অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

নাছিৰুদ্দিন বুগৰা খান

নাছিৰুদ্দীন মাহমুদ (বা মহম্মদ) বুগৰা খান (ناصر الدین بغرا خان) বংগৰ প্ৰাদেশিক শাসক (১২৮১–১২৮৭) আৰু পিছলৈ বংগৰ (কাৰ্য্যতঃ লখনৌতি) স্বতন্ত্ৰ চুলতান (১২৮৭–১২৯১) আছিল। তেওঁ দিল্লীৰ চুলতান গিয়াছুদ্দিন বলবনৰ পুত্ৰ। বংগৰ ৰাজ্যপাল হোৱাৰ আগতে তেওঁ পঞ্জাৱৰ সমনা আৰু সুমামৰ ৰাজ্যপাল আছিল।

হালনাগাদ: ৫ জানুৱাৰী ২০২৪ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নাছিৰুদ্দীন মাহমুদ (বা মহম্মদ) বুগৰা খান (ناصر الدین بغرا خان) বংগৰ প্ৰাদেশিক শাসক (১২৮১–১২৮৭) আৰু পিছলৈ বংগৰ (কাৰ্য্যতঃ লখনৌতি) স্বতন্ত্ৰ চুলতান (১২৮৭–১২৯১) আছিল। তেওঁ দিল্লীৰ চুলতান গিয়াছুদ্দিন বলবনৰ পুত্ৰ। বংগৰ ৰাজ্যপাল হোৱাৰ আগতে তেওঁ পঞ্জাৱৰ সমনা আৰু সুমামৰ ৰাজ্যপাল আছিল। বাংলাদেশৰ বগুড়া জিলাৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।১

ইতিহাস

মংগোল আক্ৰমণৰ প্ৰতিৰোধ

বুগৰা খানৰ পিতৃ আরু দিল্লীৰ মামলুক চুলতান গিয়াছুদ্দিন বলবনৰ ৰাজত্বকালত (১২৬৬–১২৮৭ খ্ৰীষ্টাব্দ) মঙ্গোল যোদ্ধাসকলে ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম সীমান্তত নিৰন্তৰ আক্ৰমণ অব্যাহত ৰাখিছিল। এই সময়ত চুলতান বলবানে তেওঁৰ দুই পুত্ৰ যুৱৰাজ মুহাম্মদ আৰু নাছিৰুদ্দিন বুগৰা খানৰ সৈতে মংগোল আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পঞ্জাৱত অৱস্থান গ্ৰহণ কৰে। যুৱৰাজ মহম্মদ আৰু বুগৰা খানৰ ওপৰত সীমান্ত পহৰা দিয়াৰ মূল দায়িত্ব আছিল, কিন্তু চুলতানে তেওঁলোকৰ নিয়মীয়া কৈ তত্বাৱধান কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ বগুড়া জেলা পৰিষদ. (২০২৩-০৪-০৬). (বগুড়া) জেলাৰ পটভূমি. www.bogra.gov.bd

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাছিৰুদ্দিন বুগৰা খান” প্ৰবন্ধৰ সংশোধন ৪০০৭৯৮ (৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।