অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ঢকুৱাখনা নৰ্মাল স্কুল

নৰ্মাল স্কুল ঢকুৱাখনা, ঢকুৱাখনা মহকুমাৰ এখন শিক্ষানুষ্ঠান। চাৰি দশকযুৰি এই প্ৰতিষ্ঠানটোৱে ঢকুৱাখনা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত শিক্ষাৰ সুবিধা প্ৰদান কৰি আহিছে। ঢকুৱাখনা চহৰৰ নিকটতম চাৰিকৰীয়া নদীৰ পাৰত ঢকুৱাখনা নৰ্মাল স্কুল অৱস্থিত।

হালনাগাদ: ১৪ নৱেম্বৰ ২০২৪ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

নৰ্মাল স্কুল ঢকুৱাখনা, ঢকুৱাখনা মহকুমাৰ এখন শিক্ষানুষ্ঠান। চাৰি দশকযুৰি এই প্ৰতিষ্ঠানটোৱে ঢকুৱাখনা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত শিক্ষাৰ সুবিধা প্ৰদান কৰি আহিছে। ঢকুৱাখনা চহৰৰ নিকটতম চাৰিকৰীয়া নদীৰ পাৰত ঢকুৱাখনা নৰ্মাল স্কুল অৱস্থিত। বিদ্যালয়খনৰ সন্মুখত এখন ৰাজহুৱা খেলপথাৰ আছে, যাক নৰ্মাল স্কুল খেলপথাৰ বুলিও কোৱা হয়।

বিৱৰণ

নৰ্মাল স্কুল ঢকুৱাখনা, লখিমপুৰৰ লগতে সমগ্ৰ অসমৰ শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণ ক্ষেত্ৰ। বহু শিক্ষক প্ৰশিক্ষাৰ্থীয়ে এই বিদ্যালয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ বিভিন্ন অঞ্চলৰ প্ৰাথমিক তথা মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি আছে।

]

শেহতীয়া বছৰবোৰত বিশেষকৈ ২০১৮ আৰু ২০১৯ চনত শিক্ষকতাৰ পদৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণ বাধ্যতামূলক কৰি দিয়াৰ ফলত হাজাৰ হাজাৰ প্ৰশিক্ষাৰ্থীয়ে এই বিদ্যালয়ত নামভৰ্তি কৰা দেখা গৈছিল। বৰ্তমান অসম ৰাজ্যিক শিক্ষা গৱেষণা প্ৰতিষ্ঠানৰ অন্তৰ্গত নৰ্মাল স্কুল ঢকুৱাখনাত ডি.এল.এড কাৰ্যসূচীত ১০০জন প্ৰশিক্ষাৰ্থীয়ে নামভৰ্তি কৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এই ডিপ্লমাৰ সময়সীমা দুবছৰ। মুঠ চাৰিটা ছেমিষ্টাৰ। D.El.Ed পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে অনুষ্ঠিত কৰা PET পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয়।১

তথ্যসূত্ৰ

  1. ↑ careerassam.website/dhakuakhana-normal-school/ asomjob.in/{{Dead link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }}

সম্পৰ্কিত শ্ৰেণী

অসমৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢকুৱাখনা নৰ্মাল স্কুল” প্ৰবন্ধৰ সংশোধন ৪৪৪৭১৮ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।