পাৰ্থেনিয়াম উত্তৰ আমেৰিকাৰ এবিধ থলুৱা বাৰ্ষিক, দ্বিবাৰ্ষিক, বহুবৰ্ষজীৱী, হেলিয়ান্থী(Heliantheae) গোত্ৰৰ এষ্টাৰেছী(Asteraceae) জাতিৰ এষ্টাৰোডী(Asteroideae) উপজাতিৰ জোপোহা উদ্ভিদ৷১ পাৰ্থেনিয়াম নামটো গ্ৰীক শব্দ parthenionৰ পৰা আহিছে৷২৩৪ শব্দটো সম্ভৱতঃ গ্ৰীক শব্দ parthenosৰ পৰা উদ্ভূত, যাৰ অৰ্থ “কুমাৰী’’৷
প্ৰজাতি
পাৰ্থেনিয়ামৰ কেইবাটিও প্ৰজাতি আছে৷ সেইবোৰ হ’ল:৫
- পাৰ্থেনিয়াম আলপিনাম (Parthenium alpinum)
- পাৰ্থেনিয়াম আৰ্গেনটাটাম (Parthenium argentatum)
- পাৰ্থেনিয়াম চিনেৰেছিয়াম(Parthenium cineraceum)
- পাৰ্থেনিয়াম কনফেৰটাম (Parthenium confertum)
- পাৰ্থেনিয়াম ফ্ৰুটিক’ছাম (Parthenium fruticosum)
- পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ (Parthenium hysterophorus)
- পাৰ্থেনিয়াম ইনকেনাম (Parthenium incanum)
- পাৰ্থেনিয়াম ইন্টেগ্ৰিফ’লিয়াম (Parthenium integrifolium)
- পাৰ্থেনিয়াম লিগুলেটাম (Parthenium ligulatum)
- পাৰ্থেনিয়াম ৰ’লিনছিয়ানাম (Parthenium rollinsianum)
- পাৰ্থেনিয়াম স্ক’টি (Parthenium schottii)
- পাৰ্থেনিয়াম ট’মেণ্ট’ছাম (Parthenium tomentosum)
এই উপজাতিবোৰৰ ভিতৰত আটাইতকৈ বিষাক্ত প্ৰজাতিটো হৈছে পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ
গুৰুত্ব
উত্তৰ আমেৰিকাত জিকাৰিলা আপাচি জাতিৰ লোকসকলে ঔষধৰ বাবে পাৰ্থেনিয়াম ইনকানাম ব্যৱহাৰ কৰিছিল। গুয়ায়ুল (P. argentatum)ৰ ৰস প্ৰাকৃতিক ৰবৰৰ উৎস। .৬ ভাৰত, অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ কিছু অংশত পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ এবিধ সাধাৰণ আক্ৰমণাত্মক প্ৰজাতি। ইয়াৰ পৰাগ ৰেণুই এলাৰ্জীৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ আঠা অতি বিষাক্ত।
চিত্ৰ
তথ্যসূত্ৰ
- ↑ Linnaeus, Carl von. 1753. Species Plantarum 2: 988 in Latin
- ↑ Liddell, Henry George; Scott, Robert. (1940). A Greek-English Lexicon. Clarendon Press
- ↑ Dioscorides, Pedanius. (2000). Materia Medica. Ibidis Press. পৃ. 556
- ↑ Dioscorides, Pedanius. (1829). De Materia Medica. পৃ. 484
- ↑ Flann, C (ed) 2009+ Global Compositae Checklist
- ↑ Ray, Dennis T. (1993). Guayule: A source of natural rubber. New crops. Wiley. পৃ. 338–343
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্থেনিয়াম” প্ৰবন্ধৰ সংশোধন ৩৯৬২৬৮ (১০ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।