অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হোলীগীত

হোলীগীত হৈছে বৰপেটাৰ দৌল উৎসৱৰ সময়ত গোৱা গীতসমূহ৷ দৌল অহাৰ প্ৰায় বহু আগৰে পৰাই বৰপেটাৰ হাটীসমূহত হোলীগীতৰ আখৰা চলে৷ দৌলৰ সময়ত সকলোৱে খুটিতাল, পাতিতাল, ঢোল আদি লৈ হোলী গীত গায় আৰু ফাকু খেলে৷

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

হোলীগীত হৈছে বৰপেটাৰ দেউলৰ সময়ত গোৱা গীতসমূহ৷ দৌল অহাৰ প্ৰায় বহু আগৰে পৰাই বৰপেটাৰ হাটীসমূহত হোলীগীতৰ আখৰা চলে৷ দৌলৰ সময়ত সকলোৱে খুটিতাল, পাতিতাল, ঢোল আদি লৈ হোলী গীত গায় আৰু ফাকু খেলে৷১

ইতিহাস

হোলীগীতৰ প্ৰথম সৃষ্টিকৰ্ত্তা শংকৰদেৱ আৰু মাধৱদেৱ বুলি জনা যায়২৷ তথ্য অনুসৰি শংকৰদেৱে আলি পুখুৰীত প্ৰথম দৌল উৎসৱ পাতোতে সাতটা দৌলৰ গীত লিখি গায়ন-বায়নৰ থুল এটা কৰি ৰাগ-তাল-মান দি গাবলৈ শিকাইছিল৷৩ তাৰোপৰি শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা 'ঘুনুচা কীৰ্ত্তন' ৰ কিছু ঘোষাও হোলীগীতৰ সুৰেৰে ভক্তসকলে গায়৷

পৰৱৰ্ত্তী সময়ত খোল-তালৰ উপৰিও ঢোলক, মঞ্জিৰা, খুটিতাল আৰু বাঁহীৰ সহযোগত হোলীগীত পৰিৱেশিত হ’বলৈ লয়৷৩ লগতে সত্ৰত প্ৰচলিত পৰম্পৰাগত হোলীগীতসমূহৰ উপৰিও বহুকেইজন গীতিকাৰ, শিল্পী আৰু সাহিত্যিকে হোলীগীত ৰচনা কৰিছে৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল, অম্বিকাগিৰী ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, পুৰুষোত্তম দাস, ফণী তালুকদাৰ, খনীন্দ্ৰনাথ দাস, গিৰীশ দাস, গোকুল পাঠক, প্ৰণৱ দাস ইত্যাদি৷

বিষয়বস্তু

অতীজৰে পৰা বৰ্ত্তমানলৈকে দুই প্ৰকাৰৰ হোলীগীত গোৱা দেখা যায়- ভক্তিমূলক (বৰগীত) আৰু আধুনিক৪৷ ইয়াৰ মূল বিষয়বস্তুবোৰ এনেধৰণৰ-

  • গীতসমূহৰ মাজেৰে বসন্ত ঋতুৰ বৰ্ণনা
  • কৃষ্ণৰ গুণানুকীৰ্ত্তন
  • প্ৰকৃতি আৰু মানুহৰ প্ৰেমৰ বৰ্ণনা
  • কৃষ্ণৰ গোপিনীৰ সৈতে ৰাসলীলাৰ বৰ্ণনা

উদাহৰণ

'ৰংগে ফাগু খেলে চৈতন্য বনমালী৷

দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি৷৷ (কীৰ্ত্তন, শংকৰদেৱ)১

'গোপ গোপী সমে খেলা হুয়া আনন্দিতৰৰ

আউৰে আউৰে ফাগু মাৰে অঞ্জলি ভৰিয়া৷

ফাগু ৰসে নাচে হাসে কীৰ্ত্তন কৰিয়াৰৰ

ফাগুৰে চৌভিতি দেখি অৰুণ বৰণ৷

প্ৰভাত কালৰ যেন ৰবিৰ কিৰণ৷৷' (মাধৱদেৱ)

'ঘেৰিয়া ঘেৰিয়া কানাই মাৰে ফিচকাৰী

ভিজি যায় ৰাধা ৰাণীৰ নীলাম্বৰী শাৰী৷' (সুশীল দাস)

'সুললিত বংশী ধ্বনি শুনি নাচে ৰাধা ৰাণী

সুবাসিত ফুল ৰেণু পুলকিত কৰে তনু৷' ( অৰ্লক দাস)৫

ৰঙিলী ফাগুনে পাখি মেলিছে

সখিহে, মনত ৰূপৰে মায়াৰে ছায়া মাচিছে

আজি সপোনৰ দাপোনত জিলিক লাগিছে (প্ৰসন্নলাল চৌধুৰী)৩

পলাশৰ ডালে ডালে

ৰঙৰ অগনি জ্বলে

মন মাতোৱাল কৰে

আবেহো-

ৰঙৰ অগনি জ্বলে৷ (ফণী তালুকদাৰ)৩

’আমি খেলো হোলী

হোলী ৰংগে নাচো আমি

বাহু তুলি৷’

’খেলে হোলী ৰূপবালা

হোলী খএলে কানু ক’লা

খেলে হোলী জগজনে

হৰি হৰি বুলি৷’ (প্ৰণৱ কুমাৰ দাস)৩

তথ্যসূত্ৰ

  1. ↑ (১৬ মাৰ্চ). দৈনিক অসম কাকত প্ৰকাশিত প্ৰবন্ধ
  2. ↑ (১৬ মাৰ্চ). আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া পৰিপুৰিকা 'সুৰভি'ত প্ৰকাশিত প্ৰবন্ধ
  3. ↑ ’হোলীগীতৰ সাহিত্যিক সৌন্দৰ্য্য’- ডিম্বেশ্বৰ মেধি, প্ৰান্তিক, ১৬ ফ্ৰেব্ৰুৱাৰী, ২০১০
  4. ↑ (১৬ মাৰ্চ). আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া পৰিপুৰিকা 'সুৰভি'ত প্ৰকাশিত প্ৰবন্ধ
  5. ↑ (১৬ মাৰ্চ). আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া পৰিপুৰিকা 'সুৰভি'ত প্ৰকাশিত প্ৰবন্ধ

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোলীগীত” প্ৰবন্ধৰ সংশোধন ৩৮৬০৪৯ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।