সৰহুল ভাৰতৰ ঝাৰখণ্ড ৰাজ্যৰ লোকসকলে পালন কৰা বসন্ত কালৰ এক লোক উৎসৱ। এই উৎসৱ চ’ত মাহৰ শুক্ল পক্ষত ৩ তাৰিখৰ পৰা চৈত্ৰ্য পূৰ্ণিমালৈকে তিনিদিনীয়াকৈ পালন কৰা হয়। এই উৎসৱত গাঁৱৰ পাহানে (পুৰোহিত) গাঁওখনৰ মঙ্গলৰ বাবে সূৰ্য্য, গাঁৱৰ দেৱতা আৰু পূৰ্বপুৰুষক উদ্দেশ্যি ফুল, ফল, সেন্দূৰ, মতা কুকুৰা আৰু তপন (মদ) উছৰ্গা কৰে। তাৰ পিছত স্থানীয় ৰাইজে শাল গছৰ ফুল লৈ নৃত্য কৰে। ই নতুন বছৰৰ আৰম্ভণি সূচীত কৰে।১২৩ পৰম্পৰা অনুসৰি ই পৃথিৱী আৰু সূৰ্য্যৰ মাজত হোৱা বিবাহৰ প্ৰতীক।৪ ই কুৰুখ আৰু চাদানসকলে পালন কৰা এটা গুৰুত্বপূৰ্ণ উৎসৱ।৫ এই উৎসৱক কুৰুখ ভাষাত খাদ্দি (আক্ষৰিক অৰ্থত ‘ফুল’) বুলি জনা যায়।
ভূমিজ আৰু মুণ্ডাসকলৰ মাজত ইয়াক হাড়ি বংগা বুলি জনা যায়।৬ হো আৰু চাওঁতাল লোকসকলৰ মাজত ইয়াক বাহা পৰৱ বুলি জনা যায়।৭
নামকৰণ
সৰহুল এই উৎসৱৰ নাগপুৰী নাম। নাগপুৰী ভাষাত সৰ বা সৰাই শব্দৰ অৰ্থ শাল গছ (Shorea robusta)। হুলৰ অৰ্থ হৈছে ‘সামূহিকভাৱে’ বা ‘গছৰ জোপা’। এই উৎসৱ শালগছৰ মাধ্যমেৰে প্ৰকৃতিক উদযাপন কৰাৰ প্ৰতীক।৮ বৈকল্পিকভাৱে, হুল শব্দই ‘বিপ্লৱ’কো বুজাব পাৰে, যাৰ অৰ্থ হ’ল শাল গছৰ ফুলৰ মাধ্যমেৰে হোৱা বিপ্লৱ।৯ ইয়াৰ লগতে সৰ মানে হৈছে বছৰ আৰু হুল মানে আৰম্ভ। ই এটা নতুন বছৰৰ আৰম্ভণিৰ প্ৰতীক।১০
উদযাপন

এই উৎসৱত মানুহে ঝাৰখণ্ডৰ সৰনাত পূজা আগবঢ়ায়। এই দিনটোত হাল বোৱা নিষেধ। উৎসৱৰ আগদিনা উপবাস পালন কৰা হয়। যুৱক-যুৱতীসকলে ওচৰৰ অৰণ্যৰ পৰা শাল গছৰ ফুল সংগ্ৰহ কৰি কেঁকোৰা আৰু মাছ ধৰে। উৎসৱ উপলক্ষে ঢোল, নাগাৰা আৰু মাদল বজাই মানুহবোৰ সৰনালৈ যায় আৰু তাত শাল গছক পূজা কৰে। শলাই অৰ্থাৎ শাল গছৰ ফুল দেৱতালৈ বুলি অৰ্পণ কৰা হয়। পাহান বা লয়া, অৰ্থাৎ গাঁৱৰ পুৰোহিতে গাঁৱৰ মঙ্গলৰ বাবে গাঁৱৰ দেৱতালৈ শাল গছৰ ফুল, ফল, সেন্দূৰ আৰু তপন আগবঢ়ায়। পাহানে সূৰ্য্য, গাঁৱৰ দেৱতা আৰু পূৰ্বপুৰুষসকলৰ বাবে বিভিন্ন ৰঙৰ তিনিটা কুকুৰা বলি দিয়ে। পাহানে সৰনাত পানীৰ পাত্ৰ ৰাখি পিছদিনা অনাগত বছৰটোৰ বতৰৰ পূৰ্বাভাস দিয়ে। পাহানে গাঁৱৰ মানুহৰ মাজত শাল গছৰ ফুল বিতৰণ কৰে। মানুহে নিজৰ ঘৰত পূৰ্বপুৰুষৰ আত্মাক পূজা কৰে আৰু তেওঁলোকলৈ বিভিন্ন খাদ্য আগবঢ়ায়। পূৰ্বপুৰুষৰ আত্মাক খাদ্য অৰ্পণ কৰাৰ পিছতহে তেওঁলোকে খাদ্য গ্ৰহণ কৰে। তাৰ পিছত তেওঁলোকে গীত জুৰে আৰু ঢোল, নাগাৰা আৰু মন্দাৰৰ তালে তালে নৃত্য কৰে। চাউলৰ পৰা প্ৰস্তুত কৰা নিচাজাতীয় পানীয় হাড়িয়াও গ্ৰহণ কৰা হয়।৭১১১০
১৯৬১ চনৰ পৰা গুমলাৰ সৰহুল উৎসৱত শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। তাৰ আগতে এনে কোনো শোভাযাত্ৰা নাছিল। মানুহে কেৱল সৰনাস্থলৰ ওচৰতহে নৃত্য কৰিছিল।৭ চহৰ অঞ্চলত মধ্যবিত্তীয় জনজাতীয় কৰ্মীসকলে আঞ্চলিক পৰিচয় চিহ্নিত কৰিবলৈ প্ৰকৃতি উৎসৱ সৰহুল পুনৰ উদ্ভাৱন কৰিছে। আনহাতে গ্ৰাম্য অঞ্চলত ই দেৱতাৰ প্ৰতি কৃতজ্ঞতা জনোৱাতেই সীমাবদ্ধ।১২
তথ্যসূত্ৰ
- ↑ (4 April 2022). All You Need to Know About the Festival Celebrated in Jharkhand. news18
- ↑ (4 April 2022). झारखंड में मनाया जा रहा है प्रकृति का पर्व सरहुल, झूम रहे हैं लोग. zeenews
- ↑ (3 April 2022). सरहुल पर अनूठी परंपरा.. झारखंड के इस गांव में खौलते तेल में हाथ डालकर बनाए जाते हैं पकवान
- ↑ (4 April 2022). 'सरहुल' पर प्रकृति के रंग में रंग गया झारखंड, हर जगह निकल रही विशाल शोभा यात्राएं. zeenews
- ↑ Manish Ranjan. (2022). JHARKHAND GENERAL KNOWLEDGE 2021. Prabhat Prakashan. ISBN 9789354883002
- ↑ साल वृक्ष की पूजा कर मांगी सुख-समृद्धि. Dainik Jagran
- ↑ (4 April 2022). आज मनाया जा रहा है प्रकृति पर्व सरहुल, जानें पूजा विधि और इसका महत्व. Prabhat khabar
- ↑ Anupam Purty. (10 April 2013). SARHUL- Festival of the Mundas'. issuu. পৃ. 20
- ↑ (30 March 2020). सरहुल का अर्थ, सरहुल में केकड़ा का महत्व. ujjwalpradesh
- ↑ (4 April 2022). Sarhul Festival 2022 - April 04 (Monday). festivalsofindia
- ↑ (4 April 2022). धरती के विवाह के रुप में आज आदिवासी समुदाय मना रहा है सरहुल, 9 प्रकार की सब्जियां बनाने का है रिवाज. Prabhat khabar
- ↑ Alpa Shah. (2010). In the Shadows of the State: Indigenous Politics, Environmentalism, and Insurgency in Jharkhand, India. Duke University Press. পৃ. 220. ISBN 978-0822392934
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰহুল” প্ৰবন্ধৰ সংশোধন ৫০৬৭০১ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।