কেৰালা (কেৰল বা কেৰেলা বুলিও কোৱা হয়; Kerala, കേരളം কেৰলম্) ভাৰতৰ দক্ষিণ-পশ্চিমাঞ্চলৰ মালবাৰ উপকূলত অৱস্থিত এখন ৰাজ্য। পূৰ্বৰ ট্ৰাভঙ্কৰ-ক’চিন ৰাজ্য আৰু মাদ্ৰাজ ৰাজ্যৰ মালয়ালমভাষী অঞ্চলসমূহক একত্ৰিত কৰি ৰাজ্য পুনৰ্গঠন আইনৰ অনুসৰি ১৯৫৬ চনৰ ১ নৱেম্বৰত কেৰালা ৰাজ্যৰ গঠন কৰা হয়। ৩৮,৮৬৩ বৰ্গকিলোমিটাৰ (১৫,০০৫ বৰ্গমাইল) মাটি-কালিৰে কেৰালা ভাৰতৰ ২৩তম বৃহত্তম ৰাজ্য। ইয়াৰ উত্তৰ আৰু উত্তৰ-পূবে কৰ্ণাটক, পূবে আৰু দক্ষিণে তামিলনাডু আৰু পশ্চিমে লাক্ষাদ্বীপ সাগৰ১ অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ৩,৩৩,৮৭,৬৭৭জন বাসিন্দাৰে কেৰালা জনসংখ্যাৰফালৰপৰা ভাৰতৰ ১৩তম বৃহত্তম ৰাজ্য। কেৰালা ৰাজ্যখনক ১৪খন জিলাত বিভক্ত কৰা হৈছে আৰু ইয়াৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম। মালয়ালম ভাষা হৈছে ৰাজ্যখনৰ মূল কথিত ভাষা তথা চৰকাৰী ভাষাও।২ কোচি এখন গুৰুত্বপূৰ্ণ বন্দৰ তথা তেলশোধনাগাৰ। কালিকট আন এখন বন্দৰ চহৰ।
কৃষি
কেৰালাৰ কৃষিক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন ঘটিছিল ১৯৭০ চনত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষতে ধানৰ উপলব্ধতা বৃদ্ধি পোৱা আৰু শ্ৰমিকৰ উপলব্ধতা হ্ৰাস পোৱাৰ বাবে ধানৰ উৎপাদন হ্ৰাস পাইছিল।৩ ফলস্বৰূপে ধান উৎপাদনত বিনিয়োগ কমি গ’ল আৰু মাটিৰ এটা ডাঙৰ অংশ বহুবৰ্ষজীৱী গছৰ শস্য আৰু ঋতুভিত্তিক শস্যৰ খেতিলৈ স্থানান্তৰিত হ’ল।৪৫ কৃষি শ্ৰমিকৰ অভাৱ, মাটিৰ উচ্চ মূল্য আৰু কাৰ্য্যকৰী ভূমিৰ অসামাজিক আকাৰৰ বাবে শস্যৰ লাভজনকতা হ্ৰাস পায়।৬ কেৰালাৰ মাত্ৰ ২৭.৩% পৰিয়ালেই জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল, যিটো ভাৰতৰ ভিতৰতো সৰ্বনিম্ন সংশ্লিষ্ট হাৰ।৭
ৰাষ্ট্ৰীয় উৎপাদনৰ ৯৭% জালুকৰ৮ কেৰালাত উৎপাদন হয় আৰু দেশৰ প্ৰাকৃতিক ৰবৰৰ ৮৫% উৎপাদন হয়।৯১০ নাৰিকল, চাহ, কফি, কাজু, আৰু মচলা— ইলাচি, ভেনিলা, ডালচেনি, জাইফলকে ধৰি মূল কৃষিজাত সামগ্ৰী।১১১২১৩১৪১৫ ভাৰতৰপৰা ৰপ্তানি হোৱা কাজুৰ প্ৰায় ৮০% কোল্লামত প্ৰস্তুত হয়।১৬ মূল নগদ শস্য হ’ল নাৰিকল আৰু ভাৰতৰ নাৰিকল খেতিৰ ক্ষেত্ৰত কেৰালা প্ৰথম স্থানত আছে।১৭ ভাৰতত উৎপাদিত মুঠ ইলাচীৰ প্ৰায় ৯০% কেৰালাৰ। বিশ্বৰ ভিতৰতে ইলাচীৰ দ্বিতীয় বৃহত্তম উৎপাদনকাৰী দেশ ভাৰত। ভাৰতত উৎপাদিত মুঠ কফিৰ প্ৰায় ২০% কফি কেৰালাৰ।১৮ মূল কৃষি হ’ল ধান, ইয়াৰ জাতসমূহ বিস্তৃত ধাননি পথাৰত খেতি কৰা হয়।১৯ ঘৰুৱা বাগিছাই কৃষি খণ্ডৰ এক উল্লেখযোগ্য অংশ সামৰি লৈছে।২০
সংস্কৃতি
প্ৰদৰ্শন]]
কেৰালাৰ সংস্কৃতি সংমিশ্ৰিত আৰু বিশ্বজনীন প্ৰকৃতিৰ আৰু ই ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ।২১ ই আৰ্য, দ্ৰাবিড়, আৰব, আৰু ইউৰোপীয় সংস্কৃতিৰ সংশ্লেষণ,২২ সহস্ৰাব্দৰ ভিতৰত ভাৰতৰ অন্যান্য অংশ আৰু বিদেশৰ প্ৰভাৱত বিকশিত হৈছিল।২৩ ইয়াৰ প্ৰাচীনতা আৰু মালয়ালী জনসাধাৰণে বজাই ৰখা জৈৱিক ধাৰাবাহিকতাৰদ্বাৰা ইয়াৰ সংজ্ঞা নিৰ্ধাৰিত হৈছে।২৪ চুবুৰীয়া আৰু বহিঃৰাজ্যৰ সংস্কৃতিৰ সৈতে শতিকাজুৰি থকা সংস্পৰ্শৰ কথা ইয়াত বিশদভাৱে উল্লেখ কৰা হৈছিল।২৫ কিন্তু দেশৰ বাকী অংশৰপৰা কেৰালাৰ ভৌগোলিক ভিন্নতাৰ ফলত এক সুকীয়া জীৱন-শৈলী, শিল্প, স্থাপত্য, ভাষা, সাহিত্য আৰু সামাজিক অনুষ্ঠানৰ বিকাশ ঘটিছে।২১ ৰাজ্যখনত প্ৰতি বছৰে ১০ হাজাৰৰো অধিক উৎসৱ পালন কৰা হয়। মালয়ালম পঞ্জিকা, সৌৰ নক্ষত্ৰীয় কেলেণ্ডাৰ কেৰালাত ৮২৫ খ্ৰীষ্টাব্দৰপৰা আৰম্ভ হৈছিল,২৬ কৃষি আৰু ধৰ্মীয় কাৰ্য্যকলাপৰ পৰিকল্পনাত সাধাৰণ ব্যৱহাৰ বিচাৰি পায়।২৭ ভাৰতৰ অন্যতম ধ্ৰুপদী ভাষা মালয়ালম কেৰালাৰ চৰকাৰী ভাষা।২৮ আন এক ডজনৰো অধিক অনুসূচিত আৰু নিৰ্ধাৰিত ভাষাও কোৱা হয়। ভাৰতৰ ভিতৰত কেৰালাত সৰ্বাধিক সুৰা সেৱন হয়।২৯
ভ্ৰমণ

কেৰালাৰ সংস্কৃতি আৰু পৰম্পৰাৰ লগতে ইয়াৰ বিভিন্ন জনগাঁথনিয়ে ৰাজ্যখনক ভাৰতৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিছে। ২০১২ চনত নেচনেল জিঅ'গ্ৰাফিকৰ ট্ৰেভেলাৰ আলোচনীয়ে কেৰালাক "পৃথিৱীৰ দহখন স্বৰ্গ"ৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছিল৩০৩১আৰু "জীৱনৰ ৫০টা চাবলগীয়া গন্তব্যস্থান" বুলি উল্লেখ কৰিছিল।৩২ টাইম আলোচনীয়ে ২০২২ চনত বিশ্বৰ শ্ৰেষ্ঠ স্থানৰ তালিকাত অন্বেষণ কৰিবলগীয়া ৫০টা অসাধাৰণ গন্তব্যস্থানৰ ভিতৰত কেৰালাক স্থান দিছিল।৩৩
তথ্যসূত্ৰ
- ↑ (1953). Limits of Oceans and Seas, 3rd edition. International Hydrographic Organization
- ↑ Kerala – Principal Language. Government of India
- ↑ B.R. Sinha. (2003). Encyclopaedia Of Professional Education (10 Vol.). Sarup & Sons. পৃ. 204–05. ISBN 978-8176254106
- ↑ Babu P. Remesh. (2010). Dynamics of Rural Labour: A Study of Small Holding Rubber Tappers in Kerala. Concept Publishing Company. পৃ. 52–. ISBN 978-8180696602
- ↑ Government of India Planning Commission. (2008). Kerala Development Report. Academic Foundation. পৃ. 66–. ISBN 978-8171885947
- ↑ Planning Commission, India. (2007). Kerala Development Report. Academic Foundation. পৃ. 66. ISBN 978-8171885947
- ↑ Chandran 2018, পৃ. 406
- ↑ (2001). Limca Book of Records. Bisleri Beverages Limited. পৃ. 97
- ↑ (2005). South Asia 2006. Taylor & Francis. পৃ. 291. ISBN 978-1-85743-318-0
- ↑ (1998). Economic Affairs. H. Roy. পৃ. 47
- ↑ James Newton. Jay Rai's Kitchen – Keralan Cuisine. Springwood emedia. পৃ. 3–. ISBN 978-1-4761-2308-0
- ↑ Rajan, S. & B.L.Markose; Baby Lissy Markose. (2007). Propagation of Horticultural Crops: Vol.06. Horticulture Science Series. New India Publishing. পৃ. 212–. ISBN 978-8189422486
- ↑ Pradhan. (2009). Retailing Management 3E. Tata McGraw-Hill Education. পৃ. 256–. ISBN 978-0-07-015256-4
- ↑ T. Pradeepkumar; Kumar, Pradeep. (2008). Management of Horticultural Crops: Vol.11 Horticulture Science Series: In 2 Parts. New India Publishing. পৃ. 509–. ISBN 978-8189422493
- ↑ Filippo Osella; Caroline Osella. (2000). Social Mobility In Kerala: Modernity and Identity in Conflict. Pluto Press. পৃ. 235–. ISBN 978-0-7453-1693-2
- ↑ Cashew sector in a tailspin. The Hindu
- ↑ Chandran 2018, পৃ. 407
- ↑ Chandran 2018, পৃ. 409
- ↑ C.K. Varshney; J. Rzóska. (1976). Aquatic Weeds in South East Asia. Springer. পৃ. 100–. ISBN 978-9061935568
- ↑ Aline Dobbie. (2006). India the Elephants Blessing. Melrose Press. পৃ. 123–. ISBN 978-1-905226-85-6
- ↑ A. Sreedhara Menon. (2008). Cultural Heritage of Kerala. D C Books. পৃ. 13–15. ISBN 978-8126419036
- ↑ Menon, A. Sreedhara. (2007). A Survey Of Kerala History. DC Books. পৃ. 55. ISBN 978-8126415786
- ↑ A. Sreedhara Menon. (1978). Cultural Heritage of Kerala: An Introduction. East-West Publications. পৃ. 10
- ↑ (2004). Contribution of Travancore to Karnatic Music. Information & Public Relations Department, Government of Kerala. পৃ. 7–37
- ↑ S. Bhagyalekshmy. (2004). Contribution of Travancore to Karnatic Music. Information & Public Relations Department, Government of Kerala
- ↑ J. Devika. (2005). Her-self: Early Writings on Gender by Malayalee Women, 1898–1938. Popular Prakashan. পৃ. 5. ISBN 978-8185604749
- ↑ Kumar Suresh Singh. (2004). People of India: Maharashtra. Popular Prakashan. পৃ. 1524. ISBN 978-8179911020
- ↑ Thomas Benedikter. (2009). Language Policy and Linguistic Minorities in India: An Appraisal of the Linguistic Rights of Minorities in India. LIT Verlag Münster. পৃ. 90. ISBN 978-3-643-10231-7
- ↑ (6 February 2020). Shock after alcohol flows from kitchen taps in Kerala. BBC News
- ↑ Kerala Tourism: Paradises in the world. দ্য হিন্দু
- ↑ Pravasi KairaLi Home. Pravasikairali.com
- ↑ Kerala – The Gateway of India. Forbes
- ↑ (14 July 2022). Ahmedabad and Kerala on TIME magazine's list of World's Greatest Places of 2022. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেৰালা” প্ৰবন্ধৰ সংশোধন ৬৩৮২৪৮ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।