লোকেল উৎপাত (Local Utpat) ২০২২ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কমেডী চলচ্চিত্ৰ। লোকেল উৎপাতৰ পৰিচালনা কেনী দেউৰী বসুমতাৰীৰ। এইখন পৰিচালক বসুমতাৰীৰ চতুৰ্থ ছবি। তেওঁৰ পূৰ্বৰ ছবি তিনিখন যদিও ৰাইজে আদৰি লৈছিল, এই ছবি কেইখনে সন্তোষজনক ব্যৱসায় কৰিব পৰা নাছিল। তাৰ বিপৰীতে লোকেল উৎপাতে তৃতীয় সপ্তাহৰ শেষলৈকে প্ৰায় এককোটি টকাৰ ব্যৱসায় কৰিছিল, যি পৰিচালক তথা প্ৰযোজক বসুমতাৰীয়ে আশা কৰাতকৈ অধিক আছিল। যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ কাৰণে 'লোকেল উৎপাত টীম'এ সমগ্ৰ অসম জুৰি শিক্ষানুষ্ঠানসমূহত বহুল প্ৰচাৰ চলাইছিল।
কাহিনীৰ সাৰাংশ
লোকেল উৎপাত তিনিজন বন্ধু- অমিত, জ’নী আৰু মণ্টুৰ কাহিনী, যিয়ে ৰাতি টোপনিতে খোজ কঢ়া দেবেনদাৰ ভাৰাঘৰত বাস কৰে। যেতিয়া অমিতৰ গাৰ্লফ্ৰেণ্ড মায়াৰ তাইৰ ভনীয়েকৰ সৈতে কাজিয়া লাগে, এলানি হাস্যমধুৰ ঘটনাৰ সূত্ৰপাত হয়।১
অভিনয় শিল্পী
- বনী দেউৰী
- পুনম গুৰুং
- জনী দেউৰী
- য়থাৰ্থ অগ্নিহোত্ৰী
- কেনী দেউৰী বসুমতাৰী
- টনী দেউৰী
- শৰ্মিষ্ঠা চক্ৰৱৰ্তী
- মণ্টু দেউৰী
- হিমাংশু গগৈ
- বিভূতিভূষণ হাজৰিকা
- মৃগেন্দ্ৰ কোঁৱৰ
- কৌশিক নাথ
- বিভাস সিংহ
সঁহাৰি
পৰিচালক কেনী দেউৰী বসুমতাৰীৰ মতে লোকেল উৎপাতে আশা কৰাতকৈ দৰ্শকৰ পৰা দুগুণ সঁহাৰি লাভ কৰিছে। তৃতীয় সপ্তাহৰ অন্তত ছবিখনে বক্স অফিচৰ পৰা সংগ্ৰহ কৰিছে প্ৰায় এক কোটি টকা। এই ছবিখনৰ সৈতে অসমত একেলগে মুক্তি পোৱা ৰণবীৰ সিং অভিনীত জয়েচভাই জোৰদাৰ আৰু ডাক্তৰ ষ্ট্ৰেঞ্জতকৈ প্ৰথম সপ্তাহত ই অধিক ধন আয় কৰিছে। অসমত পোৱা সফলতাৰ বাবে পৰিচালকগৰাকীয়ে লোকেল উৎপাতক ২৭ মে’ ২০২২-ত দিল্লী, মুম্বাই আৰু কলিকতাত প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লয়।১
তথ্যসূত্ৰ
- ↑ ASSAMESE COMEDY FILM 'LOCAL UTPAT' COLLECTS RS.1 CRORE. News Live TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোকেল উৎপাত” প্ৰবন্ধৰ সংশোধন ৩৮৫৮৩৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।