অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চেন্নাই

চেন্নাই (তামিল: சென்னை) বা পূৰ্বৰ (তামিল: மதறாஸ் মাড্ৰাছ‍) দক্ষিণ ভাৰতৰ তামিল নাডু ৰাজ্যৰ ৰাজধানী তথা ভাৰতৰ চতুৰ্থতম বৃহত্তম মেট্ৰ'পলিটান চহৰ। এইখন বঙ্গোপসাগৰৰ কৰমণ্ডল উপকূলত অৱস্থিত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চেন্নাই (তামিল: சென்னை) বা পূৰ্বৰ (তামিল: மதறாஸ் মাড্ৰাছ‍) দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰাজধানী তথা ভাৰতৰ চতুৰ্থতম বৃহত্তম মেট্ৰ'পলিটান চহৰ। এইখন বঙ্গোপসাগৰৰ কৰমণ্ডল উপকূলত অৱস্থিত। ৩৬৮ বছৰ পুৰনি এই চহৰৰ জনসংখ্যা আনুমানিক ৬.৯১ মিলিয়ন (২০০৬)১; জনসংখ্যাৰ দিশৰ পৰা এইখন পৃথিৱীৰ ৩৬তম বৃহত্তম মেট্ৰোপলিটান চহৰ।

চেন্নাই এখন শিল্প আৰু বাণিজ্যৰ এটা ডাঙৰ কেন্দ্ৰ আৰু সাংস্কৃতিক ঐতিহ্য আৰু মন্দিৰ স্থাপত্যৰ বাবে বিখ্যাত। চেন্নাই ভাৰতৰ মটৰগাড়ী উদ্যোগৰ ৰাজধানী। ইয়াত ভাৰতৰ মটৰ গাড়ী উদ্যোগৰ প্ৰায় ৪০% কোম্পানী আছে। ভাৰতত উৎপাদিত গাড়ীৰ এটা প্ৰধান অংশ ইয়াত তৈয়াৰ কৰা হয়। চেন্নাইক দক্ষিণ এছিয়াৰ "ডেট্ৰয়েট" হিচাপেও উল্লেখ কৰা হয়।২

নাম

চেন্নাইৰ পুৰনা নাম মাদ্ৰাজ আছিল য’ৰ উৎপত্তি মাদ্ৰাজপত্তনম শব্দৰ পৰা হৈছিল। ১৬৩৯ চনত ব্ৰিটিশ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা স্থায়ী উপনিবেশ স্থাপনৰ বাবে মাদ্ৰাজপত্তনমক নিৰ্বাচন কৰে। চেন্নাপত্তনম নামে এখন গাওঁ দক্ষিণত অৱস্থিত আছিল। পৰৱৰ্তীসময়ত এই দুই চহৰ একত্ৰিত কৰা হয় আৰু ব্ৰিটিছসকলৰ পছন্দ অনুসৰি মাদ্ৰাজ নামে পৰিচিত হয়। তথাপিও স্থানীয় কিছুলোকে চহৰখনক চেন্নাপত্তনম বা চেন্নাপুৰি হিচাপে উল্লেখ কৰিছিল।

১৯৯৬ চনৰ আগষ্ট মাহত এই চহৰৰ নাম মাদ্ৰাজৰ পৰা পৰিবৰ্তন কৰি চেন্নাই কৰা হয়,৩।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ World Gazetteer: Chennai agglomeration
  2. ↑ Chennai has the 'potential' to become Detroit of South Asia. দ্য হিন্দু
  3. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নগৰ মহানগৰভাৰতৰ ৰাজধানী নগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেন্নাই” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৬৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।