অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

অষ্ট্ৰেলিয়া

অষ্ট্ৰেলিয়া (Australia; স্থানীয় উচ্চাৰণ আ-ধ্ব-ব-তে /ə.ˈstɹæɪ.ljə/, /ə.ˈstɹæɪ.liː.ə/ বা /ə.ˈstɹæɪ.jə/) এখন দ্বীপ-মহাদেশ। ই এচিয়াৰ দক্ষিণ-পূবত ওচেনিয়া অঞ্চলত অৱস্থিত। অষ্ট্ৰেলিয়াৰ মূল ভূ খণ্ড আৰু দক্ষিণৰ তাছমেনিয়া দ্বীপ লৈ এই কমনৱেল্‌থ অফ অষ্ট্ৰেলিয়া গঠিত হৈছে।

হালনাগাদ: ২ আগষ্ট ২০২৫ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অষ্ট্ৰেলিয়া (Australia; স্থানীয় উচ্চাৰণ আ-ধ্ব-ব-তে /ə.ˈstɹæɪ.ljə/, /ə.ˈstɹæɪ.liː.ə/ বা /ə.ˈstɹæɪ.jə/) এখন দ্বীপ-মহাদেশ। ই এচিয়াৰ দক্ষিণ-পূবত ওচেনিয়া অঞ্চলত অৱস্থিত। অষ্ট্ৰেলিয়াৰ মূল ভূ খণ্ড আৰু দক্ষিণৰ তাছমেনিয়া দ্বীপ লৈ এই কমনৱেল্‌থ অফ অষ্ট্ৰেলিয়া গঠিত হৈছে। দেশখনৰ উত্তৰে টিমুৰ সাগৰ, আৰাফুৰা সাগৰ, আৰু টৰেচ প্ৰণালী; পূবে প্ৰবাল সাগৰ আৰু তাছমান সাগৰ; দক্ষিণে ব্যাস প্ৰণালী আৰু পশ্চিমে ভাৰত মহাসাগৰ। অষ্ট্ৰেলিয়াৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত উত্তৰে পাপুৱা নিউগিনি, ইণ্ডোনেছিয়া আৰু পূৱ টিমুৰ; ছলমন দ্বীপপুঞ্জ আৰু ভানুৱাটু আছে উত্তৰ-পূবত আৰু দক্ষিণ-পূবত নিউজিলেণ্ড অৱস্থিত। দেশখন পূব-পশ্চিমে প্ৰায় ৪০০০ কিমি আৰু উত্তৰ-দক্ষিণে প্ৰায় ৩৭০০ কিমি দৈৰ্ঘ্যৰ। অষ্ট্ৰেলিয়া বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ আৰু ৬ষ্ঠ বৃহত্তম দেশ। অষ্ট্ৰেলিয়াৰ ৰাজধানী কানবেৰা; আনহাতে ছিডনী হৈছে বৃহত্তম চহৰ। এই দুই চহৰ দক্ষিণ-পূব অষ্ট্ৰেলিয়াত অৱস্থিত।

ইতিহাস

অষ্ট্ৰেলিয়াত প্ৰথম বসতি স্থাপন কৰিছিল আদিবাসী জাতিসমূহে। ১৭শ শতিকাৰ আগলৈকে বিশ্বৰ অন্য অঞ্চল সমূহৰ সৈতে দ্বীপটোৰ কোনো পৰিচয় নাছিল। ১৭৮৮ চনত দক্ষিণ-পূব অষ্ট্ৰেলিয়াৰ পোৰ্ট জেকচনত প্ৰথম স্থায়ী উপনিৱেশ প্ৰতিষ্ঠা কৰা হয়; ই আছিল ব্ৰিটিছ কয়দীসকলৰ উপনিৱেশ। ই পৰৱৰ্তীকালত প্ৰসাৰিত হয় আৰু ছিডনী চহৰ ৰূপে পৰিণত হয়। ১৯ শতিকা পৰ্য্যন্ত অষ্ট্ৰেলিয়া এক ব্ৰিটিছ উপনিৱেশ আছিল। ১৯০১ চনত স্বাধীন অষ্ট্ৰেলিয়া গঠিত হয়।

ভূগোল

অষ্ট্ৰেলিয়াৰ মুঠ মাটিকালি প্ৰায় ৭৬,১৭,৯৩০ বৰ্গ কি:মি: আৰু ই ইণ্ডো-অষ্ট্ৰেলিয় প্লেটত অৱস্থিত। আৰাফুৰা আৰু টিমুৰ সাগৰে অষ্ট্ৰেলিয়াক এছিয়াৰ পৰা পৃথক কৰিছে। দেশ খনৰ উত্তৰ-পূব সীমান্তত অৱস্থিত বৃহৎ প্ৰবাল প্ৰাচীৰ বিশ্বৰ বৃহত্তম প্ৰবাল প্ৰাচীৰ। এই প্ৰাচীৰ অষ্ট্ৰেলিয়াৰ উত্তৰ-পূব সীমান্তৰ প্ৰায় ২০১০ কিমি অঞ্চল জুৰি বিস্তৃত। ই দৰাচলতে প্ৰায় ২৫০০ প্ৰাচীৰ আৰু অসংখ্য সৰু সৰু দ্বীপৰ সমষ্টি। কুইন্সলেণ্ডৰ তীৰৰ কাষত অৱস্থিত ফেয়াৰফক্স দ্বীপ গ্ৰেট ব্যাৰিয়াৰ ৰীফৰ অংশ।

অষ্ট্ৰেলিয়া ৬খন অংগৰাজ্য লৈ গঠিত: নিউ চাউথ ৱেল্চ, কুইন্সলেণ্ড, দক্ষিণ অষ্ট্ৰেলিয়া, তাছমেনিয়া, ভিক্টোৰিয়া আৰু পশ্চিম অষ্ট্ৰেলিয়া। ইয়াৰোপৰি আছে দুখন টেৰিটৰী — অষ্ট্ৰেলিয় ৰাজধানী টেৰিটৰী আৰু উত্তৰ টেৰিটৰী। বহি:ভাগৰ নিৰ্ভৰশীল অঞ্চলৰ মাজত আছে আছমোৰ আৰু কাৰ্টিয়াৰ দ্বীপপুঞ্জ, অষ্ট্ৰেলিয় এণ্টাৰ্কটিকা, ক্ৰিছমাছ দ্বীপ, কোকোছ দ্বীপপুঞ্জ, কোৰাল ছি দ্বীপপুঞ্জ, হাৰ্ড দ্বীপ আৰু মেকড'নাল্ড দ্বীপপুঞ্জ, আৰু নৰফ'ক দ্বীপ।

<noinclude>

বহিঃসংযোগ

সম্পৰ্কিত শ্ৰেণী

ওচেনিয়াৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অষ্ট্ৰেলিয়া” প্ৰবন্ধৰ সংশোধন ৫২৯৬১৬ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।