বেংগালুৰু (পূৰ্বে বাংগালোৰ, Bengaluru. ['beŋgəɭuːru]) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ ৰাজধানী। এই চহৰক "ভাৰতৰ চিলিকন ভ্যেলী" বুলি জনা যায়।
ভূগোল
বেংগালুৰু দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পূব দিশত সমুদ্ৰ পৃষ্ঠৰ পৰা ৯০০ মিটাৰ (৩০০০ ফুট) উচ্চতাত অৱস্থিত। ই দাক্ষিণাত্য মালভূমি অঞ্চলৰ অন্তৰ্গত। চহৰখনৰ মাটিকালি প্ৰায় ৭০৯ বৰ্গ কিলোমিটাৰ। ২০১১১ চনৰ লোকপিয়ল অনুসৰি চহৰখনৰ মুঠ জনসংখ্যা প্ৰায় ৮৫ লাখ। জনসংখ্যাৰ হিচাপ অনুসৰি বেংগালুৰু ভাৰতৰ পঞ্চম বৃহৎ মহানগৰ আৰু বিশ্বৰ অষ্টাদশ বৃহৎ চহৰ। বেংগালুৰু ভাৰতৰ তথ্য প্ৰযুক্তিৰ প্ৰধান কেন্দ্ৰ হোৱা বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লোক ইয়ালৈ জীৱিকাৰ বাবে আহে।
অৰ্থনীতি
বেংগালুৰু ভাৰতৰ তথ্য প্ৰযুক্তি শিল্পৰ ৰাজধানী। দেশৰ তথ্য প্ৰযুক্তি শিল্পত বেংগালুৰুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বাবে ই ভাৰতৰ ছিলিকন উপত্যকা নামেৰে পৰিচিত। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইচৰো), ভাৰতীয় তথ্য প্ৰযুক্তিৰ প্ৰতিষ্ঠান ৱিপ্ৰ', ইনফ'চিছৰ দৰে প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় অৱস্থিত। এই চহৰত ২০০০ তকৈও অধিক তথ্য প্ৰযুক্তিৰ প্ৰতিষ্ঠান আছে। কৃষি আৰু উৎপাদন শিল্প থকাৰ উপৰিও তথ্য প্ৰযুক্তিৰ শিল্প হৈছে কৰ্ণাটকৰ অৰ্থনীতিৰ প্ৰধান চালিকা শক্তি। ভাৰতৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্ট, বাংগালোৰ, হিন্দুস্তান এৰ'ন'টিক্স লিমিটেড, ভাৰত ইলেক্ট্ৰ'নিকছ্ আদি বেংগালুৰু চহৰতেই অৱস্থিত।
পৰিবহণ
স্থলপথ
বেংগালুৰু চহৰখনৰ ভিতৰত কেইবাটাও বাছ টাৰ্মিনেল আছে। চহৰখনৰ ভিতৰত বি. এম. টি. চি. ৰ যথেষ্ট সংখ্যক বাছে চলাচল কৰে। এইবোৰৰ ভিতৰত শীত তাপ নিয়ন্ত্ৰীত ভলভোৰ বাছসমূহো অন্যতম। সেইসমূহৰ ভিতৰত কিছু সংখ্যক বিমানবন্দৰৰ পৰাও চহৰখনৰ বিভিন্ন প্ৰান্তলৈ যাতায়ত কৰে।
ৰেলপথ
বেংগালুৰু ভাৰতীয় ৰে’লৰ দক্ষিণ-পশ্চিম ৰে'লৱে মণ্ডলৰ অন্তৰ্গত। ইয়াৰ প্ৰধান ৰেল ষ্টেচন দুটা হৈছে বেংগালুৰু চিটি জংচন আৰু য়ছৱন্তপুৰ জংচন। আনহাতে ক্ষিপ্ৰ ৰেলসেৱা বাংগালোৰ মেট্ৰ' বা নাম্মা মেট্ৰ' চহৰ খনৰ যাতায়তৰ অন্যতম সুব্যৱস্থা।
বিমানপথ
বেংগালুৰুৰ প্ৰধান বিমান বন্দৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চহৰৰ মূলকেন্দ্ৰৰ পৰা প্ৰায় ৪০ কি.মি.দূৰত দেৱেনাহাল্লী নামৰ ঠাইত অৱস্থিত। ২০০৮ চনৰ পৰা এই বিমানবন্দৰ কাৰ্যক্ষম হৈছিল। এই বিমানবন্দৰ ভাৰতৰ তৃতীয় ব্যস্ততম বিমানবন্দৰ। ইয়াৰ পূৰ্বতে চহৰখনৰ পূব দিশত অৱস্থিত হাল (হিন্দুস্তান এৰোন'টিক লিমিটেড) বিমানবন্দৰৰ পৰা বিমান চলাচল কৰিছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেংগালুৰু” প্ৰবন্ধৰ সংশোধন ৪৩৯১৯৩ (১৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।