৰে আৰু এখন ৰহস্যময় ডায়েৰিক ধ্বংস কৰে যিখন আছিল এই সকলো অশুভ কাৰ্যকলাপৰ উৎস।
হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অফ আজকাবান (২০০৪)
মূল প্ৰবন্ধ: হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অফ আজকাবান
হগৱাৰ্টচত হেৰী পটাৰৰ তৃতীয় বৰ্ষ, হেৰী আৰু তেওঁৰ বন্ধুসকল পুনৰ স্কুললৈ আহে। ৰেমাচ লুপিন হগৱাৰ্টচৰ কা’লা যাদুৰ বিৰুদ্ধে প্ৰতিৰোধ বিষয়ৰ নতুন শিক্ষক হিচাবে নিযুক্ত হয়। এনেতে এদিন কুখ্যাত হত্যাকাৰী চিৰিয়াচ ব্লেকে আজকাবানৰ কাৰাগাৰ ভঙি পলায় আহে। ব্লেকৰ হাতৰ পৰা হগৱাৰ্টচক ৰক্ষাৰ বাবে যাদু মন্ত্ৰণালয়ে ভয়ঙ্কৰ আৰু অশুভ ডিমেণ্টৰবিলাকক নিয়োগ কৰে। এইসময়তে হেৰীয়ে তাৰ অতীত সম্পৰ্কে অনেক নজনা কাহিনী জানিবলৈ পায় আৰু লগতে জানিব পাৰে, এই চিৰিয়াচ ব্লেক কোন, আৰু তেওঁ আচল পৰিচয় কি?
হেৰী পটাৰ এণ্ড দ্য গবলেট অফ ফায়াৰ (২০০৫)
মূল প্ৰবন্ধ: হেৰী পটাৰ এণ্ড দ্য গবলেট অফ ফায়াৰ
হগৱাৰ্টচত হেৰীৰ চতুৰ্থ বৰ্ষত অশুভ আত্মা ভলডেমৰ্টৰ পুনৰ উত্থান ঘটে। ভলডেমৰ্টৰ ষড়যন্ত্ৰৰ জালত পৰি হেৰীয়ে মুখামুখি হ’ব লগা হয় এক নিৰ্মম অগ্নিপৰীক্ষাৰ। ছলে বলে কৌশলে হেৰীক ব্যবহাৰ কৰি ভলডেমৰ্টে তেওঁৰ হেৰুওৱা দেহটো পুনৰ ঘূৰাই পায়। এইবোৰৰ মাজত অশুভ শক্তিৰ উত্থানৰ বলি হয় চেডৰিক ডিগৰি নামৰ এজন ছাত্ৰ। সৰ্বত্ৰ ক’লা যাদুৰ এক বাতাবৰণ সৃষ্টি হয়। ভলডেমৰ্টৰ নেতৃত্বত পুনৰ সুসংগঠিত হয় ডেথ ইটাৰ (মৃত্যু খাদক) সকলৰ।
হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্য ফিনিক্স (২০০৭)
মূল প্ৰবন্ধ: হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্য ফিনিক্স
হগৱাৰ্টচত হেৰীৰ পঞ্চম বৰ্ষ আৰম্ভ হয় আন এক অনাকাঙ্খিত এক ঘটনাৰ মাজেদি, হেৰীয়ে ডিমেণ্টৰৰ আক্ৰমণৰ সন্মুখীন হ’ব লগা হয়। হগৱাৰ্টচৰ সৰ্বত্ৰতে মাত্ৰ অবিশ্বাস আৰু আতঙ্কৰ ছাপ দেখিবলৈ পোৱা যায়। ভলডেমৰ্টক দমন কৰাৰ উদ্দেশ্যে ডাম্বলড’ৰে এই সময়তে পুনৰগঠন কৰে এটি পুৰণি সংগঠন, অৰ্ডাৰ অফ দ্য ফিনিক্স। হেৰীয়েও নিজৰ বন্ধুসলকৰ সতে লগ লাগি গঢ়ি তোলে ডাম্বলডৰৰ সেণা নামৰ এক ছাত্ৰ সংগঠন। অন্যদিশে যাদু মন্ত্ৰনালয়ত সংৰক্ষিত এটি গোপন সামগ্ৰী নিজৰ হাতলৈ আনাৰ বাবে ভলডেমৰ্টে পুনৰ নতুন জাল পাতে, যি ষড়যন্ত্ৰত ধৰা পৰি, হেৰীয়ে নিজেকে আৰু বন্ধুসকলক ঠেলি দিয়ে এক অনিশ্চিত বিপদৰ দিশে।
হেৰী পটাৰ এণ্ড দ্য হাফ-ব্লাড প্ৰিন্স (২০০৯)
মূল প্ৰবন্ধ: হেৰী পটাৰ এণ্ড দ্য হাফ-ব্লাড প্ৰিন্স
হগৱাৰ্টচত হেৰীৰ ষষ্ঠ বৰ্ষ, ভলডেমৰ্টে নিজৰ ক্ষমতা ক্ৰমাত আৰু বৃদ্ধি কৰি গৈ থাকে। এইপিনে নতুন শিক্ষক হিচাপে হগৱাৰ্টচট যোগদান কৰে ডাম্বলড’ৰৰ পুৰণি বন্ধু হোৰেচ স্লাগহৰ্নে। হেৰী আৰু ডাম্বলডৰে ভলডেমৰ্টক পৰাজিত কৰাৰ নতুন পন্থা বিচৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখে। সেইসময়তে স্লাগহৰ্নে ভলডেমৰ্টেৰ অমৰত্বৰ চাবিকাঠি হ’ৰক্ৰাক্স সমূহৰ সম্পৰ্কে জানিব পাৰে, লগতে জানিব পাৰে যে ভলডেমৰ্টক হত্যা কৰিবলৈ হ’লে প্ৰথমে এই হৰক্ৰাক্সসমূহক ধ্বংস কৰিবই লাগিব।
হেৰী পটাৰ এণ্ড দ্য ডেথলি হেল’জ
মূল প্ৰবন্ধ: হেৰী পটাৰ এণ্ড দ্য ডেথলি হেল’জ
পৰ্ব-১ (২০১০)
হেৰী, ৰন আৰু হাৰমায়নিৰ সমুখত কেৱলমাত্ৰ এটাই পথ খোলা থাকে, ভলডেমৰ্টৰ অমৰত্বৰ চাবিকাঠি হ’ৰক্ৰাক্সসমূহ বিচৰা আৰু এইবোৰ ধ্বংস কৰা। ভলডেমৰ্টৰ উত্থান আৰু ক্ষমতা দখলৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে প্ৰতিপলে মুখামুখি হয় চৰম অৱস্থাৰ। তেওঁলোকৰ অভিযানৰ প্ৰতিটো খোজে খোজে বিপদে হেতালি খেলে। কিন্তু সকলো প্ৰতিবন্ধকতা নেউচি তেওঁলোকে লক্ষ্যেৰ দিশে আগবাঢ়ি যায়। এই দীৰ্ঘতম অভিযানত তেওঁলোকে মুখামুখি হয় আন এক ৰসহ্য, ডেথলি হেল’জ (মৃত্যুৰ উপহাৰ) সমূহৰ।
পৰ্ব-২ (২০১১)
এটি হৰক্ৰাক্স ধ্বংস আৰু মৃত্যুৰ উপহাৰ সমূহৰ তাৎপৰ্য আবিষ্কাৰ কৰাৰ পাছত হেৰী, ৰন আৰু হাৰমায়নি পুনৰ বাকীবোৰ হৰক্ৰাক্স বিচৰাৰ বাবে নিজকে নিয়োগ কৰে। ভলডেমৰ্ট ক্ৰমাত অসামান্য ক্ষমতাৰ অধিকাৰী হৈ পৰে, সেইসময়তে তেওঁ দ্য এল্ডাৰ ৱাণ্ড নামৰ এক শক্তিশালী যাদুদণ্ডও লাভ কৰে। ভলডেমৰ্টে হগৱাৰ্টচত পুনৰ ক্ষমতা লাভ কৰাৰ উদ্দেশ্যে হগৱাৰ্টচ আক্ৰমণ কৰে। আৰু অন্যদিশে হেৰীৰ নেতৃত্বত সংঘটিত হয় পোহৰ পথৰ যাদুকৰ, ডাইনী আৰু অন্যান্য যাদুৰ প্ৰাণী সকলৰ দ্বাৰা যাদু আৰু মাগলবিশ্ব (সাধাৰণ মানুহৰ বিশ্ব)ক ভলডেমৰ্টৰ অশুভ ছায়াঁৰ পৰা মুক্ত কৰাৰ অভিযান।
বহিঃসংযোগ
- অফিছিয়েল ৱেবচাইট
- Growing Up with Harry Potter - photo essay by টাইম আলোচনীৰ আলোকছবি
তথ্যসূত্ৰ
- ↑ Boucher, Geoff; Eller, Claudia. (November 7, 2010). The end nears for 'Harry Potter' on film. latimes.com. Los Angeles Times
- ↑ Schuker, Lauren A. E. (November 22, 2010). 'Potter' Charms Aging Audience. wsj.com. Wall Street Journal
- ↑ All Time Worldwide Box Office Grosses. Box Office Mojo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)” প্ৰবন্ধৰ সংশোধন ৪৭০৭৭১ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।