বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ঢকুৱাখনা নৰ্মাল স্কুল
নৰ্মাল স্কুল ঢকুৱাখনা, ঢকুৱাখনা মহকুমাৰ এখন শিক্ষানুষ্ঠান। চাৰি দশকযুৰি এই প্ৰতিষ্ঠানটোৱে ঢকুৱাখনা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত শিক্ষাৰ সুবিধা প্ৰদান কৰি আহিছে। ঢকুৱাখনা চহৰৰ নিকটতম চাৰিকৰীয়া নদীৰ পাৰত ঢকুৱাখনা নৰ্মাল স্কুল অৱস্থিত।
-
তুলসী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। তুলসী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * তুলসী - এবিধ সুগন্ধী ঔষধি উদ্ভিদ তুলসী বিবাহ - হিন্দুসকলৰ এক পৰম্পৰাগত উৎসৱ তুলসীদাস - এগৰাকী ভাৰতীয় কবি তুলসী দেৱী - এগৰাকী হিন্দু দেৱী তুলসী পূজন দিৱস - প্ৰতি বছৰে ২৫ ডিচেম্বৰত উদযাপন কৰা এক দিৱস তুলসী নাৰায়ণ…
-
তুলা আৰু তেজা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। তুলা আৰু তেজা শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * তুলা আৰু তেজা - লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত বুঢ়ী আইৰ সাধু গ্ৰন্থৰ অন্তৰ্গত একে নামৰ সাধুটোৰ দুটা মুখ্যা নাৰী চৰিত্ৰ তুলা আৰু তেজা (চলচ্চিত্ৰ) - এখন অসমীয়া চলচ্চিত্ৰৰ নাম
-
থাংগল
থাংগল (টাংগল বুলিও কোৱা হয়) দক্ষিণ ভাৰতৰ কেৰালাৰ মুছলমানসকলৰ মাজৰ এটা সামাজিক গোট। থাংগলসকলক প্ৰায়ে বহল ইছলামিক সংস্কৃতিৰ অধিক সাধাৰণ ছয়ীদ বা শ্বৰীফ বা মহম্মদৰ বংশধৰসকলৰ মোটামুটি সমতুল্য বুলি গণ্য কৰা হয়।
-
দশমী
দশমী (Dashami, दशमी) হʼল সংস্কৃত ভাষাৰ এটি শব্দ, আৰু হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ দশম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ দশমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ দশম দিন। দশমী তিথি প্ৰতি মাহৰ দশম আৰু পঞ্চবিংশতম দিনত পৰে।
-
দালাল পথ
দালাল পথ (dalāl path dalāl gallī. Dalal Street)ক মুম্বাইৰ ৱাল ষ্ট্ৰীট বুলিও জনা যায়৷ইয়াক পাছলৈ ভাৰতৰ নিউয়ৰ্ক বুলি অভিহিত কৰা হয়৷ দালাল পথ হৈছে ভাৰতৰ বিত্তীয় বজাৰসমূহৰ metonym, সামগ্ৰিকভাৱে দেশৰ বিত্তীয় সেৱা উদ্যোগ।
-
দেশ অনুসাৰে কয়লা
এই প্ৰৱন্ধত দেশ অনুসাৰে কয়লা খনি আৰু কয়লা উৎপাদনৰ তালিকা দিয়া হৈছে। সকলো তথ্য ব্ৰিটিছ পেট্ৰ'লিয়ামৰ পৰা লোৱা হৈছে। কয়লা খনিৰ তালিকাখনত সকলো ধৰণৰ কয়লাকে ধৰা হৈছে আৰু বিশ্বৰ মুঠ কয়লাখনিৰ ০.১% কয়লা খনি থকা দেশসমূহক অন্তৰ্ভূক্ত কৰা হৈছে।
-
দোৰোলা
দোৰোলা বা দোনা হৈছে কলগছৰ পটুৱাৰে নিৰ্মিত এবিধ দ-পাত্ৰ। কলগছ কাটি গা-গছৰ তৰপবোৰ এৰুৱাই তাৰেই দোৰোলা তৈয়াৰ কৰা হয়। ইয়াত কেৱল কলগছৰ বাহিৰে কোনো ধৰণৰ আন পৰ্দাথৰ প্ৰয়োজন নহয়। সাধাৰণতে অসমীয়া সমাজত সেৱা-সকামত কোমল চাউল দৈ জাতীয় জলপান আৰু ভোজত আঞ্জা খাবলৈ দোৰোলা পাত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়।
-
নাছিৰুদ্দিন বুগৰা খান
নাছিৰুদ্দীন মাহমুদ (বা মহম্মদ) বুগৰা খান (ناصر الدین بغرا خان) বংগৰ প্ৰাদেশিক শাসক (১২৮১–১২৮৭) আৰু পিছলৈ বংগৰ (কাৰ্য্যতঃ লখনৌতি) স্বতন্ত্ৰ চুলতান (১২৮৭–১২৯১) আছিল। তেওঁ দিল্লীৰ চুলতান গিয়াছুদ্দিন বলবনৰ পুত্ৰ। বংগৰ ৰাজ্যপাল হোৱাৰ আগতে তেওঁ পঞ্জাৱৰ সমনা আৰু সুমামৰ ৰাজ্যপাল আছিল।
-
নামতি দ'ল
শিৱসাগৰৰ পৰা ৮ মাইল দক্ষিণে নামতি। এই নামতিতে দুটা দ'ল আছে। এই দ'ল দুটাকে মানুহে নামতি দ'ল বুলি কয়। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত নামতিয়াল ভাগৱতীক খাৰঘৰীয়া ফুকন পদৰ পৰা আনি বৰবৰুৱা পাতে আৰু ৰজাই নিজৰ বায়েক বৰ আইদেউক বৰবৰুৱালৈ বিয়া দিয়ে। এইজনা বৰবৰুৱাই ১৭৭৫ চনত নামতিত দ'ল বন্ধায়।
-
নাৰায়ম
নাৰায়ম (মালায়ালম: നാരായം) (সংস্কৃত: नाराच - সৰু কাঁৰ) বা ezhuthani (মালায়ালম: എഴുത്താണി) হৈছে দক্ষিণ ভাৰত, শ্ৰীলংকা তথা এচিয়াৰ অন্যান্য ওচৰচুবুৰীয়া অঞ্চলত প্ৰাচীন কালৰপৰাসই ব্যৱহৃত এক লেখন সঁজুলি (stylus)।
-
নিকাহ হালালা
নিকাহ হালালা (نکاح حلالہ; তাহলিল বিবাহ নামেৰেও পৰিচিত) এনে এক প্ৰথা য'ত এগৰাকী মহিলাই তিন তালাক লাভ কৰি অন্য এজন পুৰুষক বিয়া কৰাই যৌন সম্পৰ্ক কৰে, শেষত বিবাহ সমাপ্ত কৰি পূৰ্বৰ স্বামীক পুনৰ বিয়া কৰায়।
-
নীলকান্ত চোলাধৰা ফুকন
নীলকান্ত চোলাধৰা ফুকন আহোম ৰাজবিষয়া আছিল৷ তেওঁ অসম ১৮৫৭ চনত হোৱা বৃটিছ বিৰোধী আন্দোলনত মণিৰাম দেৱানক সহযোগ কৰিছিল আৰু ইয়াৰ বাবে কাৰাবৰণ কৰিবলগীয়া হৈছিল৷ ইংৰাজ চৰকাৰে তেওঁক দোষী সাব্যস্ত কৰি ১৪ বছৰৰ বাবে কলিয়াপানীলৈ নিৰ্বাসন দিছিল৷
-
নীলাচল উৰণ সেতু
নীলাচল উৰণ সেতু বা মালিগাঁও উৰণ সেতু হৈছে অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উৰণ সেতু। এই উৰণ সেতুৰ দৈৰ্ঘ্য হৈছে ২.৬ কিঃমিঃ যি গুৱাহাটীৰ মালিগাঁও চাৰিআলি আৰু কামাখ্যা গেটৰ মাজত সংযোগ স্থাপন কৰে। এই উৰণ সেতুৰ পৰা পাণ্ডুঘাট ফিডাৰ পথলৈও ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এক বৰ্দ্ধিত অংশৰ নিৰ্মাণ কৰা হৈছে।
-
নীৰজা মাধৱ
নীৰজা মাধৱ: Neerja Madhav; উত্তৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় লেখিকা, তেওঁ হিন্দী ভাষাত লিখে। মাধৱে ২০২২ চনত ২০২১ চনৰ নাৰী শক্তি পুৰাস্কাৰ লাভ কৰে।
-
নীৰ্লেপ কৌৰ
নিৰ্লেপ কৌৰ (Nirlep Kaur, ১৯২৭–১৯৮৭) পঞ্জাৱ, ভাৰতৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ চতুৰ্থ লোকসভাত ছাংৰুৰক প্ৰতিনিধিত্ব কৰিছিল।
-
নেচনেল জিঅ'গ্ৰাফিক (ভাৰতীয় টিভি চেনেল)
নেচনেল জিঅ'গ্ৰাফিক(National Geographic, (নেট জিঅ বুলিও কোৱা হয়) এটা ভাৰতীয় টেলিভিছন চেনেল য'ত অ-কল্পকাহিনী, প্ৰকৃতি, বিজ্ঞান, সংস্কৃতি, আৰু ইতিহাস আদি বিভিন্ন বিষয়ৰ অনুষ্ঠান নেচনেল জিঅ'গ্ৰাফিক ছ'চাইটি দ্বাৰা প্ৰস্তুত কৰা হয় আৰু এই চেনেলত সম্প্ৰচাৰিত কৰা হয়।
-
নৰকাসুৰ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
নৰকাসুৰ নামটোৱে তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে: নৰকাসুৰ ৰজা, অসমৰ ইতিহাসৰ কিংবদন্তি ৰজা নৰকাসুৰ পাহাৰ, গুৱাহাটীত অৱস্থিত এখন পাহাৰ নৰকাসুৰ (নাট), অতুলচন্দ্ৰ হাজৰিকাই ৰচনা কৰা এখন পৌৰাণিক নাট নৰকাসুৰ (চলচ্চিত্ৰ), নিপ বৰুৱা পৰিচালিত ১৯৬২ চনত মুক্তি পোৱা অসমীয়া চলচ্চিত্ৰ
-
নৰনাৰায়ণ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
নৰনাৰায়ণ য়ে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: * নৰনাৰায়ণ, অবিভক্ত কোঁচ সাম্ৰাজ্য কমতাৰ অন্তিম ৰজা। নৰনাৰায়ণ সেতু, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা এখন দলং। নৰনাৰায়ণ ভগৱান বিষ্ণুৰ এটা ৰূপ।
-
পতিত বতাহ
পতিত বতাহ একপ্ৰকাৰৰ তললৈ বৈ যোৱা বতাহ। কাটাবাটিক বতাহৰ দৰে ইয়াকো উচ্চ, উচ্চ ঘনত্বৰ (সাধাৰণতে ঠাণ্ডা) বায়ুৰ ভৰৰ প্ৰৱাহৰ ফলত কম ঘনত্বৰ (উষ্ণ) বায়ুৰ ভৰলৈ পৰিচালিত হয়, কিন্তু পতিত বতাহ শব্দটো এনে ক্ষেত্ৰত সীমাবদ্ধ কৰা হয় য'ত ঠাণ্ডা বায়ুৰ ভৰ ঢালৰ বিকিৰণীয় শীতলতাৰ বাবে নহয়, বৰঞ্চ ঢালৰ ওপৰত ঘন…
-
পদযাত্ৰা
পদযাত্ৰা (पादयात्रा) হৈছে ৰাজনীতিবিদ আৰু প্ৰখ্যাত নাগৰিকৰ উদ্যোগত পৰিচালিত হোৱা এটা যাত্ৰা, যাৰ জৰিয়তে সমাজৰ বিভিন্ন অংশত বাস কৰা লোকসকলৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিব পাৰি৷ পদযাত্ৰাৰ জৰিয়তে নাগৰিকক সমস্যা একোটাৰ সম্বন্ধে বিস্তৃত ৰূপত জ্ঞান দিব পাৰি আৰু সেই সমস্যাটোৰ সমাধানসূত্ৰ বিচাৰি উলিওৱাত…
-
পদ্ম ইয়াংচান
পদ্ম ইয়াংচান: Padma Yangchan;লাডাখৰ এগৰাকী ভাৰতীয় উদ্যোগী। ফেশ্বন ডিজাইনাৰ হিচাপে প্ৰশিক্ষণ লৈছিল ৷ নামজা কৌট্যুৰ আৰু নামজা ডাইনিঙৰ স্বত্বাধিকাৰী আৰু লাডাখৰ থলুৱা শিল্প আৰু শিল্পকলাৰ লগতে খাদ্যৰ ক্ষেত্ৰতো পুনৰুজ্জীৱিত কৰাৰ বাবে পৰিচিত। তেওঁৰ সাফল্যৰ স্বীকৃতি স্বৰূপে নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছে।
-
পদ্মাৱতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। পদ্মাৱতী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: ধৰ্ম আৰু সাহিত্য পদ্মাৱতী, দক্ষিণ ভাৰতত পূজ্য হিন্দু দেৱী লক্ষ্মী, হিন্দু ধৰ্মৰ সৌভাগ্যৰ দেৱী পদ্মাৱতী (জৈন ধৰ্ম), জৈন ধৰ্মৰ শাসনৰ দেৱী ৰাণী পদ্মিনী, তেৰ-চৈধ্য শতিকাৰ মেৱাৰৰ এগৰাকী কিংবদন্তি ৰাণী পদ্মাৱত, চুফী…
-
পাল্পা দৰবাৰ
টানচেন দৰবাৰ বা পাল্পাা দৰবাৰ এণ্ড মিউজিয়াম নামেৰেও জনাজাত টানচেন দৰবাৰ এটা ঐতিহাসিক ৰাজপ্ৰাসাদ আৰু সংগ্ৰহালয়। ১৯২৭ চনত প্ৰতাপ শমশ্বেৰ জং বাহাদূৰ ৰাণাই ইয়াক নিৰ্মাণ কৰিছিল। নেপালৰ টানচেন চহৰৰ এটা ভৱিষ্যৎ প্ৰাসাদ দৰবাৰ। নেপালৰ ৰাণা শাসনৰ সময়ত ই ৰাণা ৰাজ্যপালসকলৰ আসন আছিল।
-
পাস্কেলৰ ত্ৰিভুজ
পাস্কেলৰ ত্ৰিভুজ হ’ল এটা গাণিতিক ত্ৰিভুজ। এই ত্ৰিভুজটো এজন ফ্ৰান্সদেশৰ গণিতজ্ঞ ব্লেইজ পাস্কেলৰ নামেৰে নামাকৰণ কৰা হৈছে। এই ত্ৰিভুজৰ সহায়ত কিছুমান গণিতীয় সমাধান কৰিব পাৰি।
-
পাৰ্থেনিয়াম
পাৰ্থেনিয়াম উত্তৰ আমেৰিকাৰ এবিধ থলুৱা বাৰ্ষিক, দ্বিবাৰ্ষিক, বহুবৰ্ষজীৱী, হেলিয়ান্থী(Heliantheae) গোত্ৰৰ এষ্টাৰেছী(Asteraceae) জাতিৰ এষ্টাৰোডী(Asteroideae) উপজাতিৰ জোপোহা উদ্ভিদ৷ পাৰ্থেনিয়াম নামটো গ্ৰীক শব্দ parthenionৰ পৰা আহিছে৷ শব্দটো সম্ভৱতঃ গ্ৰীক শব্দ parthenosৰ পৰা উদ্ভূত, যাৰ অৰ্থ…
-
পুছলান
পুছলান দক্ষিণ ভাৰতৰ কেৰালাৰ মুছলমানসকলৰ এটা সম্প্ৰদায়ৰ সামাজিক গোট। তেওঁলোক আছিল মধ্য মালাবাৰ উপকূলৰ (উত্তৰ কেৰালা) পৰম্পৰাগত সাগৰীয় মাছমৰীয়া। আন মাপিলাসকলে তেওঁলোকক "কদপ্পুৰাট্টুকাৰ" বুলি কয়, আনহাতে নিজকে "অংগদিক্কাৰ" বুলি জনা গৈছিল।
-
পেটেন্ট
REDIRECT পেটেণ্ট
-
পেৰানৰ্মেল
পাৰানৰ্মেল পৰিঘটনা জন সংস্কৃতি, লোককথা, আৰু আন আন অবিজ্ঞানসন্মত বিষয়ৰ যাৰ এই বিষয়বস্তুৰ ভিতৰত থকা অৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হয়। পাৰানৰ্মলৰ বিষয়ে প্ৰস্তাৱ সমূহ বৈজ্ঞানিক প্ৰমাণৰ পৰা বিভিন্ন। কাৰণ বৈজ্ঞানিক পৰিবেক্ষণ পৰীক্ষামুলক অভিজ্ঞতাপূৰ্ণ তথ্য।
-
পোৰামাটিৰ সৈন্যবাহিনী -
REDIRECT পোৰামাটিৰ সৈন্যবাহিনী