অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ফ্ৰান্স

ফ্ৰান্স পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰ পৰা ফ্ৰান্স পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে। ১৭ আৰু ১৮ শতিকাত ফ্ৰান্সৰ সীমা উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এচিয়াৰ বিভিন্ন ঠাইলৈ বিস্তৃত হৈ পৰিছিল।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ১,৬৫৩ শব্দ · ৯ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ফ্ৰান্স পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰ পৰা ফ্ৰান্স পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে। ১৭ আৰু ১৮ শতিকাত ফ্ৰান্সৰ সীমা উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এচিয়াৰ বিভিন্ন ঠাইলৈ বিস্তৃত হৈ পৰিছিল। বৰ্তমানো ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাৰ উপৰিও ইউৰোপিয়ান ইউনিয়নৰ এক গুৰুত্বপূৰ্ণ অংগ।

ইতিহাস

ফ্ৰান্স নামেৰে পৰিচিত এই ভুখণ্ডৰ ইতিহাস কেইবাহাজাৰ বছৰ পুৰণি। খ্ৰীষ্টপূৰ্ব ৬০০ চনত গ্ৰীক সাম্ৰাজ্যৰ এটা অংশই মাৰ্চেই (Marseille) নামে ঠাইত বসবাস কৰা আৰম্ভ কৰে। এই মাৰ্চেই ফ্ৰান্সৰ সকলোতকৈ প্ৰাচীন চহৰ। সেই সময়তে বৰ্তমান ফ্ৰান্সৰ আন আন অংশসমূহত কেলটিক গ'ল সকলো শক্তিশালী হৈ উঠে। ৰোমান সকলে এই গ'ল সকলক পৰাস্ত কৰি ৪ৰ্থ শতিকালৈকে এই ভুখণ্ড নিজৰ তলতীয়া কৰি ৰাখে।

ৰোমৰ পতনৰ পাছত ৪ৰ্থ শতিকাত ফ্ৰেংক নামে জনাজাত হৈ পৰা এই লোকসকলে, পুনৰ এই ভুখণ্ডৰ দখল নিজৰ হাতলৈ আনে। ৭৬৮ চনত চাৰ্লেমেন নামৰ এজন লোকে এই ফ্ৰেংক সকলক একগোট কৰি ৰাজ্য বিস্তাৰ কৰা আৰম্ভ কৰে। এই চাৰ্লেমেনকে বৰ্তমানৰ ফৰাচী আৰু জাৰ্মান ৰাজতন্ত্ৰৰ সকলৰ পূৰ্বসূৰী বুলি ধৰা হয়। ফৰাচী ৰাজতন্ত্ৰ প্ৰায় এহেজাৰ বছৰ ইউৰোপৰ এক শক্তিশালী সাম্ৰাজ্য ৰূপে পৰিগণিত হৈ আছিল। ১৭৯২ চনত ফৰাচী বিপ্লৱৰ যোগেদি ফ্ৰান্সত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়। কিন্তু ই বেছি দিন ধৰি বাছি নেথাকিল, নেপোলিয়ন বোনাপাৰ্টে ফ্ৰান্সৰ শাসনভাৰ অধিকাৰ কৰি নিজকে সম্ৰাট বুলি ঘোষণা কৰে, আৰু ইউৰোপৰ বহতো দেশ অধিকাৰ কৰে। ১৮৭০ চনত নেপোলিয়ন পৰাজিত হয় আৰু ফ্ৰান্সত পূণৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হয়।

দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানিয়ে ফ্ৰান্স অধিকাৰ কৰে। সেই সময়ছোৱাত মধ্য ফ্ৰান্সৰ ৱিচ্চিত (Vichy) এক অস্থায়ী চৰকাৰ গঠন হয়, আৰু এই চৰকাৰে অক্ষশক্তিক সমৰ্থন জনায়। ১৯৪৪ চনত মিত্ৰশক্তিয়ে ফ্ৰান্স উদ্ধাৰ কৰে আৰু চাৰ্লচ ডি গ'লে নতুনকৈ ফ্ৰান্সৰ সংবিধান ৰচনা কৰে। আধুনিক কালত ফ্ৰান্সক বিশ্বৰ এক ৰাজনৈতিক মহাশক্তি ৰূপে গঢ়ি তোলাত ডি. গ'লৰ ভূমিকা অনস্বীকাৰ্য। বিশ্বযুদ্ধৰ পৰবৰ্তী কালছোৱাত ফৰাচী উপনিবেশ সমূহত স্বাদীনতাৰ বাবে আন্দোলন আৰম্ভ হয় আৰু ফ্ৰান্সে প্ৰায়বিলাক উপনিবেশেই হেৰুৱাব লগাত পৰে।

প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত ফ্ৰান্সে সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল আৰু অপূৰণীয় ক্ষয় ক্ষতিৰ সন্মুখীন হৈছিল।

ভূগোল

A relief map of Metropolitan France, showing cities with over 100,000 inhabitants.
A relief map of Metropolitan France, showing cities with over 100,000 inhabitants.ছবি: David Monniaux · CC BY-SA 3.0

৫৪৭,০৩০ বৰ্গকিলোমিটাৰ মাটিকালিৰে ফ্ৰান্স ইউৰোপৰ তৃতীয় সৰ্ববৃহৎ দেশ। পশ্চিম আৰু উত্তৰ প্ৰান্তত ইয়াৰ ভূমিভাগ প্ৰায় সমতল আৰু বাকী অংশ পাৰ্বত্য অঞ্চল, দক্ষিণৰ ফালে পাইৰেনিচ আৰু পূবৰ ফালে আল্পচ পৰ্বতলানিৰ লগত ফ্ৰান্স সংযুক্ত হৈ আছে। ফ্ৰান্স মূলতঃ ৪১° ৰ পৰা ৫১° অক্ষাংশ আৰু ৬° ৰ পৰা ১০° পূ: দ্ৰাঘিমাংশৰ মাজত অৱস্থিত।

ফ্ৰান্সৰ মূল ভুখণ্ড ইউৰোপত হলেও ইয়াৰ ৰাজনৈতিক পৰিসীমা কেইবাখনো উপনিবেশলৈ বিস্তৃত হৈ আছে।

প্ৰশাসনিক অঞ্চলসমূহ

ফ্ৰান্স নগৰভিত্তিক ৰাষ্ট্ৰ। জনসংখ্যাৰ প্ৰায় তিনি-চতুৰ্থাংশ চহৰত বাস কৰে। পেৰিছ (Paris, পাৰি) ফ্ৰান্সৰ ৰাজধানী আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ চহৰ। ফ্ৰান্সৰ সবাতোকৈ ঘনবসতিপূৰ্ণ অঞ্চল এই পেৰিছত প্ৰায় এক কোটি লোকে বাস কৰে। পেৰিছ বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক তথা সাংস্কৃতিক কেন্দ্ৰ। মধ্য-১৯ শতিকাত বেৰন জৰ্জ ওজেনৰ সময় চহৰখনক বহল ৰাস্তা-ঘাট আৰু অন্যান্য বিকাশ মূলক কামেৰে পৰিকল্পিত চহৰ হিচাপে গঢ়ি তোলা হয়।

ফ্ৰান্সৰ অন্যান্য বৃহৎ চহৰ সমূহৰ মাজত উল্লেখযোগ্য হ'ল লিয়োঁ (Lyon), যি উত্তৰ সাগৰ ও ভূমধ্যসাগৰক সংযোগকাৰী প্ৰাচীন ৰোন উপত্যকাত অৱস্থিত; মাৰ্চেই (Marseille) ভূমধ্য সাগৰৰ উপকূলত অৱস্থিত এটা বহুজাতিক সমুদ্ৰবন্দৰ: প্ৰাচীন গ্ৰীক আৰু কাৰ্থেজীয় বণিকসকলে খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকত এই চহৰ প্ৰতিষ্ঠা কৰে; নট (Nantes) আটলাণ্টিক মহাসাগৰৰ উপকূলত অৱস্থিত এটা পোতাশ্ৰয় আৰু শিল্পকেন্দ্ৰ; আৰু বোৰ্দো (Bordeaux) গাৰন নদীৰ ওচৰত অৱস্থিত দক্ষিণ-পশ্চিম ফ্ৰান্সৰ প্ৰধান চহৰ।

জনসংখ্যা

প্ৰায় ৬৫.৮ মিলিয়ন জনসংখ্যাৰে (জানুৱাৰী ২০১১ৰ লোকপিয়ল অনুসৰি) ফ্ৰান্স পৃথিৱীৰ ২১ তম জনবসতিপূৰ্ণ দেশ। উচ্চ আয়ুস সীমাৰ লগতে জন্মৰ হাৰ বৃদ্ধি ফ্ৰান্সৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ। লগতে স্থায়ী ভাৱে ফ্ৰান্সলৈ প্ৰব্ৰজন কৰা লোকৰ সংখ্যাও ইউৰোপৰ বাকী দেশ বোৰৰ তুলনাত যথেষ্ট বেছি। ফ্ৰান্সৰ জনসংখ্যাৰ প্ৰায় ১৯% এনে লোক বুলি অনুমান কৰা হয়। অৱশ্যে ফ্ৰান্সৰ আইন মতে কোনো নাগৰিকৰ জাতি-প্ৰজাতি সম্বন্ধে অনুসন্ধান কৰা নি‍‍ষেধ, গতিকে প্ৰকৃত পৰিসংখ্যা পোৱা কঠিন। বৰ্তমানে ফৰাচী চৰকাৰী অনুপ্ৰৱেশ কমাবৰ বাবে কঠোৰ নীতি অৱলম্বন কৰিছে।

ফ্ৰান্সত গ্ৰাম্য জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে, আৰু চৰকাৰক বহুক্ষেত্ৰত সমস্যাতো পেলাইছে।

ভাষা আৰু শিক্ষাব্যৱস্থা

ফৰাচী সংবিধানৰ ২ নং দফা মতে ফ্ৰান্সৰ ৰাষ্ট্ৰভাষা ফৰাচী। যদিও ব্যক্তিগত ভাবে ভাষাৰ ব্যৱহাৰত কোনো বাধা নাই, কিন্তু ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত ফৰাচী ভাষা ব্যৱহাৰ কৰা বাধ্যতা মূলক। ১৮০২ চনত নাপলেয়' ই শিক্ষাপ্ৰদানৰ বাবে লাইচি' ৰ সৃষ্টি কৰে। তথাপিও জুলে' ফেৰীক ফ্ৰান্সত আধুনিক বিদ্যালয়ৰ জন্মদাতা বুলি জনা যায়। ১৮৮২ চনৰ পৰাই ফ্ৰান্সত ১৩ বছৰ বয়সলৈকে (আজিকালি ১৬) বিনামূলীয়া, ধৰ্মনিৰপেক্ষ আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ ব্যবস্থা কৰা হৈছে। বৰ্তমান في ফ্ৰান্স কেন্দ্ৰীয় শিক্ষাব্যৱস্থা প্ৰচলিত হৈ আছে, ইয়াৰ স্তৰ তিনিটা, প্ৰাথমিক, মধ্য আৰু উচ্চশিক্ষা। প্ৰাথমিক, মধ্যস্তৰৰ শিক্ষা প্ৰধানত ৰাজহুৱা ভাৱে প্ৰদান কৰা হয়, ৰাষ্ট্ৰীয় শিক্ষা মন্ত্ৰালয়ে এই বিদ্যালয় সমূহ পৰিচালনা কৰে। উচ্চশিক্ষা ৰাজহুৱা বিশ্ববিদ্যালয়সমূহত বা কিছুমান বিশেষ শিক্ষানুষ্ঠানত (Grandes écoles) প্ৰদান কৰা হয়।

সংস্কৃতি

কেইবাশতিকাও ধৰি ফ্ৰান্স বিশ্বত সুকুমাৰ কলাৰ কেন্দ্ৰস্থল হিচাপে চিহ্নত হৈ আহিছে। ফ্ৰান্স কেইবাজনো কালজয়ী শিল্পী সৃষ্টি কৰাৰ লগতে নিজৰ সাংস্কৃতিক ইতহাসক লৈ গৌৰৱান্বিত হৈ আহিছে। বিভিন্ন ফৰাচী শাসক সকলে সদায়েই কালসূলভ সৃষ্টিক অনুপ্ৰেৰণা দিয়াৰ উদাহৰণ আছে। ফ্ৰান্সত প্ৰায় ১২০০ সংগ্ৰহালয় আছে যাক চাবৰ বাবে বছৰি প্ৰায় ৫০ ভ্ৰমণকাৰীৰ আগমণ হয়। ফ্ৰান্সত ৪৩,১৮০টা প্ৰাচীন ঘৰ ঐতিহাসিক স্মৃতিচিহ্ন ৰূপে সংৰক্ষণ কৰা হৈছে, ইয়াৰ ভিতৰত দূৰ'গ, বাসগৃহৰ, ধৰ্মীয় প্ৰতিষ্ঠান আৰু মূৰ্তি, বাগিছা ইত্যদি আছে। ইউনেস্ক'ই ফ্ৰান্সৰ ৩৭টা স্থানক বৰ্ল্ড হেৰিটেজ তালিকাত স্থান দিছে।

চিত্ৰকলা

One of the paintings of Lascaux which represents a horse (Dordogne, approximately 18,000 BC).
One of the paintings of Lascaux which represents a horse (Dordogne, approximately 18,000 BC).ছবি: Public domain

নৱজাগৰণৰ কালছোৱাত ফৰাচী চিত্ৰকলাৰ ওপৰত ফ্লেমীয় আৰু ইটালীয় শৈলীৰ প্ৰভাৱ পৰে। মধ্যযুগত ফ্ৰান্সৰ সকলোতকৈ বিখ্যাত চিত্ৰকৰ জন হ'ল জিঁ ফকোৱা (Jean Fouquet) চতুৰ্দশ লুইৰ প্ৰধানমন্ত্ৰী কলবাৰ্টে ১৬৪৮ খ্ৰীষ্টাব্দত "ৰাজকীয় চিত্ৰকলা তথা মূৰ্তিকলা প্ৰতিষ্ঠান" (Royal Academy of Painting and Sculpture) স্থাপিত কৰে আৰু ১৬৬৬ চনত ৰোমতা "ফ্ৰান্স একাডেমি" (French Academy) স্থাপন কৰি ইটালীয় শিল্পী সকলৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপন কৰে। ১৮ শতিকাৰ ফৰাচী চিত্ৰকৰ সকলে ৰক'ক' (rococo) নামে এক শৈলী উদ্ভাৱন কৰে, আৰু তাৰ পিছলৈয়ো চিত্ৰকলাৰ সকলোবিলাক বিখ্যাত শৈলীৰ চৰ্চা চলি থাকে।

কেইজন মান বিখ্যাত ফৰাচী চিত্ৰকৰ হ'ল: কেমিল পিছাৰ', এডবাৰ্ড মনে, এডগাৰ দেজা, ক্ল'ডে মনে, অগ'ষ্ট ৰেনো, প'ল গেংগুইন, আন্দ্ৰে ডেৰাইন ইত্যাদি।

সাহিত্য

মধ্যযুগৰ পৰাই ফ্ৰান্সত সাহিত্য চৰ্চা কৰাৰ উদাহৰণ দেখা যায়, যদিও সেই সময়ত ফৰাচী ভাষা সুসংহত হোৱা নাছিল। সেই সময়ৰ সাহিত্যত পৌৰানিক বীৰসকল বা লোককথাসমূহে প্ৰাদান্য পোৱা দেখা যায়। ১১৭৫ চনত পেৰ' দে' চেণ্ট ক্ল'ডে লিখা "ৰোমান দে' ৰেনাৰ্ট" প্ৰাচীন ফৰাচী সাহিত্যৰ এক উল্লেখযোগ্য নিদৰ্শণ। ১৭শ শতিকাত মেডাম ডে' লা ফয়েটে ই লে প্ৰিন্সেচ ডে' ক্লেভে নামৰ এখন উপন্যস প্ৰকাশ কৰে, এই উপন্যাস পৃথিৱীৰ প্ৰথম মনোবৈজ্ঞানীক উপন্যাস সমূহৰ এখন বুলি জনা যায়। ১৯ শতিকালৈ ফ্ৰান্সে কেইবাজনো বিখ্যাত সাহিত্যিকৰ জন্ম দিয়ে। ভিক্টৰ হিউগ'-ক কোনো কোনোৱে ফ্ৰান্সৰ শ্ৰেষ্ঠ লিখক বুলি অভিহিত কৰে। তেখেতৰ ক্ৰমৱেল নাটকৰ প্ৰস্তবনা অংশই ৰমন্যাসবাদৰ সূচনা বুলি ধৰা হয়। লে মিজাৰেবল, লে কণ্টেম্প্লেচনস, লা- লিজেণ্ডে- ডে- চিয়েকল আদি হিউগ'ৰ অনন্য সাহিত্য কৃতি। আন কেইজন মান বিখ্যাত ফৰাচী সাহিত্যিক হ'ল, আলেকজেণ্ডাৰ ডুমা, জুলে' ভাৰ্ন, এমিল জ'লা, বালজাক, জাঁ পল ছাত্ৰে, আলবেয়াৰ কেমু ইত্যাদি। আজিলৈকে ফৰাচী সাহিত্যিক সকলে সকলোতকৈ বেছি ন'বেল বঁটা লাভ কৰিছে।

ফেশ্বন

১৭শ শতিকাৰ পৰাই 'ফেশ্বন' ফ্ৰান্সৰ এক গুৰুত্বপূৰ্ণ উদ্যোগ আৰু ৰপ্তানি ব্যৱসায় হিচাপে পৰিগণিত হৈ আহিছে। আধুনিক 'অ'ট ক'টিঅ' (Haute couture) বোলা শৈলীৰ জন্ম হৈছিল পেৰিছত। আজিকালি লণ্ডন, মিলান আৰু নিউয়ৰ্কৰ লগতে পেৰিছকো বিশ্বৰ ফেশ্বনৰ ৰাজধানী বুলি অভিহিত কৰা হয়।

ফ্ৰান্সত ফেশ্বন উদ্যোগ গঢ়ি উঠাৰ মূল শ্ৰেয় চতুৰ্দশ লুই ক দিয়া হয়, ৰাজপিয়ালে বিলাসী সামগ্ৰী ব্যৱহাৰ তথা উৎপাদনৰ পৃষ্ঠপোষকতা কৰাৰ ফলত এই উদ্যোগে প্ৰসাৰতা লাভ কৰে যদিও, ১৮৬০ পৰা ১৯৬০ চনৰ ভিতৰত ফ্ৰান্সত গঢ়ি উঠা চেনেল, ডায়ৰ আদি বিখ্যাত ফেশ্বন হাউচ বিলাকে এই উদ্যোগক বিশ্বজুৰি প্ৰসাৰতা দিয়ে।

ৰাজনীতি

ফ্ৰান্সত গণতান্ত্ৰিক ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত, অৰ্ধ ৰাষ্ট্ৰপতীয় একক গণতন্ত্ৰ প্ৰচলিত। ফ্ৰান্সত বৰ্তামান চলি থকা ৫ম প্ৰজাতন্ত্ৰৰ সংবিধান ১৯৫৮ চনৰ ২৮ চেপ্টেম্বৰত গৃহীত হয়। শাসন প্ৰক্ৰিয়াৰ মূল ক্ষমতা দুভাগত ভগোৱা হয়, প্ৰথম ৰাষ্ট্ৰপতি, তেওঁ দেশৰ মুৰব্বী, তেখেতক পোনপতীয়া নিৰ্বাচনৰ যোগে পাঁচবছৰৰ বাবে নিৰ্বাচিত কৰা হয়। আৰু দ্বিতীয় হ'ল চৰকাৰ; চৰকাৰৰ মুৰব্বী হ'ল ৰাষ্ট্ৰপতিয়ে নিয়ুক্তি দিয়া প্ৰধানমন্ত্ৰী।

ফ্ৰান্সৰ সংসদত দুটা তৰপ আছে, নেচনেল এচেম্বলী আৰু চিনেট। নেচনেল এচেম্বলীৰ সদস্য সকলে স্থানীয় সমষ্টি বিলাকক প্ৰতিনিধিত্ব কৰে আৰু তেওঁলোকক ৫ বছৰীয়া শাসন কালৰ বাবে পোনপটীয়া নিৰ্বাচন যোগে বাচি উলিওৱা হয়। এই এচেম্বলী চৰকাৰ ভাঙিব পৰা ক্ষমতাৰ অধিকাৰী, নেচনেল এচেম্বলিত সংখ্যাগৰিষ্ঠতাৰ মাজেৰেহে চৰকাৰ পতা হয়। চিনেটৰ সকলক এক নিৰ্বাচক মণ্ডলীৰ সহযোগ ছয় বছৰৰ বাবে নিৰ্বাচন কৰা হয়। চিনেটৰ সকলৰ প্ৰশাসনিক ক্ষমতা সীমিত, কোনো বিতৰ্কিত বিষয়ত নেচনেল এচেম্বলীৰ সিদ্ধান্তকে চূড়ান্ত বুলি মনা যায়।

ফ্ৰান্সত দুটা মূ্খ্য প্ৰতিদ্বন্দ্ব্বী দল আছে, বামপন্থী ফ্ৰান্স সমাজবাদী দল (French Socialist Party) আৰু সোঁ পন্থী প্ৰজাতান্ত্ৰিক ৰেলী (RPR, The Rally for the Republic)।

অৰ্থনীতি

বিশ্বৰ উদ্যোগপ্ৰধান ৰাষ্ট্ৰসমূহৰ সংগঠন G8 ৰ সদস্য ফ্ৰান্স বিশ্বৰ পঞ্চম আৰু ইউৰোপৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি। আন ১১খন ইউৰোপীয় দেশৰ সহযোগিতাত ফ্ৰান্সে ১৯৯৯ চনৰ এক জানুৱাৰীৰ ইউৰো মুদ্ৰাৰ জন্ম দিয়ে, আৰু পুৰণা ফ্ৰেংক মুদ্ৰাৰ অৱসান ঘটায়।

ফ্ৰান্সৰ অৰ্থনীতি মিশ্ৰ ধৰণৰ, এই ব্যৱস্থাত ব্যক্তিগত খণ্ডৰ বহুল যোগদানৰ লগতে চৰকাৰী খণ্ডৰো দখল থাকে। বি‍শেষকৈ গুৰুত্বপূৰ্ণ উদ্যোগ সমূহ যেনে, ৰেল যোগাযোগ, শক্তি, বিমান উদ্যোগ, আণৱিক শক্তি বা দূৰসংযোগ আদি বিভাগ বিলাকৰ মূল নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে। যদি আজিকালি ফৰাচী চৰকাৰে এই ক্ষেত্ৰসমূহত নিজৰ নিয়ন্ত্ৰণ লাহে লাহে কমাই অনা দৃষ্টিগোচৰ হৈছে। বিশ্ব বাণিজ্য সংস্থাৰ মতে,২০০৯ চনত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত ফ্ৰান্স বিশ্বৰ ৪ৰ্থ বৃহৎ আমদানি কৰোঁতা, লগতে ৬ষ্ঠ বৃহৎ ৰপ্তানি কৰোঁতা। ফ্ৰান্সৰ অৰ্থনীতিত বেংকিং আৰু বীমা খণ্ডৰ যোগাদানো উল্লেখনীয়। ফৰাচী বীমা কোম্পানী AXA ক বিশ্বৰ সৰ্ববৃহৎ বীমা কোম্পানী বুলি জনা যায়।

পৃথিবীৰ সৰ্বাধিক ঔদ্যোগীকৃত সাতখন দেশৰ এখন হৈয়ো ফ্ৰান্সে এই সকলো দেশতকৈ কম কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে, ইয়াৰ কাৰণ হ'ল শক্তি উৎপাদনৰ বাবে নিউক্লীয় উৎসৰ বহুল ব্যৱহাৰ। দেশখনত উৎপন্ন হোৱা বিদ্যুতৰ ৫৯ শতাংশই নিউক্লীয় উৎসৰ পৰা আহৰণ কৰা হয়।

কৃষি

ঐতিহাসিক ভাৱে কৃষি ক্ষেত্ৰত ফ্ৰান্স এখন অগ্ৰগণী দেশ। সাৰুৱা কৃষি উপযোগী বৃহৎ ভূখণ্ড আৰু আদুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, এই দুয়ুটাই ফ্ৰান্সক কৃষিজাত সামগ্ৰীৰ পৃথিৱীৰ এক সৰ্ববৃহৎ উৎপাদক তথা ৰপ্তানিকাৰী দেশ হিচাপে প্ৰতিষ্ঠিত কৰিছে।

ঘেহু, প'লট্ৰী, দুগ্ধজাত সামগ্ৰী, গো মাংস আদিৰ লগতে আন্তঃৰাষ্ট্ৰীয় মান্যতা সম্পন্ন প্ৰসংস্কৃত খাদ্যবস্তু ফ্ৰান্সৰ প্ৰধান কৃষিজাত ৰপ্তানি দ্ৰব্য। ৰ'জ ৱাইন সাধাৰণতে ঘৰুৱা ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হয়, কিন্তু চেম্পেইন আৰু বৰ্ডেউ, মুখ্যত ৰপ্তানি কৰা হয়। ২০০৭ চনত ফ্ৰান্সে ৩৩.৫ বিলিয়ন মূল্যৰ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰে।

কৃষি ফ্ৰান্সৰ অৰ্থনীতি এক মূল অংগ, জনসংখ্যাৰ প্ৰায় ৩.৫% কৃষিক্ষেত্ৰত নিয়োজিত, তদুপৰি ২০০৫ চনত ফ্ৰান্সৰ ঘৰুৱা উৎপাদনৰ ৪.২% কেৱল কৃষিক্ষেত্ৰৰ পৰাই আহিছিল।

পৰ্যটন

২০১১ চনত ৭৯.৫ মিলিয়ন পৰ্যটকৰে ফ্ৰান্সে বিশ্ব শ্ৰেষ্ঠ গন্তব্যস্থল হিচাপে স্থান পাইছিল। পৰ্যটন ফ্ৰান্সৰ আন এক গুৰত্বপূৰ্ণ উদ্যোগ। ফ্ৰান্স, বিশেষকে পেৰছত পৃথিৱীৰ সৰ্ববৃহৎ আৰু বিখ্যাত যাদুঘৰ সমূহ অৱস্থিত। ফ্ৰান্সৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলী বিলাকৰ কেইটামান হ'ল আইফেল টাৱাৰ, ল্যু'ভে যাদুঘৰ, নটৰ-ডেমৰ কেথেড্ৰেল, ভাৰ্চেলিচৰ প্ৰাসাদ, ড-অৰ্চে যাদুঘৰ ইত্যদি।

বাহ্যিক সংযোগ

অৰ্থনীতি

চৰকাৰ

সংস্কৃতি

পৰ্যটন

  • FranceGuide – Official website of the French Government Tourist Office

সম্পৰ্কিত শ্ৰেণী

ইউৰোপৰ দেশফ্ৰান্সৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰান্স” প্ৰবন্ধৰ সংশোধন ৬৩৮৫৭৭ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।