অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

যুক্তৰাজ্য

যুক্তৰাজ্য (United Kingdom ইউনাইটেড্‌ কিংডম্‌) ইউৰোপীয় মূল ভূখণ্ডৰ উত্তৰ-পশ্চিম উপকূলৰ কাষতে অৱস্থিত এখন স্বাধীন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখনৰ চৰকাৰী নাম হ'ল গ্ৰেইট ব্ৰিটেন আৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য (The United Kingdom of Great Britain and Northern Ireland)।

হালনাগাদ: ৩১ আগষ্ট ২০২৬ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

যুক্তৰাজ্য (United Kingdom ইউনাইটেড্‌ কিংডম্‌) ইউৰোপীয় মূল ভূখণ্ডৰ উত্তৰ-পশ্চিম উপকূলৰ কাষতে অৱস্থিত এখন স্বাধীন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখনৰ চৰকাৰী নাম হ'ল গ্ৰেইট ব্ৰিটেন আৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য (The United Kingdom of Great Britain and Northern Ireland)। ৰাষ্ট্ৰখন চাৰিখন সাংবিধানিক ৰাষ্ট্ৰ: ইংলেণ্ড, স্কটলেণ্ড, ৱেল্ছ আৰু উত্তৰ আয়াৰলেণ্ডৰ সমন্বয়ত গঠিত।

যুক্তৰাজ্য বহুতো দ্বীপ লৈ গঠিত। দ্বীপসমূহক একেলগে ব্ৰিটিছ দ্বীপপুঞ্জ নামেৰে অভিহিত কৰা হয়। ইয়াৰে সৰ্ববৃহৎ দ্বীপটৌৰ নাম বৃহৎ ব্ৰিটেন বা গ্ৰেইট ব্ৰিটেন। গ্ৰেট ব্ৰিটেনৰ সকলোতকৈ বৃহৎ আৰু জনবহুল অংশটিৰ নাম ইংলেণ্ড, যি দ্বীপটোৰ দক্ষিণ আৰু পূব অংশ গঠন কৰিছে। পশ্চিমে আছে ৱেল্ছ আৰু উত্তৰ অংশত আছে স্কটলেণ্ড। আনহাতে আয়াৰলেণ্ড দ্বীপৰ উত্তৰ-পূব প্ৰান্তত উত্তৰ আয়াৰলেণ্ড অৱস্থিত। আয়াৰলেণ্ড দ্বীপ ব্ৰিটিছ দ্বীপপুঞ্জৰ দ্বিতীয় বৃহত্তম দ্বীপ। এই দ্বীপৰ অধিকাংশ তথা দক্ষিণ ভাগ জুৰি অৱস্থিত প্ৰজাতন্ত্ৰী আয়াৰলেণ্ড। যুক্তৰাজ্যৰ বাকী অংশক আটলাণ্টিক মহাসাগৰ, উত্তৰ সাগৰ, ইংলিছ চেনেল আৰু আইৰিছ সাগৰে আৱৰি ৰাখিছে। ইয়াৰোপৰি ব্ৰিটিছ সাম্ৰাজ্যকালৰ সময়ত হস্তগত ১৪টি বহিঃস্থ অঞ্চল এতিয়াও যুক্তৰাজ্যৰ অধীনত আছে। গ্ৰেইট ব্ৰিটেন দ্বীপ চেনেল টানেলৰ মাধ্যমেৰে ফ্ৰান্সৰ সৈতেও সংযুক্ত।

যুক্তৰাজ্য এখন সাংবিধানিক গণতন্ত্ৰ। ৰাণী দ্বিতীয় এলিজাবেথ ৰাষ্ট্ৰপ্ৰধান। ইয়াত এখন সংসদীয় গণতন্ত্ৰ ব্যৱস্থা বিদ্যমান হৈ আছে। লণ্ডন যুক্তৰাজ্যৰ ৰাজধানী আৰু বৃহত্তম চহৰ; ই ইংলেণ্ডৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত।

ভূগোল

ভৌগোলিক আকাৰৰ দিশৰ পৰা যুক্তৰাজ্য এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ। উষ্ণ উপসাগৰীয় স্ৰোতৰ প্ৰভাৱৰ ফলত ইয়াৰ জলবায়ু মৃদু আৰু আৰ্দ্ৰ। উত্তৰ অংশত যথেষ্ট শীতৰ প্ৰভাৱ পৰে। বছৰৰ অধিকাংশ সময়তে ইয়াৰ আকাশ মেঘাচ্ছন্ন হৈ থাকে বাবে বৃষ্টিপাতৰ পৰিমাণ অধিক। ইয়াৰ দক্ষিণ আৰু পূবে আছে বিস্তীৰ্ণ সমভূমি; পশ্চিম আৰু উত্তৰে আছে সুউচ্চ পাহাৰ আৰু পৰ্বত।

আকাৰত সৰু হ'লেও ব্ৰিটেইনৰ জনবসতি ঘন। ইয়াত প্ৰতি বৰ্গকিলোমিটাৰত প্ৰায় ২৫০ লোকে বাস কৰে। ব্ৰিটেইন অৰ্থনৈতিকভাবে অত্যন্ত সমৃদ্ধ, শিল্প আৰু বিজ্ঞানত উন্নত, প্ৰযুক্তিত আধুনিক এখন শান্তিপূৰ্ণ ৰাষ্ট্ৰ। ব্ৰিটেইন ইউৰোপৰ ধনী দেশসমূহৰ এখন আৰু ইয়াৰ জনসাধাৰণৰ জীৱনযাত্ৰাৰ মান বিশ্বৰ অন্যান্য দেশৰ তুলনাত উন্নত।

বহিঃসংযোগ

চৰকাৰী

সাধাৰণ তথ্য

পৰ্যটন

সম্পৰ্কিত শ্ৰেণী

ইউৰোপৰ দেশযুক্তৰাজ্যৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যুক্তৰাজ্য” প্ৰবন্ধৰ সংশোধন ৬৩৩৬৬৯ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।