নীলাচল উৰণ সেতু বা মালিগাঁও উৰণ সেতু হৈছে অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উৰণ সেতু। এই উৰণ সেতুৰ দৈৰ্ঘ্য হৈছে ২.৬ কিঃমিঃ যি গুৱাহাটীৰ মালিগাঁও চাৰিআলি আৰু কামাখ্যা গেটৰ মাজত সংযোগ স্থাপন কৰে। এই উৰণ সেতুৰ পৰা পাণ্ডুঘাট ফিডাৰ পথলৈও ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এক বৰ্দ্ধিত অংশৰ নিৰ্মাণ কৰা হৈছে। ২০২৩ চনৰ ৩০ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই উৰণ সেতুৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।১
ইতিহাস
অসমৰ ৰাজধানী গুৱাহাটীক ‘দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ’লৈ ৰূপান্তৰিত কৰাৰ দৃষ্টিত ২০২০ চনৰ ১১ অক্টোবৰত অসমৰ প্রাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মালিগাঁও উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে। এই উৰণ সেতুৰ নিৰ্মাণ ৪২০.৭৫ কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ কৰা হৈছে।২
তথ্যসূত্ৰ
- ↑ Bharat, E. T. V. (2023-08-30). Maligaon Flyover: মালিগাঁৱৰ নীলাচল উৰণ সেতুখন নিৰ্মাণত যথেষ্ট প্ৰত্যাহ্বান আছিল; মুখ্যমন্ত্ৰী. ETV Bharat News
- ↑ (2023-08-30). ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু ‘নীলাচল’ ৰাইজৰ সেৱাত উৎসৰ্গা মুখ্যমন্ত্ৰীৰ - NKTV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলাচল উৰণ সেতু” প্ৰবন্ধৰ সংশোধন ৫৮৬৬৭১ (১০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।